উন্নয়নে ঢুকি পোৱা নাই গোগামুখৰ গ্ৰামাঞ্চলক, ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ বাঁহৰ দলং

dainik janambhumi April 06, 2026

ডিজিটেল ডেস্ক: গোগামুখৰ চাওতালপুৰ গাঁওবাসীয়ে গাঁঠিৰ ধন ভাঙি দীর্ঘদিনে নির্মাণ কৰি আহিছে চাৰিখনকৈ বাঁহৰ দলং। নির্বাচন আহে আৰু যায়, নির্বাচনত একাংশ নেতা-পালিনেতাই গ্রাম্য অঞ্চলৰ ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ আশ্বাস আৰু প্রতিশ্রুতি দিয়ে। কিন্তু সমস্যাসমূহ আজিও সমস্যা হৈয়ে থাকিল। এই সমস্যা সমাধানৰ ক্ষেত্রত ধেমাজি সমষ্টিৰ প্ৰাক্তন বিধায়ক, মন্ত্রী তথা বিজেপিৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে নিৰ্বাচনৰ সময়ত সভা-সমিতিবোৰত উন্নয়ন হোৱা বুলি দম্ভালি মাৰিলেও কিন্তু গ্রাম্য অঞ্চলসমূহৰ বাস্তৱ ছবিখনে বাৰুকৈয়ে উদঙাই দিয়ে। 

পেগুৱে বিগত আঠ বছৰীয়া কাৰ্যকালত ৰ গ্ৰাম্য অঞ্চলৰ ৰাইজৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে গ্রাম্য সমাজত। বিজেপি নেতৃত্বাধীন চৰকাৰ বিকাশৰ যাত্ৰাত কিন্তু ধেমাজিৰ গ্ৰাম্য অঞ্চল বহু বাট-পথৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটো দেখিলেই সচেতন লোক হতবাক হৈ পৰিব। বিশেষকৈ গ্রামাঞ্চলসমূহত যাতায়াতৰ সমস্যা, দলঙৰ সমস্যা, বিশুদ্ধ খোৱাপানীৰ সমস্যা, চিকিৎসাৰ সমস্যাৰ লগতে এশ এবুৰি সমস্যা। ইয়াৰ পাছতো কিন্তু গ্রামাঞ্চলত উন্নয়নৰ ক্ষেত্ৰত জনপ্রতিনিধিজনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। কেৱল নির্বাচন আহিলে প্রতিশ্রুতি ওপৰত প্রতিশ্রুতি দিয়ে। নিৰ্বাচনত জয়ী হোৱাৰ পাছত সকলো পাহৰি যায়। ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চাওতালপুৰবাসীয়ে স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো দেখা নাপালে উন্নয়নৰ মুখ। স্বাধীনতাৰ পূৰ্বৰে পৰা চাৰিখন বাঁহৰ দলঙৰ বাবে জীয়াতু ভুগিব লগা হৈছে গাঁৱৰ বাসিন্দাই। 

উল্লেখযোগ্য যে চাওতালপুৰ পথত চাৰিখনকৈ বাঁহৰ দলং নিৰ্মাণৰ বাবে গাঁওবাসীয়ে বছৰ বছৰ ধৰি চৰকাৰক দাবী-আহ্বান জনাই অহাৰ পাছতো গাঁওবাসীৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত স্থানীয় বিধায়ক ডাঃ ৰণোজ পেগু, সাংসদ প্রদান বৰুৱাৰ ওপৰত ক্ষোভ প্রকাশ কৰি জনপ্রতিনিধিকেইজনৰ এনে গুৰুত্বহীনতাক একে মুখে ধিক্কাৰ দিছে। জনপ্রতিনিধিয়ে গুৰুত্ব নিদিয়াৰ বাবেই গাঁওবাসীয়ে প্ৰতিবছৰে ঘৰে ঘৰে বাঁহ, ধন সংগ্ৰহ কৰি চাৰিখনকৈ বাঁহৰ দলং নিৰ্মাণ কৰি আহিছে। 

উল্লেখযোগ্য যে খৰালিত পানী শুকোৱাৰ ৰ সময়ত নদীয়েদি যাতায়াত কৰিব পাৰি যদিও বাৰিষাত দলঙৰ অভাৱত যাতায়াতৰ ব্যৱস্থা নোহোৱাৰ বাবে বিদ্যালয়, চিকিৎসায়লৈ অহা-যোৱাৰ ক্ষেত্ৰত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ভীষণ অসুবিধা হোৱাৰ বাবে ঘৰতে প্ৰসৱ পৰ্যন্ত ৰ কৰিব লগা হয়।

Share This