ডিজিটেল ডেস্ক : বিহাৰত এটা নিযুক্তি পত্র বিতৰণ অনুষ্ঠানত এগৰাকী মুছলমান আয়ুষ চিকিৎসকৰ নিকাব (ওৰণি) মুখ্যমন্ত্রী নীতিশ কুমাৰে আতৰাই দিয়াৰ পাছত সোমবাৰে এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হয়। নিযুক্তি পত্র প্ৰদানৰ সময়ত মুখ্যমন্ত্রী নীতিশে নৱনিযুক্ত মুছলমান আয়ুস চিকিৎসকগৰাকীৰ নিকাব আতৰাই দিয়াৰ সময়ত উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীক বিব্রত অৱস্থাত ভিডিঅ'টোত দেখা গৈছিল।
ইয়াৰ পাছতে ৰাজ্যখনৰ বিৰোধী দল আৰ জে ডি আৰু কংগ্রেছে মুখ্যমন্ত্রী নীতিশক তীব্র সমালোচনা কৰে। বিৰোধী দলবোৰে নীতিশক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে মুখ্যমন্ত্রীজন মানসিকভাৱে অসুস্থ হৈ পৰিছে। আৰ এছ এছ-বিজেপিৰ আদৰ্শৰে পৰিচালিত হ'বলৈ গৈ মুখ্যমন্ত্রীজনে যিকোনো কাম কৰিবলৈ ধৰিছে। সংবাদ মাধ্যমে এই ভিডিঅ' লাভ কৰা নাই যদিও ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি) আৰু বিহাৰ কংগ্ৰেছে 'এক্স' হেণ্ডলত এই ভিডিঅ' প্রকাশ কৰিছে।
আনহাতে, বিহাৰৰ মুখ্যমন্ত্ৰীৰ এই 'নিকাব' ঘটনাৰ বিষয়ত সৰৱ হৈ উঠিছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলা। মুখ্যমন্ত্রী আব্দুলাই নীতিশ কুমাৰক সমালোচনা কৰি কয় যে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে লাহে লাহে তেওঁৰ প্ৰকৃত পৰিচয় উদঙাই দিছে। এসময়ত এজন 'ধৰ্মনিৰপেক্ষ' নেতা হিচাপে গণ্য কৰা নেতাজনে এতিয়া নিজৰ চৰিত্ৰৰ প্ৰকৃত ৰং উদঙাবলৈ ধৰিছে বুলি ওমৰ আব্দুলাই মন্তব্য কৰে।