ডিজিটেল ডেস্ক : ধেমাজি জিলাৰ গেৰুকামুখত অৱস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পই ৭৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰি অহাৰ সময়তে গেৰুকামুখ পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে প্ৰকল্পটোৱে সোৱণশিৰি নদীত ধাৰাবাহিকভাৱে পানী এৰি দিয়া কাৰ্যই নামনিত আতংকৰ সৃষ্টি কৰিছে। সোৱণশিৰি বান্ধৰ তিনিখন গে'টেৰে ৫০ শতাংশকৈ পানী এৰি দিয়াৰ ফলত এতিয়া নামনিত জলস্তৰ বৃদ্ধি পোৱাৰ লগতে সোৱণশিৰিৰ বক্ষ উফন্দি উঠিছে।
এন এইচ পি চিৰ এক কর্তৃত্বশীল সূত্ৰই সদৰী কৰা অনুসৰি সম্প্ৰতি গেৰুকামুখ প্রকল্পত তিনিটা টাৰবাইনেৰে ৭৫০ মেগাৱাট বিদ্যুৎ উৎপাদন হৈ আছে আৰু এটা টাৰবাইন বন্ধ হৈ আছে। পাহাৰৰ ওপৰত বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে এন এইচ পি চিৰ মুঠ ৭খন গে'টৰ ভিতৰত তিনিখন গে'টেৰে ৫২০০ কিউমেক পানী এৰি দিয়া হৈছে। সম্প্রতি প্রকল্পস্থলীত বাঢ়নী পানীয়ে কোনো অসুবিধাৰ সৃষ্টি কৰা নাই বুলি সূত্ৰটোৱে সদৰী কৰিছে। অৱশ্যে এন এইচ পি চিয়ে সোৱণশিৰিৰ বক্ষত পানী এৰি দিয়াৰ ফলত নামনিৰ লখিমপুৰ, ধেমাজি, মাজুলীৰ নদীপৰীয়া লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। লক্ষণীয় কথা যে সোৱণশিৰি বান্ধৰ সন্মুখত এতিয়া ফেনে-ফুটুকাৰে পানী উফন্দি উঠাৰ লগতে পাহাৰৰ পৰা খহি অহা গছ-গছনিয়ে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। তেনেস্থলত এন এইচ পি চি কর্তৃপক্ষ শংকিত হৈ পৰিছে। কিয়নো অত্যধিক বৰষুণ হ'লে এন এইচ পি চি কর্তৃপক্ষই বান্ধটোৰ সুৰক্ষাৰ বাবে অধিক পানী এৰি দিলে সোৱণশিৰিৰ বানে ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে।
ইফালে, নীপকোৱে ৰঙানদীত অহৰহ পানী এৰি দিয়াৰ ফলত ৰঙানদীৰ নামনিত নদীখনৰ জলস্তৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। চলিত সপ্তাহত পাহাৰৰ পানীয়ে নীপকো কলনি তচনচ কৰি পেলোৱাৰ পাছত এতিয়া নীপকোৱে ডিক্রং নদীত পানী এৰা কাৰ্য বন্ধ ৰখাৰ বিপৰীতে ৰঙানদীত পানী এৰি দিয়াত লখিমপুৰ জিলাৰ ডিজু, পাচনৈ, আমতলা, মলোৱাল, শান্তিপুৰ, কৰতিপাৰ আদিত বানৰ আশংকা স্পষ্ট হৈ পৰিছে। ফলত নদীপৰীয়া লোকসকল একপ্ৰকাৰে ত্ৰাসিত হৈ পৰিছে।
উল্লেখযোগ্য যে যোৱা দুদিন ধৰি লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ ডিব্ৰুং, শিঙৰা, পিছলা, দ্রোপাং, বোকানদী আদি নদীসমূহৰ বক্ষ উফন্দি উঠিছে। লখিমপুৰ জিলা প্রশাসনে বানৰ লগত মোকাবিলা কৰিব পৰাকৈ সষ্টম হৈ থকা বুলি জানিবলৈ দিছে।