ডিজিটেল ডেস্ক : বিজেপিৰ কাৰ্যবাহী ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনক দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিয়োগ কৰা হ'ব পাৰে। দলীয় সূত্ৰৰ পৰা এই খবৰ প্ৰকাশ কৰিছে এন এন আই নিউজ এজেঞ্চিয়ে।
সূত্র মতে এই নিযুক্তিৰ ঘোষণা ২০ জানুৱাৰীত হ'ব পাৰে। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্বাচন প্ৰক্ৰিয়া ১৮ৰ পৰা ২০ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা আছে। নীতিন নবীন ৰাষ্ট্ৰীয় অধ্যক্ষ হ'লে এই পদত তেৱেই হ'ব সকলোতকৈ কম বয়সীয়া। তেওঁৰ কাৰ্যকাল হ'ব ২০২৯ চনৰ জানুৱাৰীলৈকে।
২০২৯ চনত লোক সভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বাবে তেওঁৰ কার্যকাল বৃদ্ধি হ'বও পাৰে। বিজেপিয়ে সমগ্ৰ দেশৰ ৰাজ্যিক অধ্যক্ষসকলক ১৫ জানুৱাৰীৰ পাছত দিল্লীলৈ মাতি পঠিওৱাৰ বাবে প্রস্তুতি চলাইছে। উল্লেখযোগ্য যে ইয়াৰ আগতে ২০২০ চনত জে পি নড্ডাকো কার্যবাহী অধ্যক্ষ নিয়োগ কৰা হৈছিল। পাছত তেওঁক স্থায়ী অধ্যক্ষৰূপে নিযুক্তি দিয়া হয়।