ডিজিটেল ডেস্ক : ৰাজ্যৰ পাকাবেতবাৰী, চেঙা, সৃজনগাম, খোৱাং, মধ্য গুৱাহাটী, মাকুম, ডিগবৈকে ধৰি ১৪টা সমষ্টিত গঠন হ'ব নতুন ৰাজহ চক্ৰৰ কাৰ্যালয়। ইয়াৰে বহু সমষ্টিত পর্বে এটাও ৰাজহ চক্ৰ নাছিল।
কালি বিধানসভাত এই কথা জানিবলৈ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এতিয়াৰে পৰা প্ৰতিটো সমষ্টিত সমষ্টিটোৰ প্ৰতিখন গাঁও অন্তর্ভুক্ত হ'ব যাতে কোনো সমষ্টিৰ গাঁও 'এম এল এ এৰিয়াৰ' বাহিৰত নাথাকে। মুখ্যমন্ত্রীজনে কয় যে ইতিমধ্যেই প্রতিখন জিলাৰ আয়ুক্তক নির্দেশ দিয়া হৈছে প্রতিটো সমষ্টিৰ গাঁওসমূহ প্ৰতিটো ৰাজহ চক্ৰত সমানুপাতিকভাৱে ভগাই দিয়া হ'ব আৰু তাৰ প্ৰক্ৰিয়া আয়ুক্তসকলে ইতিমধ্যেই আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে সমষ্টি পুনৰ গঠনৰ পাছত পঞ্চায়ত পুনৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল যদিও এতিয়াও বহু সমষ্টিত ৰাজহ চক্ৰ হ'বলৈ বাকী ৰৈ গৈছে। যাৰফলত বহু সমষ্টিৰ বহু ৰাজহ গাঁও বেলেগ সমষ্টিত অন্তর্ভুক্ত হৈ আছে। কালি বাজেট বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীয়ে সদনত এই ঘোষণা কৰি সমষ্টিৰ ভিতৰত প্ৰতিখন ৰাজহ গাঁও অন্তর্ভুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা এই প্ৰচেষ্টাত জিলা আয়ুক্তসকলক সহযোগ কৰিবলৈ বিধায়কসকলক আহ্বান জনায়। তেওঁ কয় যে প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১০৫টা সমষ্টিত এই প্রক্রিয়া সম্পূৰ্ণ হ'ব আৰু তাৰ পাছতে বি টি চিৰ সমষ্টিসমূহতো প্ৰক্ৰিয়াটো আৰম্ভ কৰা হ'ব।