৫ বছৰত ৰাজ্যত পথ দুর্ঘটনাত নিহত লোকৰ সংখ্যা ২৭.৪৬ শতাংশ বৃদ্ধি, সুৰাপান-তীব্রগতি-ম'বাইল ফ'ন-বিধ্বস্ত পথৰ পৰিণতি

dainik janambhumi April 27, 2026

ডিজিটেল ডেস্ক: একো একোটা দুর্ঘটনা এটা মাত্র সংখ্যা বা এটা ঘটনাই নহয়। সেই সংখ্যাটো বা সেই ঘটনাটোৰ অন্তৰালত থাকে অকালতে হেৰাই যোৱা এটি প্রাণৱন্ত জীৱন, এটি পৰিয়ালৰ হাঁহি আৰু আলফুলে সজোৱা হাজাৰ হাজাৰ সপোন। প্রতিটো দুর্ঘটনাইকাঢ়ি নিয়ে বহুতৰে আপোনজনক, বহুতো সম্ভাৱনাময় জীৱনক। কিন্তু তাৰ পাছতো সচেতনতাৰ অভাৱ, উদণ্ড চালকৰ মইমতালি আৰু আইন উলংঘা তথা আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই ৰাজ্যৰ ৰাজপথত অব্যাহত আছে মৃত্যুৰ কিৰিলি। 

চৰকাৰ তথা পৰিবহণ বিভাগে ইটোৰ পাছত সিটোকৈ নিয়ম বান্ধি দিয়াৰ পাছতো ৰাজ্যত দ্রুতগতিৰে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। প্রতিবছৰে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা বৃদ্ধিৰ লগতে বহুজনে পংগুত্বৰ জীৱন কটাবলগীয়া হৈছে। মৃত্যুদূতৰূপী ৰাজপথ এতিয়া সৰ্বসাধাৰণৰ বাবে এটা প্রধান সমস্যাৰ বিষয় হৈ পৰিছে। কাৰণ ৰাজপথত ওলালেই বাহনৰ খুন্দাত কেতিয়া, কাৰ প্ৰাণ যায় তাৰ নিশ্চয়তা নোহোৱা হৈছে। ৰাজ্যৰ পৰিবহণ বিভাগে পথ দুর্ঘটনা ৰোধৰ বাবে নিত্য নতুন কৌশল ৰচনা কৰিছে যদিও পথ দুৰ্ঘটনাৰ মাত্রা কমাব পৰা নাই। যান-বাহন আইন উলংঘাৰে চালকে ৰাজপথত চলোৱা দৌৰাত্ম্যৰ বাবে দিনকদিনে পথ দুৰ্ঘটনাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। 

কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে, অসমত প্রতিদিনে ৰাজপথত সংঘটিত গড়ে ২০টাকৈ পথ দুর্ঘটনাত গড়ে প্রায় ৯জনকৈ লোক নিহত হোৱাৰ উপৰি ১৬জনকৈ লোক আহত হয়। তথ্য অনুসৰি, ৰাজ্যখনত ২০১৮ চনত ৭,২৪৮টা, ২০১৯ চনত ৭,৩৫০টা, ২০২০ চনত ৬,৫৯৫টা, ২০২১ চনত ৭,৪১১টা আৰু ২০২২ চনত ৭,০২৩টা আৰু ২০২৩ চনত ৭৪২১টা পথ দুর্ঘটনা সংঘটিত হৈছে। সংঘটিত এই দুর্ঘটনাত উদ্বেগজনকভাৱে ২০১৮ চনত ২,৯৬৬জন, ২০১৯ চনত ৩,২০৮জন, ২০২০ চনত ২,৬২৯জন, ২০২১ চনত ৩,০৩৬জন আৰু ২০২২ চনত ২,৯৯৪জন, ২০২৩ চনত ৩,২৯৬জন আৰু ২০২৪ চনত এই সংখ্যা ৩,৩৫১জন লোকৰ মৃত্যু হৈছে। বিগত পাঁচ বছৰত অসমত পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭.৪৬ শতাংশ বৃদ্ধি পাইছে। তথ্য অনুসৰি, ২০১৯ৰ পৰা ২০২৩ চনৰ ভিতৰত উত্তৰ-পূবৰ ভিতৰতে সৰ্বাধিক ৩৬,৮০০টা পথ দুর্ঘটনা অসমত সংঘটিত হৈছে। 

ৰাজ্যখনত সংঘটিত পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ হিচাপে সুৰাপান, অধিক গতিত বাহন চলোৱা আৰু জৰাজীৰ্ণ পথ বুলি বিবেচিত হৈছে। ২০২৩ চনত ৰাজ্যখনত ২৯৭৯টা পথ দুর্ঘটনা দ্রুতগতিত বাহন চলোৱাৰ বাবে আৰু ১০৬টা পথ দুৰ্ঘটনা সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে সংঘটিত হৈছে। আনকি ম'বাইল ফ'ন ব্যৱহাৰ কৰাৰ বাবেও উক্ত বর্ষটোত ১০৫টা পথ দুর্ঘটনা সংঘটিত হৈছে। পথত থকা গাঁতৰ বাবেও ৰাজ্যখনত বহুসংখ্যক দুর্ঘটনা সংঘটিত হৈছে। সেইদৰে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অসমৰ হিট এণ্ড ৰানৰ ঘটনাৰ তথ্য অনুসৰি, ২০২০ চনত ১,২৩৫টা, ২০২১ চনত ১,৩৯৩টা, ২০২২ চনত ১,১৬৩টা, ২০২৩ চনত ১,০৪৫টা, ২০২৪ চনত ৯৭৫টা আৰু ২০২৫ চনত ১,১২৭টা হিট এণ্ড ৰানৰ ঘটনা অসমত সংঘটিত হৈছে। হিট এণ্ড ৰানৰ ঘটনাত অৱশ্যে কিমান লোকৰ মৃত্যু হৈছে বা কিমানজন আহত হৈছে সেই কথা কেন্দ্ৰীয় চৰকাৰে সদৰী কৰা নাই যদিও অত্যধিক সুৰাপান কৰা চালকৰ বাবেই অধিকসংখ্যক হিট এণ্ড ৰানৰ ঘটনা সংঘটিত কৰাৰ তথ্য প্রকাশ হৈছে। ঠিক তেনেদৰে গুৱাহাটী মহানগৰতো দ্রুতগতিত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। আৰক্ষীৰ তথ্য অনুসৰিয়েই ২০২৩ চনত গুৱাহাটীত সংঘটিত মুঠ ৭৫৫টা পথ দুৰ্ঘটনাৰ ঘটনাত প্রায় ২৬৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০২২ চনত সংঘটিত ৭৬৮টা পথ দুৰ্ঘটনাত ২৫৩জনৰ আৰু ২০২১ চনত সংঘটিত ৭৯৫টা পথ দুর্ঘটনাত ২৪৮জন লোকৰ মৃত্যু হৈছে। ইয়াৰ পূৰ্বৰ আৰু পাছৰ বছৰসমূহতো মহানগৰত সংঘটিত পথ দুর্ঘটনাত বহুতো লোকে প্রাণ হেৰুৱাইছে। 

উল্লেখযোগ্য যে ২০২২ চনতেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অপৰাধ আৰু দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে নিশাৰ ভাগত পুলিচৰ পেট্ৰ'লিং শক্তিশালী কৰিবলৈ অসম আৰক্ষীক আহ্বান জনাইছিল যদিও কামত নাহিল। ইয়াৰ পাছত ২০২৩ বৰ্ষৰ ২৯ মে'ত জালুকবাৰীত সংঘটিত পথ দুর্ঘটনাত সাতগৰাকীকৈ ছাত্ৰৰ মৃত্যুৰ পাছতেই দুর্ঘটনা ৰোধ কৰাৰ বাবে অসম আৰক্ষীৰ পূৰ্বৰ সঞ্চালক প্রধান জি পি সিঙৰ দিনতেই নতুন একশ্যন প্লেন গ্রহণ কৰি অত্যধিক দুর্ঘটনা সংঘটিত হোৱা ৭খন জিলালৈ কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে সুৰাপায়ী চালকৰ বিৰুদ্ধে জিৰ'টলাৰেঞ্চ নীতি গ্রহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। ইয়াৰ পাছতেই তৎপৰ হৈ পৰিছিল যান-বাহন আৰক্ষীৰ লগতে পৰিবহণ বিভাগ। নিশাৰ ভাগত বিভিন্ন মূল পথৰ লগতে দাঁতিকাষৰীয়া অঞ্চলতো পৰিবহণ বিভাগে ব্রেথ এনালাইজাৰেৰে যান-বাহনৰ চালকসকলক পৰীক্ষা কৰা পৰিলক্ষিত হৈছিল। পৰিবহণ বিভাগৰ এই অভিযান নিশা সঘনাই চলিব বুলি বিষয়াসকলে জানিবলৈ দিছিল যদিও কিছুদিন যোৱাৰ পাছতেই পুনৰ আৰক্ষীয়ে এই অভিযান শিথিল কৰাত ৰাজপথত পুনৰ চালকৰ উপদ্ৰৱ বৃদ্ধি পাইছে।

Share This