মাচ্চা চাহেৰে টিংৰাই বাগিচাৰ নতুন ইতিহাস

dainik janambhumi July 04, 2026

ডিজিটেল ডেস্ক : অসমৰ মাচ্চা চাহে বিশ্বমঞ্চত গঢ়িলে গৌৰৱৰ নতুন ইতিহাস। তিনিচুকীয়াৰ চোটা টিংৰাই চাহ বাগিচাই ভাৰতত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচ্চা চাহ উৎপাদন কৰি দুশ বছৰ গৰকা অসম চাহ উদ্যোগলৈ কঢ়িয়াই আনিছে এই গৌৰৱ। 

কালি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা প্ৰকাশ কৰি কয়- 'গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত এই মাচ্চা চাহৰ প্ৰথমটো অংশ ৩,০০০ টকাত বিক্ৰী হোৱাটো অসমৰ উদ্ভাৱনী শক্তি, গুণগত মান আৰু বিশ্বমানৰ সামৰ্থ্যৰ এক উজ্জ্বল স্বীকৃতি।' 

আনহাতে, জাপানৰ বিশেষজ্ঞ আৰু আধুনিক প্রযুক্তিৰ সৈতে দীর্ঘদিনীয়া সহযোগিতাৰ ফলস্বৰূপে অসম চাহৰ এই নতুন যাত্ৰাই ভাৰত-জাপান বন্ধুত্বকো অধিক সুদৃঢ় কৰি তুলিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়- 'পৰম্পৰা, দক্ষতা আৰু উদ্ভাৱনৰ সুন্দৰ সমন্বয়েৰে অসমে আজি বিশ্ব চাহ উদ্যোগত এক নতুন দিশ নিৰ্ধাৰণ কৰিছে।'

Share This