ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত স্বচ্ছতাৰ নতুন পদক্ষেপ, মুকলি হ’ল QR কোডত অভিযোগ আৰু পৰামৰ্শ ব্যৱস্থা

dainik janambhumi February 22, 2026

ডিজিটেল ডেস্ক: ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ স্বাস্থ্যসেৱাত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ লক্ষ্যৰে কৰ্তৃপক্ষই আজি এক অভিনৱ ডিজিটেল পদক্ষেপ গ্ৰহণ কৰিছে। হস্পিতালখনত সেৱা গ্ৰহণ কৰিবলৈ অহা ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ সুবিধাৰ্থে আজিৰে পৰা এক QR কোড-ভিত্তিক অভিযোগ আৰু পৰামৰ্শ ব্যৱস্থা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়।


এতিয়াৰে পৰা ৰোগী বা সাধাৰণ জনতাই চিকিৎসালয়খনৰ সেৱাক লৈ কোনো অভিযোগ বা গঠনমূলক পৰামৰ্শ দিব বিচাৰিলে হাস্পতাল চৌহদৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত লগোৱা QR কোডসমূহ নিজৰ ম'বাইলৰ জৰিয়তে স্কেন কৰি সহজে দাখিল কৰিব পাৰিব। এই ডিজিটেল পদ্ধতিৰ সমান্তৰালভাৱে যিসকল লোক প্ৰযুক্তিৰ সৈতে পৰিচিত নহয়, তেওঁলোকৰ বাবে হাস্পতালৰ বহিঃবিভাগত লিখিত অভিযোগ পত্ৰ বা ফিডবেক ফৰ্মৰ ব্যৱস্থাও বাহাল ৰখা হৈছে। 

হাস্পতাল কৰ্তৃপক্ষৰ মতে, এই ব্যৱস্থাই জনসাধাৰণৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰাত সহায় কৰিব আৰু চিকিৎসালয়খনৰ স্বাস্থ্যসেৱাৰ মান উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Share This