আশাৰ খবৰ
Dainik Janambhumi
September 23, 2024
ডিজিটেল ডেস্কঃ ‘Receiving good news is like a breath of fresh air for the Spirit’– কোনোবা ব্যক্তি এগৰাকীয়ে কৈ থৈ যোৱা এই কথাষাৰ চিৰশাশ্বত উক্তিৰ ৰূপত আজিও প্ৰচলিত হৈ আছে এইবাবেই যে পৃথিৱীৰ বেছিভাগ মানুহেই কিবা নহয় কিবা বেদনাত ক্লিষ্ট হৈ থাকে৷ হৃদয়ক উদ্বেলিত কৰিব পৰা একোটা ভাল খবৰে বেদনাক্লিষ্ট মানুহৰ হৃদয়ত প্ৰশান্তিৰ এক অনামী বন্যা বোৱাব পাৰে৷ এক সতেজ বতাহৰ দৰে ই হৃদয়ক দিব পাৰে অনাবিল আনন্দ৷ আজিৰ সামাজিক পৰিৱেশেটা কেনেকুৱা আৰু এই পৰিৱেশৰ মাজত জীয়াই থকা আনন্দ কিমান আৰু যন্ত্ৰণা কিমান সেই লৈ অন্তহীন চৰ্চা চলি থাকে৷
অনাকাংক্ষিত ঘটনাবোৰ চৌদিশে ঘটি আছে৷ হত্যা, লুণ্ঠন, ধৰ্ষণ, অপহৰণ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজন-তোষণ, অনিয়ম, অপকৰ্ম, আত্মকেন্দ্ৰিকতা, পৰশ্ৰীকাতৰতা আৰু কত কি! পৰিৱেশ এনেকুৱা হৈছেগৈ যে নিজৰ ছাঁটোকে বিশ্বাস কৰিব নোৱৰা অৱস্থা হৈছে৷ কিছু বছৰৰ আগৰ নিষ্কলুষ আত্মীয়তাবোৰ যেন নোহোৱা হৈ গৈছে৷ এনেকুৱা সময়তো নিকটাত্মীয় নোহোৱাজনৰ সুখত কোনোবাই হাঁহিব পাৰে, অনাত্মীয়জনৰ দুখত কান্দিব পাৰে বুলি ভাবিবই পৰা নাযায়৷ কিন্তু সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিয়ে সৃষ্টি কৰা এনেকুৱা মনোজগতৰ ধাৰণাটো হয়তো সম্পূৰ্ণ শুদ্ধ নহয়৷ বেয়া কথা, কাম, চিন্তাই গোটেই সমাজখন গ্ৰাস কৰি পেলোৱা যেন লাগিলেও ষ্টিফেন হকিঙে কোৱা ‘I’m actually always looking for the good news’ৰ দৰে ভাল খবৰৰ বাবে সদায় আগ্ৰহেৰে আশা পালি ৰৈ থকা মানুহো এইখন পৃথিৱীত বহুত আছে৷ সেই কাৰণেই হয়তো গোলাঘাটৰ নিকিতা নেওগ নামৰ স্কুলীয়া ছাত্ৰী এগৰাকীৰ সাফল্যক লৈ গুৱাহাটীত কৰ্মৰত কংকন বৰঠাকুৰ নামৰ সাংবাদিক এজনে সামাজিক মাধ্যম ফে’চবুকত আপল’ড কৰা এটা ‘প’ষ্ট’ত একেদিনাই প্ৰায় চাৰি সহস্ৰাধিক লোকে ‘লাইক’ কৰিছিল আৰু বহুতে ‘প’ষ্ট’টো ‘শ্বেয়াৰ’ও কৰিছিল৷ যিসকলে ‘প’ষ্ট’টো পঢ়িছে বা পৰৱৰ্তী সময়ত অন্য মাধ্যমেৰেও প্ৰচাৰ হোৱা বাতৰি পঢ়িছে তেওঁলোকে গম পাইছেই যে নিকিতা গোলাঘাট জিলাৰ নিম্ন মধ্যবিত্ত পৰিয়াল এটাৰ সন্তান৷ তাইৰ পিতৃ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ চালক৷ গাৰ ঘাম মাটিত পেলাই বাছ চলাই বা আদবাটত কেতিয়াবা বেয়া হোৱা বাছ মেৰামতি কৰি পোৱা দৰমহাৰে সংসাৰ চলোৱা সেই পিতৃৰ কন্যা নিকিতা লণ্ডন ভ্ৰমণলৈ গৈছে৷ তাইৰ লগত আছে দৰং জিলাৰ ছিপাঝাৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ জাহ্নৱী প্ৰিয়া নাথ, ডিব্ৰুগড়ৰ অইল ইণ্ডিয়া উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ কংকন বৰা, মাজুলীৰ চামগুৰি সত্ৰ ৰাওনাপাৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ লক্ষ্য কলিতা আৰু নগাঁৱৰ ৰামানুজম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ মঞ্জয় নন্দী৷
তেওঁলোকে মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ অধীনত কেইবাশ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা নিৰ্বাচিত হৈ লণ্ডন ভ্ৰমণৰ সুযোগ লাভ কৰিছে৷ বহুতৰ বাবে সপোনৰ শিক্ষানুষ্ঠান কেম্ব্ৰিজ বিশ্ববিদ্যালয়, অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত এওঁলোকে নিশা কটোৱাৰ লগতে ইংলেণ্ডৰ কেইবাখনো আগশাৰীৰ বিজ্ঞান শিক্ষানুষ্ঠান আৰু বিশ্ববিখ্যাত গৱেষণাগাৰ দৰ্শন কৰিব ২২ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ভ্ৰমণৰ সময়ছোৱাত৷ ‘প’ষ্ট’টোত কংকন বৰঠাকুৰে উল্লেখ কৰিছিল এটা মুহূৰ্তৰ কথা৷ সেই সময়ত নিকিতাৰ পিতৃয়ে ধেমাজি অভিমুখে চলাই নিয়া বাছখন বাটত বেয়া হৈছিল আৰু নিকিতাৰ পিতৃয়ে প্ৰচণ্ড ৰ’দত গাড়ীৰ তলত সোমাই বাছখনৰ বিজুতি মেৰামতি কৰিবলৈ চেষ্টা কৰি আছিল৷ সৰ্বশৰীৰ ঘৰ্মাক্ত৷ সেই সময়তে বাজি থকা ম’বাইল ফ’নটো কেইবাবাৰো বজাৰ পিছত ‘ৰিচিভ’ কৰি পিতৃয়ে পাইছিল নিকিতা ইংলেণ্ড যাত্ৰাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰটো৷ নিকিতাই নিজেই দিছিল খবৰটো– ‘দেউতা, মই কেম্ব্ৰিজলৈ যাবলৈ নিৰ্বাচিত হৈছোঁ৷’ ‘প’ষ্ট’টোৱে মনলৈ আনি দিয়া সেই ছবিখন, নিকিতা আৰু পিতৃৰ কল্পনাৰ মুখ দুখনে পাঠকসকলৰ হৃদয়ত তোলা অজান আনন্দ-অনুভৱৰ খলকনিৰ বাবেই সেই ‘প’ষ্ট’টোৱে পাইছিল ইমান মানুহৰ ‘লাইক’, ‘শ্বেয়াৰ’ৰ সঁহাৰি৷
অথচ ইয়াৰ বেছিভাগ মানুহেই নিকিতাকো চিনি নাপায়, পিতৃকো৷ এয়া হৈছে আমাৰ বেয়া হৈ যোৱা বুলি ভবা সমাজখনৰ অগণন ভাল মানুহৰ উপস্থিতিৰ এক ৰেঙনি, যি ভাল খবৰ বিচাৰি ফুৰে, যাৰ হৃদয়ক, আত্মাক ভাল খবৰবোৰে এছাটি সতেজ বতাহৰ দৰে প্ৰশান্তিৰ বা দিয়ে৷ পূৰ্বেও এই স্তম্ভতে এচাম মানুহৰ ভাল চিন্তা, ভাল কামে সমাজখনক কেনেকৈ বিশুদ্ধ অক্সিজেনৰ দৰে জীয়াই থকাৰ ইন্ধন দিয়ে তাৰ অৱলোকন কৰা হৈছিল৷
উল্লেখ কৰা হৈছিল সময় গগৈৰ দৰে যুৱকে নিজৰ শ্ৰমৰ ধনেৰে দুৰ্বল, দৰিদ্ৰ মানুহক সহায় কৰাৰ কথা৷ এইবোৰেই অলেখ বেয়াৰ পাছতো সমাজক ভালৰ প্ৰতি অনুপ্ৰাণিত হ’বলৈ দি থকা প্ৰেৰণাৰ উৎস৷ এই প্ৰসংগতে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিখনৰো শলাগ ল’বই লাগিব৷ আঁচনিখনে আমাৰ ৰাজ্যৰ দৰিদ্ৰ-নিম্ন মধ্যবিত্ত পৰিয়ালবোৰৰ সন্তানক পোহৰ বিচাৰি যোৱাৰ বাবে এখন দুৱাৰ মুকলি কৰি দিছে৷ সকলোবোৰ সামাজিক মাধ্যম ভাল খবৰৰ ‘প’ষ্ট’ৰে ভৰি থাকক৷ ভাল খবৰৰ প্ৰচাৰ-প্ৰসাৰেৰেহে সমাজৰ বেয়াবোৰ ঢাকিব পৰা যাব৷
Share This