বিপদে এৰা নাই লগ, ভূমি জালিয়াতিৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ নূপুৰ বৰা

dainik janambhumi February 04, 2026

ডিজিটেল ডেস্ক: আয়বহির্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এ চি এছ বিষয়া নূপুৰ বৰা এইবাৰ ভূমি জালিয়াতিৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ হ'ল। কালি মহানগৰীৰ মালিগাঁওস্থিত বাসগৃহৰ পৰা দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে পুনৰ গ্ৰেপ্তাৰ কৰে। ২ শতাধিক লোকৰ ভূমি জালিয়াতিৰে হস্তান্তৰ তথা নামজাৰি কৰাৰ অভিযোগত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। 

প্রণিধানযোগ্য যে আয়বহির্ভূত সম্পত্তিৰ গোচৰত মাত্র দুমাহমান পূর্বে গ্ৰেপ্তাৰ হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিলম্বন কৰা হৈছিল। কিন্তু ৫৬ দিন কাৰাগাৰত কটোৱাৰ পাছতে তেওঁ জামিনত মুক্ত আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছিল। প্রাপ্ত তথ্য অনুসৰি তেওঁৰ বিৰুদ্ধে ভূমি জালিয়াতিৰ অভিযোগ উত্থাপন কৰি বৰপেটা জিলাৰ আয়ুক্ত আৰু সহকাৰী আয়ুক্তই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত এজাহাৰৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত ৩২/২০২৫ নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰ সংক্ৰান্তত কালি নিলম্বিত বিষয়াগৰাকীক পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হয়। এজাহাৰত ৰাজহ চক্ৰ বিষয়া হৈ থকা সময়ত নূপুৰ বৰাই লাখ লাখ টকাৰ বিনিময়ত পঞ্জীয়ন নকৰাকৈ ভূমি নামজাৰি কৰিছিল। 

আনহাতে, এজাহাৰ লাভৰ পাছতে বৰপেটাত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তথ্যৰ সন্ধানত অভিযান চলায়। অভিযানত প্রায় ৭০গৰাকী সন্দেহজনক ব্যক্তিৰ ভূমিৰ নথি তদন্তকাৰী আৰক্ষীয়ে জব্দ কৰে। জব্দ কৰা ভূমিৰ নথিপত্ৰসমূহ পৰীক্ষণৰ ব্যৱস্থাও কৰে। নথি-পত্ৰত বিসংগতি ধৰা পৰাৰ পাছতে দুর্নীতিগ্রস্ত বিষয়াগৰাকীক আজি পুনৰ গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ অনুসৰি বৰপেটাত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত নূপুৰ বৰাই ২৮৪ গৰাকী লোকক অবৈধ প্রক্রিয়াৰে ভূমি পঞ্জীয়ন কৰি দিছিল। বৃহৎ ধনৰ বিনিময়ত নূপুৰ বৰাই ভূমিখিনি একাংশ সন্দেহজনক লোকৰ নামত পঞ্জীয়ন কৰিছিল। 

উল্লেখযোগ্য যে বৰপেটা জিলা আযুক্তই ২৮৪গৰাকী লোকৰ ভূমি জালিয়াতিৰ তথ্য প্রদান কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষক। জিলা আয়ুক্তই দিয়া তথ্যসমূহৰ মূল্যায়ন চলাই আছে তদাৰকী কোষে। কামৰূপৰ গৰৈমাৰীতো বহু লোকক অবৈধভাৱে ভূমি পঞ্জীয়ন কৰি দিছিল নূপুৰ বৰাই। সেয়ে, গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা এতিয়া তদাৰকী কোষে তথ্য বিচাৰিছে। দুর্নীতিগ্রস্ত বিষয়াগৰাকীক গ্ৰেপ্তাৰৰ পাছতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ'জী কলিতাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে যে ৰাজহ চক্ৰ বিষয়া হৈ থকাৰ সময়ত ৫২৪খন ভূমিৰ নথিত ব্যাপক খেলিমেলি কৰিছিল। ব্যক্তি বিশেষৰ লগতে সত্ৰ আৰু চৰকাৰী ভূমিতো জালিয়াতি কৰিছিল নূপুৰ বৰাই। আনৰ মাটি অন্য ব্যক্তিৰ নামত জালিয়াতি নামজাৰি কৰিছিল। ১.৫ লাখৰ পৰা আৰম্ভ কৰি যিমান ওপৰলৈ পাৰে সিমিন উৎকোচ লৈ মাটি নামজাৰি কৰিছিল ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাই। সিমানে লাট মণ্ডলৰ 'লগ ইন' আই ডি লৈও নূপুৰ বৰাই ভূমিৰ নথি জালিয়াতি কৰিছিল। তেওঁ লগতে কয় যে নূপুৰ বৰাই জালিয়াতিবে কৰা ভূমি পঞ্জীয়ন বাতিল কৰিবলৈ কামৰূপ আৰু বৰপেটা জিলাব আয়ুক্তলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে পত্ৰ প্ৰেৰণ কৰিছে। প্রণিধানযোগ্য যে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ ২৫/২০২৫ নম্বৰ গোচৰত পূৰ্বতে গ্ৰেপ্তাৰ হৈছিল নূপুৰ বৰা। ৫৬ দিন কাৰাগাৰত কটাই তেওঁ সেই গোচৰত জামিন লাভ কৰিছিল। 

লক্ষণীয় যে ২০১৯ চনত নিযুক্তি লাভ কৰা নূপুৰ বৰাই ৬ বছৰতে চৰকাৰী পদমর্যাদা আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰি কোটিপতি হৈছিল। সেই সময়ত তেওঁৰ ঘৰত অভিযান চলাই নগদ ধনৰ লগতে ডেৰ কোটি টকা মূল্যৰ সোণ, হীৰাৰ আ-অলংকাৰ জব্দ কৰিছিল। তদন্তত তেওঁৰ আয়তকৈ ৪০০ গুণ অধিক সম্পত্তি পোৱা গৈছিল।

Share This