নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, প্রদর্শন হ'ব ১৯খন ছবি

dainik janambhumi January 09, 2026

ডিজিটেল ডেস্ক : অসমৰ জনপ্রিয় অ'টি টি প্রতিষ্ঠান নিৰি৯ -এ তৃতীয়বাৰৰ বাবে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ এইবাৰ অহা ১০ আৰু ১১ জানুৱাৰীত হায়দৰাবাদত অনুষ্ঠিত হ'ব। বিশ্বৰ বিভিন্ন দেশৰ মুঠ ১৭৬খন পূর্ণদৈৰ্ঘ্যৰ চলচ্চিত্র, চুটি ছবি আৰু তথ্যচিত্ৰৰ মাজৰ পৰা বিচাৰক মণ্ডলীয়ে নিৰ্বাচন কৰা উনৈশখন চলচ্চিত্র, চুটি ছবি আৰু তথ্যচিত্র মহোৎসৱত প্রদর্শিত হ'ব। হায়দৰাবাদৰ প্ৰসাদ ফিল্ম লেবৰ চিত্ৰগৃহত অনুষ্ঠিত হ'বলগা এই মহোৎসৱত অস্কাৰ মনোনীত দুখন চলচ্চিত্র- 'Voice of Hind Rajab' (গাজা) আৰু 'কুকি' (ভাৰত) বিশেষভাৱে প্রদর্শন কৰা হ'ব। 

মহোৎসৱত প্ৰদৰ্শন হ'বলগা উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে যদুমণি দত্ত পৰিচালিত 'জুইফুল', ৰাজেশ টাউচিভাৰ পৰিচালিত 'দাহিনী' আৰু কংকন বৰা পৰিচালিত 'ঘৰ'। উল্লেখযোগ্য যে সাংবাদিক, লেখক আৰু চলচ্চিত্ৰ পৰিচালক হেমন্ত শৰ্মাৰ নিৰ্মিত চুটি চলচ্চিত্র 'Omnipresent – A Story' মহোৎসৱৰ প্ৰতিযোগিতা শাখাত প্রদর্শিত হ'ব। 

মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান ১০ জানুৱাৰী পুৱা তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মাই উদ্বোধন কৰিব। আনহাতে, ১১ জানুৱাৰীত অনুষ্ঠিত হ'বলগা সামৰণী অনুষ্ঠানত বলীউডৰ জনপ্রিয় গায়িকা মোহিনী, শ্বিলঙৰ লু মাঝাও আৰু অসমৰ কণ্ঠশিল্পী মনীষা বৰদলৈয়ে সংগীত পৰিৱেশন কৰিব। মহোৎসৱত অংশগ্রহণ কৰিব ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্রী সীমা বিশ্বাসৰ লগতে তেলুগু চলচ্চিত্র জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।

Share This