এইবাৰ সৌৰ জগতৰ সৃষ্টিৰ ৰহস্যৰ ভেদ ভঙাৰ প্ৰস্তুতি নাছাৰ 

Jyoti Borah August 24, 2023

ডিজিটেল ডেস্কঃ   আমাৰ সৌৰ জগতত ৮টা গ্ৰহৰ উপৰি মজুত আছে কেই বা লাখ গ্রহাণু। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্রকাশ কৰা অনুসৰি এতিয়ালৈকে প্ৰায় ৭ লাখ ৩০ হাজাৰ গ্ৰহাণু আৱিষ্কাৰ কৰা হৈছে। ইয়াৰে ১৬ হাজাৰ পৃথিৱীৰ চৌপাশে মজুত আছে। এই ১৬ হাজাৰ গ্ৰহাণুৰ ভিতৰত নাছাই পৃথিৱীৰ কাৰণে বিপজ্জনকৰূপে চিনাক্ত কৰিছে ১৭৮৪টা। এই গ্রহণুবোৰে নিজৰ গতি পথ সলনি কৰাৰ আশংকা আছে। সেইটো হ'লে পৃথিৱীত খুন্দা মাৰি ধ্বংসলীলাৰ সৃষ্টি কৰিব পাৰে।


          নাছাই এই গ্রহাণুবোৰক লৈ কৰা অধ্যয়ন অব্যাহত ৰাখিছে। মহাকাশগৱেষণা সংস্থাটোৰ মতে, গ্রহাণুবোৰ সৃষ্টি হৈছে আমাৰ সমগ্ৰ সৌৰ জগত সৃষ্টি হোৱা বস্তুৰে। ৪৬০ কোটি বছৰ আগতে উৎপত্তি হোৱা এই গ্ৰহাণুবোৰে । কেতিয়াবা পৃথিৱীৰ একেবাৰে কাষ চাপি আৰু তেতিয়াই ই পৃথিৱীক খুন্দা মৰাৰ আশংকাৰো সৃষ্টি হয়। এটা কথা ঠিক যে গ্ৰহাণুবোৰে পৃথিৱীৰ কাষ চাপিলেও সদায় বিপজ্জনক নহয়। কিন্তু ইয়াত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। যদিহে কোনো এটা গ্ৰহাণু পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে নিজৰ ফালে টানে তেতিয়া ভয়ংকৰ ধ্বংসলীলাৰ সৃষ্টি হোৱাৰ আশংকা থাকে। 


     আজি পৃথিৱীৰ কাষেৰে ২০২৩ কিউ এফ, ২০২৩ কিউ ডব্লিউ নামৰ দুটা ক্ষুদ্ৰগ্ৰহ পাৰ হৈ যায়। এই গ্রহাণু দুটাক লৈ নাছাই সতর্ক বাণী জাৰি কৰিলেও পৃথিৱীক খুন্দিওৱাৰ আশংকা একেবাৰে কম। গ্ৰহাণুবোৰে সৌৰ জগতৰ সৃষ্টিৰ প্ৰসংগত গুৰুত্বপূৰ্ণ তথ্যৰ যোগান ধৰিব পাৰে। সেই কাৰণে এই গ্ৰহাণুবোৰৰ ভৌতিক আৰু ৰাসায়নিক গুণবোৰৰ বিষয়ে গভীৰভাৱে জনাৰ চেষ্টা কৰি আছে।
 

Share This