ডিজিটেল ডেস্কঃ দেশজুৰি আজি ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে দেশে এই মুহূৰ্তত ১৯৯৮ চনৰ পোখৰানৰ পাৰমাণবিক অস্ত্ৰৰ সফল পৰীক্ষণৰ লগত জড়িত বিজ্ঞানীসকলক স্মৰণ কৰিছে।
তেওঁ কয় যে নতুন প্রযুক্তিৰ বিকাশেৰে দেশবাসীৰ জীৱন যাপন প্ৰণালীৰ যোগাত্মক পৰিৱৰ্তন সাধন কৰা বিজ্ঞানী, অভিযন্তা আৰু প্ৰযুক্তিবিদসকলক দেশে অভিন্দন জনাইছে। ভাৰতৰ ইতিহাসত এই ঘটনা স্মৰণীয় বুলিও সিঙে উল্লেখ কৰে।
উল্লেখযোগ্য যে ভাৰতে ১৯৯৮ চনৰ আজিৰ দিনটোতে ৰাজ্যখনৰ পোখৰানত পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল। এই দিনটোত ভাৰতৰ প্ৰথম থলুৱা বিমান হংসা খ্ৰীৰ উৎক্ষেপণৰ ক্ষেত্ৰত বৈজ্ঞানিক অভিযন্তা আৰু উদ্ভাৱকসকলৰ অৱদান আৰু বিশ্বৰ ষষ্ঠটো পাৰমাণৱিক পৰীক্ষণৰ কথা স্মৰণ কৰা হয়।