মঙল গ্ৰহৰ পৰা ৰকেট উৎক্ষেপণৰ প্ৰস্তুতি নাছাৰ

Jyoti Borah August 21, 2023

ডিজিটেল ডেস্কঃ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰথমবাৰৰ কাৰণে আন গ্ৰহৰ পৰা ৰকেট উৎক্ষেপণ কৰাৰ প্ৰস্তুতি চলাইছে। নাছাই মাৰ্ছ ছেম্পল ৰিটাৰ্ন অভিযানৰ অন্তৰ্গত মার্চ এছেন্ট ভেহিকল (এম এ ভি) মঙল গ্ৰহৰ পৰা উৎক্ষেপণ কৰিব। এই যানখনে মঙল গ্রহত সংগ্ৰহ কৰা নমুনা পৃথিৱীলৈ অনাত সহায় কৰিব। নাছাৰ এম এ ভি দলটোৱে ছলিড ৰকেট মটৰৰ প্ৰথম আৰু দ্বিতীয়টো পৰীক্ষা কৰিছে। দুয়োটা পৰীক্ষা সফলো হৈছে। নাছাৰ মাৰ্শ্বাল স্পেচ চেণ্টাৰৰ তত্ত্বাৱধানত এই অভিযানৰ কাম চলি আছে। এম এ ভিত ২০২৮ চনত উৎক্ষেপণ কৰাৰ সম্ভাৱনা আছে। আনহাতে মঙল গ্ৰহৰ পৰা নমুনা ২০৩০ চনত পৃথিৱীত পোৱাৰ সম্ভাৱনা আছে। এই নমুনাসমূহ সম্প্ৰতি নাছাৰ পাৰ্ছিভেৰেন্স ৰ'ভাৰে সংগ্ৰহ কৰি আছে। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে কোনো এটা গ্ৰহৰ পৰা পৃথিৱীলৈ নমুনা অনা হ'ব । এই নমুনাসমূহ পৰীক্ষা কৰাৰ সময়ত গ্ৰহটোত জীৱ থকাৰ সম্ভাৱনাৰ বিষয়টোত অধিক গুৰুত্ব দিয়া হ'ব। ইয়াৰ লগতে ভৱিষ্যতে গ্ৰহটো মানুহৰ বসবাসৰ কাৰণে উপযোগী হ'ব নে নহয়, সেই বিষয়টোও পৰীক্ষা কৰি চোৱা হ'ব। মঙল গ্ৰহৰ পৰা নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ অনাৰ এই অভিযানটোৰ ডিজাইন, সা-সঁজুলিৰ সৈতে জড়িত সকলো পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু পৰীক্ষা সফলো হৈছে। ইয়াক পৃথিৱীৰ পৰা চেম্পল ৰিট্ৰিভেল লেণ্ডাৰৰ জৰিয়তে উৎক্ষেপণ কৰা হ'ব। মঙল গ্ৰহ পাবলৈ যানখনৰ প্রায় দুবছৰৰ প্ৰয়োজন হ'ব। ইয়াৰ পাছৰ এবছৰ পাৰ্ছিভেন্সাৰৰ পৰা নমুনা সংগ্ৰহ কৰিব। পাৰ্ছিভেন্সাৰ ৰভাৰৰ পৰা নমুনা সংগ্ৰহ কৰাৰ পাছত এম এ ভিক মঙল গ্ৰহৰ পৰা উৎক্ষেপণ কৰা হ'ব । পাছত মঙল গ্ৰহৰ কক্ষপথত উপনীত হোৱাৰ পাছত নমুনা থকা কণ্টেইনাৰ আৰ্থ ৰিটাৰ্ন অর্বিটাৰক দিব। অর্বিটাৰে এই নমুনা পৃথিৱীলৈ লৈ আহিব। উল্লেখযোগ্য যে নাছাই পাৰ্ছিভেন্সাৰ ৰভাৰক ২০১১ চনৰ ১৮-১৯ ফেব্ৰুৱাৰীত মঙল গ্ৰহলৈ প্ৰেৰণ কৰিছিল। এই যানখন প্ৰেৰণৰ উদ্দেশ্য আছিল গ্ৰহটোত পানী আৰু জীৱৰ সন্ধান কৰা। যানখনে এতিয়াও গ্ৰহটোত ইয়াৰ সন্ধান কৰি থকাৰ লগতে মঙল গ্ৰহৰ পৰা ফটো প্ৰেৰণ কৰি আছে।

Share This