ডিজিটেল ডেস্ক: হেটত্রিক অর্জন কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে অহা ১২ মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণৰ পূৰ্ণ প্রস্তুতি চলাইছে। খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত কৰিব লগীয়া এই শপত গ্রহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অংশ গ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি দলৰ সকলো জ্যেষ্ঠ নেতা, কেন্দ্রীয় মন্ত্রী আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব।
শপত গ্রহণ প্রক্রিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি বিজেপি দলৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিত কালি বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে অহা ১২ মে'ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰখনে শপত গ্রহণ কৰিব।
শপত গ্রহণ অনুষ্ঠানত অংশ গ্রহণ কৰাৰ বাবে সেই দিনা পুৱা ১০-১০ বজাত প্রধানমন্ত্রী নৰেন্দ্র মোদী বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ'ব। তাৰ পৰা পোনে পোনে তেওঁ নাৰেংগীৰ হেলিপেডত অৱতৰণ কৰিব। প্রধানমন্ত্ৰীগৰাকী আহি পোৱাৰ পাছতেই দিনৰ ১১ বজাৰ পৰা শপত গ্রহণ অনুষ্ঠান আৰম্ভ হ'ব। আনহাতে সাধাৰণ ৰাইজে যাতে শপত গ্রহণ অনুষ্ঠানটো স্বচক্ষে প্রত্যক্ষ কৰিবলৈ সুবিধা পায়, তাৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি মত প্রকাশ কৰি শইকীয়াই লগতে কয় যে অহা ১০ মে'ত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্রীয় পর্যবেক্ষক হিচাপে প্রাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য মন্ত্রী জগত প্রসাদ নড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্রী নয়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতাগৰাকী নিৰ্বাচন কৰিব।
ইয়াৰ পিছতে ১২ মে'ত অসমত এন ডি এ চৰকাৰে তৃতীয় কার্যকালৰ শুভাৰম্ভ কৰিব। প্রণিধানযোগ্য যে বাজ্য প্রশাসনেও শপত গ্রহণ অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্রস্তুতি চলাইছে। ভি আই পি, ভি ভি আই পিৰ লগতে লক্ষাধিক লোকৰ সমাগম হ'ব লগীয়া এই অনুষ্ঠানৰ ফলত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে আগতীয়াকৈ পদক্ষেপ গ্রহণ কৰাৰ বাবে কালি ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই আৰক্ষী সঞ্চালক প্রধানগৰাকীৰ সৈতেও এখন বৈঠকত মিলিত হয়।
ইফালে কালি নিশা ড° হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই খানাপৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈ শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।