চন্দ্ৰত অক্সিজেনৰ যোগাৰ কৰিব নাছাই

Jyoti Borah November 13, 2023

 ডিজিটেল ডেস্কঃ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ আৰ্টেমিছ কাৰ্যসূচীৰ অধীনত চন্দ্ৰলৈ যাব লগা মহাকাশ যাত্ৰীসকলৰ কাৰণে অক্সিজেনৰ যোগাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

এই অভিযানৰ অধীনত চন্দ্ৰলৈ যাব লগা মহাকাশ যাত্ৰীসকলৰ বাবে পৃথিৱীৰ পৰা অক্সিজেন লৈ যোৱাৰ পৰিৱৰ্তে তাত থকা সম্পদৰ পৰা অক্সিজেন উৎপাদন কৰাত গুৰুত্ব আৰোপ কৰিছে৷ চন্দ্ৰলৈ যোৱা মহাকাশ যাত্ৰীয়ে তাৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ এই ধাৰণাটোক ইন-ছিটু ৰিছাৰ্চ ইউটিলাইজেশ্যন বা [ইছ্‌ৰ’] বুলি কোৱা হৈছে৷ চন্দ্ৰত মানুহ স্থায়ীভাৱে বাস কৰাৰ বাবে প্ৰয়োজন হোৱা সম্পদৰ যোগাৰ কৰাত সহায় কৰাৰ কাৰণে নাছাৰ মহাকাশ প্ৰযুক্তি অভিযান সঞ্চালকালয়ে [এছ টি এম ডি] উপগ্ৰহটোৰ ধূলিৰ পৰা অক্সিজেন প্ৰস্তুত কৰাৰ কৌশলৰ সম্পৰ্কত তথ্য বিচাৰিছে৷ ইয়াৰ জৰিয়তে এই অভিযানৰ সৈতে জড়িত হৈ থকা উদ্যোগ আৰু নাছাৰ গৱেষকসকলে ভৱিষ্যতে চন্দ্ৰৰ ধূলিৰ পৰা মানুহে উশাহ ল’ব পৰা অক্সিজেন উৎপাদন, সংগ্ৰহ তথা সংৰক্ষণ কৰাত সহায় কৰিব পৰাকৈ তথ্যৰ যোগান ধৰিব৷

 

নাছাৰ এছ টি এম ডিৰ কাৰ্যবাহী সহযোগী প্ৰশাসক প্ৰসূন দেশাইৰ মতে, পৃথিৱীৰ পৰা সুদূৰত অহৰহ মানুহৰ উপস্থিতিক সম্ভৱ কৰি তুলিবলৈ হ’লে ইন-ছিটু সম্পদৰ ব্যৱহাৰ কৰাটো আৱশ্যকীয়৷ যিদৰে মানুহ পৃথিৱীত থকাৰ কাৰণে আৰু কাম কৰাৰ কাৰণে উপভোগ্য সামগ্ৰী তথা আন্তঃগাঁথনিৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে চন্দ্ৰতো মানুহ স্থায়ীভাৱে বাস কৰিবলৈ ৰবটিক প্ৰণালীসমূহ সক্ৰিয় কৰি ৰাখিবলৈ হ’লে তেনে ধৰণৰ সা-সুবিধাৰ প্ৰয়োজন হয়৷  চন্দ্ৰৰ ধূলি ব্যৱহাৰ কৰি অক্সিজেন উৎপাদন কৰাৰ ক্ষেত্ৰত মঙল গ্ৰহত মাৰ্চ ৰ’ভাৰৰ মক্সি পৰীক্ষাৰ উদাহৰণ দিয়া হৈছে৷ মক্সিৰ জৰিয়তে নাছাৰ পাৰ্ছিভৰেন্স ৰ’ভাৰে মঙল গ্ৰহৰ বায়ুমণ্ডলত থকা কাৰ্বন-ডাই-অক্সাইডৰ পৰা মানুহে উশাহ ল’ব পৰা বিশুদ্ধ অক্সিজেন প্ৰস্তুত কৰিছিলি৷ নাছাৰ মতে, এনে ধৰণৰ প্ৰযুক্তি কৌশলে ভৱিষ্যতে মহাকাশচাৰীক বহুখিনি সহায় কৰিব৷ ইয়াৰ সহায়ত আৰ্টেমিছ অভিযানত যোৱা মহাকাশচাৰীয়ে দীৰ্ঘদিন অনায়াসে চন্দ্ৰত থাকিব পাৰিব৷ ইয়াৰ লগতে মহাকাশচাৰীয়ে পৃথিৱীৰ অক্সিজেন কঢ়িয়াই নিয়াৰ বোজা হ্ৰাস কৰিব পাৰিব৷ 

Share This