'বিকাশেই হ'ব নতুন চৰকাৰৰ মূলমন্ত্ৰ', কাইলৈ শপতগ্ৰহণ, ৰাজ্যপালৰ অনুমোদন

dainik janambhumi May 11, 2026

ডিজিটেল ডেস্ক: দ্বিতীয়বাৰলৈ ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্রহণ কৰিবলৈ অনুমতি প্রদান কৰি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি অধিসূচনা জাৰি কৰে। বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ড° শর্মা সর্বসন্মতিক্রমে বিজেপি বিধায়িনী দলৰ নেতা নির্বাচিত হয় আৰু তেওঁক এন ডি এৰ অংশীদাৰ দল অগপ আৰু বি পি এফেও নেতা হিচাপে সমর্থন কৰে। 

সর্বসন্মতিক্রমে নেতা নির্বাচিত হোৱাৰ পাছতে লোকভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁক সমর্থন জনোৱা এন ডি এৰ সদস্যসকলৰ তালিকা দাখিল কৰাৰ পাছতে লোকভৱনৰ পৰা ড° শৰ্মাক অহা ১২ মে'ত শপতগ্ৰহণৰ অনুমোদন জনাই অধিসূচনা জাৰি কৰে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্রীসভাই শপত ল'ব। 

উল্লেখযোগ্য যে অসমত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰে ক্ষমতা দখল কৰিছে। ২০১৬ চনৰ প্ৰথমখন এন ডি এ চৰকাৰৰ নেতৃত্বত আছিল সর্বানন্দ সোণোৱাল। ২০২১ত ড° শর্মাই মুখ্যমন্ত্রী হিচাপে শপত লয় আৰু অহা ১২ মে'ত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী ৰূপে শপত ল'ব। 

উল্লেখযোগ্য যে স্বাধীনতাৰ পাছত অসমত একেলেথাৰিয়ে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত বহা চতুৰ্থগৰাকী মুখ্যমন্ত্রী হ'ব ড° হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পূৰ্বে বিষ্ণুৰাম মেধি, বিমলা প্রসাদ চলিহা, তৰুণ গগৈয়ে দ্বিতীয়বাৰৰ বাবে একেৰাহে মুখ্যমন্ত্রী হিচাপে শপত লৈছিল। বাজপেয়ী ভৱনত কালি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে অনুষ্ঠিত বিজেপি বিধায়িনী দল তথা এন ডিৰ বৈঠকত পর্যবেক্ষক হিচাপে কেন্দ্রীয় মন্ত্রী জে পি নড্ডা আৰু সহঃ পৰ্যবেক্ষক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছৈনী উপস্থিত থাকে। ৰাষ্ট্ৰীয় পথৰ দাঁতিত এন ডি এৰ অংশীদাৰ দলসমূহৰ উৰি থকা পতাকাৰ মাজত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশৰ মাজত বিজেপি বিধায়িনী দলৰ ৮গৰাকী সদস্য ক্রমে ৰঞ্জিত কুমাৰ দাস, ৰামেশ্বৰ তেলী, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদ্বীপ ৰয়, অশোক সিংহল, পীয়ূষ হাজৰিকা আৰু চক্র গগৈয়ে ড° শৰ্মাৰ নাম নেতা হিচাপে প্রস্তাৱ কৰে আৰু এন ডি এৰ আটাইবোৰ ৰাজনৈতিক দলৰ সমৰ্থনত নির্বাচিত হোৱা ১০২গৰাকী বিধায়কে সমর্থন জনায়। ইয়াৰ পাছতে পর্যবেক্ষক, এন ডি এৰ অংশীদাৰ দলৰ নেতাসকলক লগত লৈ ড° হিমন্ত বিশ্ব শর্মাই বাজপেয়ী ভৱনৰ পৰা যাত্ৰা কৰি লোকভৱনত উপস্থিত হৈ ৰাজ্যপালক সাক্ষাৎ কৰে। ৰাজভৱনত তেওঁক ৰাজ্যপাল আচাৰ্যই অভিনন্দন জনায়। 

কালিৰ বিজেপি বিধায়িনী দলৰ বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, বি টি চিৰ উপ-মুখ্য কার্যবাহী বিষয়া ৰিহণ দৈমাৰী প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক বিষয়ববীয়াসকল উপস্থিত থাকে। বিধায়িনী দলৰ নেতা নির্বাচিত হোৱাৰ পাছতে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমৰ বিকাশৰ বাবে কাম কৰিবলৈ ৰাইজে আশীর্বাদ দিছে। যোৱা ৫টা বছৰ দিনে-ৰাতিয়ে কষ্ট কৰাৰ পাছত ৰাইজে মৰম আৰু আশীৰ্বাদ দিছে। সেয়েহে বিকাশৰ কাম কৰাটোৱেই হ'ব তেওঁৰ একমাত্র লক্ষ্য। 

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিকাশৰ যি লক্ষ্য তাৰ বাবে তেওঁক ধন্যবাদ দি বিধায়িনী দলৰ নেতা ড° শৰ্মাই আৰু কয় যে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ শান্তি আৰু বিকাশৰ পদক্ষেপৰ ফলত অসম আজি এখন শান্তিৰ ৰাজ্যত পৰিণত হ'ল। অগপৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ নেতা হাগ্রামা মহিলাৰীৰ সহযোগৰ বাবে তৃতীয়বাৰৰ বাবে এন ডি এৰ মন্ত্রীসভাই শপত ল'ব। তেওঁ সকলো সদস্যক ধন্যবাদ জনায়। ইফলে কেন্দ্রীয় পর্যবেক্ষক হিচাপে উপস্থিত থকা জে পি নড্ডাই কয় যে অগপ আৰু বি পি এফে বিজেপি এন ডি এলৈ অভূতপূর্ব সমর্থন আগবঢ়াইছে। অসমত যি বিজয় হৈছে সেয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নীতিৰ বাবে ৰাইজে দিয়া মতদান। তাৰ বাবে অসমৰ ৰাইজক তেওঁ ধন্যবাদ জনায়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয় যে ছাত্ৰাৱস্থাৰ পৰা সংসদীয় ৰাজনীতিলৈ সুদীর্ঘ ৩০টা বছৰ অসমৰ ৰাজনীতিত অদ্বিতীয় স্থান দখলেৰে জনতাৰ আশিস বুটলিবলৈ সক্ষম হোৱা ড° শৰ্মা একেলেথাৰিয়ে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা অসমৰ চতুৰ্থগৰাকী ব্যক্তি হিচাপে পৰিগণিত হ'ব। 

২০১৬ চনৰ পৰা বিজেপি দলৰ নেতৃত্বত ৰাজ্যত অবিৰতভাৱে আৰম্ভ হোৱা উন্নয়নৰ বাবে ১০২খন আসনেৰে অভিলেখ সৃষ্টি কৰি পুনৰ সেৱাৰ সুযোগ প্রদান কৰাৰ বাবে সভাপতি দিলীপ শইকীয়াই অসমৰ জনতাক ধন্যবাদ জ্ঞাপন কৰে। লগতে অষ্টলক্ষ্মীৰ দৃষ্টিৰে অসমৰ ভেটি মজবুত কৰি তৃতীয়বাৰৰ বাবে অসমত এন ডি এ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে নেতৃত্ব প্রদান কৰা দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল সমন্বিতে সকলো ৰাষ্ট্ৰীয় নেতৃত্বকো সভাপতিগৰাকীয়ে কৃতজ্ঞতা ব্যক্ত কৰে। 

অহা ১২ তাৰিখে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ'বলগীয়া শপতগ্রহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্রী অমিত শ্বাহ উপস্থিত থকাৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা দেশৰ ২১খন বিজেপি আৰু এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীসকল উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Share This