মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ হুংকাৰ, বন বিভাগত টকা দি প'ষ্টিং লাভ নচলিব

dainik janambhumi June 23, 2026

ডিজিটেল ডেস্ক : তিনি বছৰ একেঠাইতে কাৰ্যনিৰ্বাহ কৰি থকা বিষয়া-কৰ্মচাৰীসকল বেলেগ ঠাইলৈ যাবলৈ সাজু হওক। এই সকীয়নি বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ। খানাপাৰাৰ প্রশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হৈ কালি মন্ত্ৰী বৰুৱাই বিভাগটোত চলি থকা বিভিন্ন অনিয়মক লৈ সৰৱ হয়। তেওঁ স্পষ্টভাৱে কয় যে তিনি বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া-কর্মচাৰীকে বদলি কৰা হ'ব। 

ধনৰ বিনিময়ত বন বিভাগত নচলিব বদলি। মন পচন্দ সংমণ্ডল, বেঞ্জ, বীট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকল নিয়োজিত হৈ থাকিব নোৱাৰিব। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে। আনহাতে, বদলিৰ বিনিময়ত কোনো বিষয়া বা কৰ্মচাৰীয়ে ধন বিচাৰিলে হোৱাটছএপযোগে মন্ত্ৰীগৰাকীক পোনে পোনে অভিযোগ দিবলৈ আহ্বান জনাই তেওঁ লগতে কয় যে এতিয়াৰ পৰা বন বিভাগত টকা দি প'ষ্টিং লাভ নচলিব। 
২০ লাখ, ৩০ লাখ, ৬০ লাখ টকা দি প'ষ্টিং পোৱাত ফুলষ্টপ পৰিল। মন্ত্ৰীগৰাকীয়ে সকলোকে সকীয়াই দি কয়, 'মোৰ সতীর্থ, মোৰ লগত থকা মানুহকো আপোনালোকে ৰদ-বদলৰ নামত টকা নিদিব। টকা বিচাৰিলে মোক লগে লগে জনাই দিব। টেন্সফাৰ বিচাৰি মন্ত্ৰীৰ ঘৰলৈ যিজন আহিব তেওঁৰে কেৰিয়াৰ শেষ হ'ব। ইফালে মাছ যেনেকৈ মূৰৰ পৰা গেলে, বন বিভাগতো দুর্নীতি ওপৰৰ পৰা আৰম্ভ হৈছে বুলি মত প্রকাশ কৰি তেওঁ কয়, 'বন বিভাগত এনে বহু বিষয়া আছে কাগজত এটা তথ্য দিয়ে আৰু প্ৰকৃত তথ্য বেলেগ। ৰাজহক লৈ ভুল তথ্য দিয়াসকল সাৱধান।' 

বন বিভাগে ৰাজহ সংগ্ৰহ কৰাৰ সন্দৰ্ভত তেওঁ কয়, 'বন বিভাগত থকা সকলো সুৰুঙা বন্ধ হ'ব লাগিব। বন বিভাগে প্রাপ্য ৰাজহখিনি সংগ্ৰহ কৰিব লাগে। জনতাক হেঁচা প্রয়োগ কৰি ৰাজহ সংগ্ৰহ কৰা বন্ধ হ'ব লাগে। মানুহৰ পৰা অযথা ফাইন কাটি চৰকাৰক শ'লঠেকত পেলাব নালাগে।' বন বিভাগে প্রাপ্য ৰাজহখিনিহে সংগ্ৰহ কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ব্যক্তিগত ৰয়েল্টী লোৱা এৰি দিয়ক। চৰকাৰৰ ঘৰত জমা হ'ব লাগে বন বিভাগৰ ৰয়েল্টী। ব্যক্তিগত ৰয়েল্টী লৈ আপোনালোকে বহু কাম বৈধ কৰি দিয়ে। কি কি কাৰণত বন বিভাগৰ ৰাজহ কমকৈ আহিছে মোক জনাব লাগিব বুলি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে বন বিভাগৰ বিষয়াসকল কিদৰে কোটিপতি হয় সেয়া সকলোৱে দেখি আহিছে। 

উল্লেখযোগ্য যে বৈঠকত কুৱেৰী আৰু বালিৰ মহলত ব্যৱহাৰ হোৱা প্ৰতিখন বাহনত জি পি এছ লগোৱা হ'ব বুলি তেওঁ প্রকাশ কৰে। ইয়াৰ জৰিয়তে বাহনসমূহ ক'ত ৰখা হৈছে সেই বিষয়ে বন বিভাগে ট্রেকিং কৰি থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে। কনিষ্ঠ বিষয়াসকলক উদ্দেশ্যি তেওঁ কয়, 'আপোনালোকে ছিনিয়ৰক ক'ব নোৱাৰা কথা মোক হোৱাটছএপযোগে জনাব। মই ব্যৱস্থা গ্রহণ কৰিম।'

Share This