দঃ আফ্রিকাক হৰুৱাই নিউজিলেণ্ড ফাইনেলত

dainik janambhumi March 05, 2026

ডিজিটেল ডেস্ক : ফিন এলেনৰ ৩৩টা বলত অপৰাজিত ১০০ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাক কালি ৯ উইকেটত হৰুৱাই নিউজিলেণ্ডে টি-২০ বিশ্ব কাপৰ ফাইনেলত প্রৱেশ কৰে। কালি অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত দক্ষিণ আফ্রিকাই প্রথমে বেট ধৰি ৮ উইকেটত ১৬৯ ৰান কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে অ'পেনাৰদ্বয় এলেন আৰু টিম ছেইফাৰ্টৰ বেটিং বিক্ৰমৰ জৰিয়তে ৪৩টা বল বাকী থকা অৱস্থাত এটা উইকেট হেৰুৱাই ১৭৩ ৰান কৰি খিতাপৰ যুঁজলৈ আগবাঢ়ে। 

১০টা চাৰি আৰু ৮টা ছয়েৰে নিজৰ ইনিংছটো সজোৱা এলেনে অপৈনিৰ সংগী ছেইফার্টৰে (৫৮) মিলি প্রথম উইকেটত ১১৭ ৰানৰ যুটি বান্ধি দলৰ জয়ৰ ভেটি গড়ে। ৰাছিন ৰবীন্দ্ৰই ১৩ ৰানত বেট ধৰি থাকে। ইয়াৰ আগেয়ে মার্কো জানছেনৰ আকর্ষণীয় তথা অবিজিত ৫৫ ৰানেৰে দক্ষিণ আফ্রিকাই ৮ উইকেটত ১৬৯ ৰান কৰিছিল। দক্ষিণ আফ্রিকাই এটা সময়ত একাদশত ৭৭ ৰানতে ৫টা উইকেট হেৰুৱাই বিপদত পৰিছিল। 

পিছে জানছেনে ৩০টা বলত দুটা চাৰি আৰু ৫টা ছয়েৰে অবিজিত অর্ধশতৰান গোটাই দলীয় ইনিংছ এক সন্মানজনক স্থানলৈ তুলি নিয়ে। ডেৱাল্ড ব্রেভিছে খৰতকীয়াকৈ ৩৪ ৰান কৰাৰ বিপৰীতে ক্রিষ্টান ষ্টাবছে ২৯ ৰানৰ বৰঙনি যোগায়। নিউজিলেণ্ডৰ ৰাচিন ৰবীন্দ্ৰ, ক'লে মেকনচি আৰু মেট হেনৰীয়ে দুটাকৈ উইকেট দখল কৰে।

Share This