খুলি দিয়া হৈছে উমৰাংছ'ৰ নেপকোৰ পানী, ডিমা-হাছাও, কার্বি আংলং, হোজাইত প্রশাসনৰ সতৰ্কতা জাৰি

dainik janambhumi June 19, 2026

ডিজিটেল ডেস্ক : ডিমা হাছাওৰ উমৰাংছ'স্থিত নেপকোৰ খানডং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পানী যিকোনো মুহূৰ্ততে এৰি দিয়াৰ সম্ভাৱনা আছে। এই কথা বুধবাৰেই চিঠিযোগে উল্লেখ কৰে নেপকোই। ডিমা হাছাও আৰু মেঘালয়ত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত কপিলীৰ জলস্তৰ দ্রুতগতিত বৃদ্ধি পোৱাত এই সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে নেপকো কর্তৃপক্ষই। এই সন্দৰ্ভত জাৰি কৰা জাননীত নেপকোৰ মহাপ্ৰবন্ধক (কাৰিকৰী) পি শইকীয়াই উল্লেখ কৰা মতে পানীৰ স্তৰ সুৰক্ষিত সীমাৰ ভিতৰত ৰাখিবলৈ প্রয়োজন হ'লে খানডং বান্ধৰ গে'টসমূহ পর্যায়ক্রমে খুলি দিবলগীয়া হ'ব পাৰে। ডিমা হাছাও, পশ্চিম কার্বি আংলং, হোজাই, নগাঁও, মৰিগাঁও, কামৰূপ মহানগৰ জিলাৰ আযুক্ত, পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ উপায়ুক্ত, জিলা দুর্যোগ ব্যবস্থাপনা কর্তৃপক্ষ, এন ডি আৰ এফ আৰু আন সংশ্লিষ্ট সংস্থাসমূহলৈ সতর্কতামূলক জাননীও প্ৰেৰণ কৰা হৈছে। 

নেপকো কর্তৃপক্ষই নৈপৰীয়া লোকসকলক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈও আহ্বান জনাইছে। নদীত মাছ ধৰা, নৈৰ পানী ব্যৱহাৰ কৰা বা গৃহপালিত পশু নদীৰ কাষলৈ নিয়াৰ ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে। ইয়াৰ পাছত আজি পুৱা ৭-৩০ বজাত ১৫৭ কিউমেক পানী নেপকোৱে এৰিছে বুলি হোজাই জিলা ডি ডি এম এৰ বিষয়া নন্দিতা দত্তই প্রকাশ কৰিছে। ইফালে জাননীত উল্লেখ কৰা মতে, এ পি জি চি এলৰ অধীনস্থ লংকুৰ ল'ৱাৰ কপিলী জলবিদ্যুৎ প্রকল্পত প্ৰথমবাৰৰ বাবে জলাধাৰ পূৰণৰ প্ৰক্ৰিয়াও চলি আছে। সেয়ে নিম্নাংশলৈ মুকলি হ'বলগীয়া পানীৰ প্ৰকৃত পৰিমাণ ল'ৱাৰ কপিলী জলবিদ্যুৎ প্রকল্প কর্তৃপক্ষই গে'ট খোলাৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিব। বৰ্তমান বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কপিলী নৈপৰীয়া অঞ্চলৰ জনসাধাৰণক সজাগ আৰু সতর্ক হৈ থাকিবলৈ নেপকোৱে আহ্বান জনোৱাৰ সময়তে হোজাই জিলা প্রশাসনে সামগ্রিক পৰিস্থিতি পর্যবেক্ষণ কৰি থকা বুলি এটা প্রেছ বিজ্ঞপ্তিযোগে জনাইছে। বর্তমান হোজাই জিলাত আতংকৰ কোনো কাৰণ নাই বুলি স্পষ্ট কৰিছে জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে। প্রশাসনে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে হোজাই জলসম্পদ বিভাগৰ শেহতীয়া তথ্য অনুসৰি, জিলাখনৰ কপিলী আৰু যমুনা নদীৰ জলস্তৰ বর্তমান বিপদসীমাৰ তলত আছে। 

কেৱল সেয়াই নহয়, নদী দুয়োখনৰ জলস্তৰ ক্ৰমাৎ হ্রাস পোৱাৰ লক্ষণো পৰিলক্ষিত হৈছে। জিলা প্রশাসনে জানিবলৈ দিয়া মতে, বর্তমান জিলাখনৰ কোনো অঞ্চলত বানৰ পৰিস্থিতি সৃষ্টি হোৱা নাই। তথাপি প্রশাসন, জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, জলসম্পদ বিভাগ আৰু অন্যান্য সংশ্লিষ্ট সংস্থাসমূহে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি আছে। আনহাতে, সামাজিক মাধ্যমত প্ৰচাৰিত বিভিন্ন উৰাবাতৰিৰ প্ৰতি সতর্ক থাকিবলৈ আহ্বান জনাই প্রশাসনে কয় যে নদীৰ জলস্তৰ অথবা বান্ধৰ পানী এৰাৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিলে তাৎক্ষণিকভাৱে চৰকাৰীভাৱে ৰাইজক অৱগত কৰা হ'ব। সেয়ে ৰাইজক আতংকিত নহৈ কেৱল চৰকাৰী তথ্য আৰু জিলা প্ৰশাসনৰ আনুষ্ঠানিক জাননীৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনোৱা হৈছে।

Share This