৫,৪৪০টা কেন্দ্রত ২২ লাখ প্রার্থী অৱতীৰ্ণ, নীট: দিল্লী বিমান বন্দৰত ৪৫ মিনিট অপেক্ষা প্ৰধানমন্ত্ৰীৰ

dainik janambhumi June 22, 2026

ডিজিটেল ডেস্ক : সমগ্ৰ দেশৰ ৫ সহস্রাধিক কেন্দ্ৰত কালি পুনৰ নীট-ইউ জি অনুষ্ঠিত হয়। কঠোৰ নিৰাপত্তা তথা নিৰীক্ষণৰ মাজত অনুষ্ঠিত হোৱা পৰীক্ষাত, প্রায় ২২ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। ইফালে প্রধানমন্ত্রী মোদীয়ে কালি ছাত্র-ছাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা এটা সিদ্ধান্তই চর্চা লাভ কৰে। 

উল্লেখযোগ্য যে কলকাতাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া দিল্লীলৈ উভতি আহে। তেওঁ দিল্লী বিমানবন্দৰত উপস্থিত হয় বিয়লি প্রায় ১-১৫ বজাত। সেই সময়ত নীটৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ যোৱাত ব্যস্ত হৈ আছিল আৰু পথত ব্যস্ততা বৃদ্ধি পায়। নীট পৰীক্ষাৰ্থীৰ ব্যস্ততাৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্রীয়ে প্রায় ৪৫ মিনিট সময় দিল্লীৰ বিমানবন্দৰতে অপেক্ষা কৰাৰ সিদ্ধান্ত লয়। 

উল্লেখযোগ্য যে নীট পৰীক্ষা বিয়লি ২ বজাৰ পৰা আৰম্ভ হয়। প্রট'কল অনুসৰি, প্ৰধানমন্ত্ৰীৰ কনভয় বিমানবন্দৰৰ পৰা তেওঁৰ বাসভৱনলৈ যোৱাৰ পথছোৱাত সেই সময়ত বন্ধ হৈ পৰিলহেঁতেন। ইয়াৰ ফলত নীটৰ পৰীক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছিল। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্রধানমন্ত্রীয়ে এই সিদ্ধান্ত লয় আৰু প্রায় ২ বজালৈকে বিমানবন্দৰতে অপেক্ষা কৰে। 

উল্লেখযোগ্য যে দেশৰ ৫৫১খন মহানগৰৰ ৫৪৪০টা পৰীক্ষা কেন্দ্ৰত কালি কঠোৰ নিৰাপত্তা তথা নিৰীক্ষণৰ মাজত নীট-ইউ জি অনুষ্ঠিত হৈ যায়। বিদেশৰ ১৪টা কেন্দ্ৰটো পৰীক্ষাৰ আয়োজন কৰা হয়। ১২টা ভাষাত অনুষ্ঠিত পৰীক্ষাত ২২ লাখতকৈ অধিক ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় টেষ্টিং এজেন্সি (এন টি এ)য়ে ৯৫ হাজাৰতকৈ অধিক কক্ষত অনুষ্ঠিত কৰা এই পৰীক্ষাত ১,৩৮,৫৬০টা চি চি টিভি কেমেৰাৰে চকু ৰখা হৈছিল। ইয়াৰ উপৰি ইলেক্ট্রনিক উপায়েৰে পৰীক্ষাত নকল প্ৰতিৰোধৰ বাবে ৫১,৩১১টা জেমাৰ, পৰীক্ষাৰ্থীক চিনাক্ত কৰাৰ বাবে ৩৮,৭৯৮জন ফ্রিস্কিং কৰ্মচাৰী আৰু ৪৮,৪৪৮জন বায় 'মেট্রিক পৰীক্ষা কৰ্মী মোতায়েন‌ কৰা হয়।

Share This