সাৱধান! পাকঘৰত কৰা এইবোৰ ভুলৰ বাবে হ'ব পাৰে কৰ্কট ৰোগৰ দৰে ভয়াৱহ ৰোগ 

Kakali Deka August 24, 2023

ডিজিটেল ডেস্ক: আপুনি পাকঘৰত কৰা এইবোৰ ভুলৰ বাবে কৰ্কট ৰোগৰ দৰে ভয়াৱহ ৰোগ বৃদ্ধি হ'ব পাৰে। আপুনি কৰা কি এনে ভুলে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে, আজি সেই বিষয়ে জানো আহক-

অ'ভেনত খাদ্য গৰম 
অ'ভেনত খাদ্য গৰম কৰি খালে স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। এনেদৰে খাদ্য গৰম কৰিলে অন্তঃস্ৰাৱী ব্যাঘাত নামৰ এক বিপদজনক ৰাসায়নিক পদাৰ্থ উৎপন্ন হয়। এই ৰাসায়নিক পদাৰ্থই স্বাস্থ্যৰ ওপৰত অতি বেয়াকৈ প্ৰভাৱ পেলায় আৰু কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে। 
সাধাৰণতে আমি পাকঘৰত কিছুমান প্লাষ্টিকৰে তৈয়াৰ কৰা বাচন-বৰ্তন ব্যৱহাৰ কৰো। প্লাষ্টিকৰ প্লেটত খাদ্য খোৱাৰ পৰা  প্লাষ্টিকৰ বটলত পানী খোৱালৈকে আমি সকলো সময়তে কেৱল প্লাষ্টিকেই ব্যৱহাৰ কৰি আহিছো। কিন্তু এই প্লাষ্টিকৰ পাত্ৰবোৰত খাদ্য খালে আপোনাৰ শৰীৰটোৰ কি কি  ক্ষতি কৰিব পাৰে আপুনি জানেনে? প্লাষ্টিকৰ বাচন-বৰ্তনত গৰম খাদ্য ৰখাৰ ফলত প্লাষ্টিকত থকা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ আমাৰ পেটলৈ যায়, আৰু পিছলৈ কৰ্কট ৰোগৰ কাৰক হ'ব পাৰে।পোৰা খাদ্য খোৱা
কিছুমান আমি ৰন্ধা খাদ্য অধিক সময় ৰান্ধি থাকিলে জ্বলি যায় আৰু এনে জ্বলি যোৱা খাদ্য খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। ৰন্ধা খাদ্যখিনি জ্বলি যোৱাৰ পিছত এক্ৰিলামাইড নামৰ এক ৰাসায়নিক পদাৰ্থ উৎপন্ন হয় এই ৰাসায়নিক পদাৰ্থৰ ফলতেই কৰ্কট ৰোগ হয়। সেয়েহে, আমি পোৰা খাদ্য কেতিয়াও খাব নালাগে।

প্লাষ্টিকৰ বটলত পানী
প্লাষ্টিকৰ বটলত গৰম পানী ভৰালে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ দ্ৰুতগতিত আৰু অত্যাধিক পানীত দ্ৰৱীভূত হয়। ই আপোনাৰ শৰীৰৰ বাবে অতি ভয়াৱহ। সেয়েহে গৰম পানী প্লাষ্টিকৰ বটলত ভৰাই সেৱন কৰিব নালাগে

Share This