ডিজিটেল ডেস্ক : ভাৰতৰ অগ্রণী ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী এল আই চিয়ে ব্রিটিছ ষ্টেণ্ডার্ডছ ইনষ্টিটিউশ্যন (বি এছ আই)ৰ পৰা আই এছ অ' ২২৩০১:২০১৯ ব্যাৱসায়িক ধাৰাবাহিকতা ব্যৱস্থাপনা ব্যৱস্থা (বি চি এম এছ) প্রমাণপত্র লাভ কৰি বীমা কোম্পানীটোৰ অপাৰেশ্যনেল ৰেজিলিয়েন্স, বিজনেছ কন্টিনিউটি প্লেনিং আৰু ৰিস্ক মেনেজমেণ্টৰ ক্ষমতা লাভ কৰিছে।
আই এছ অ' ২২৩০১:২০১৯ বি চি এম এছ স্বীকৃতিয়ে বীমা কোম্পানীয়ে শক্তিশালী ব্যাৱসায়িক ধাৰাবাহিকতা পদ্ধতি বজাই ৰখা, অভাৱনীয় ব্যাঘাতৰ সময়তো নিৰৱচ্ছিন্ন সেৱা নিশ্চিত কৰাৰ আৰু বিপদ ফলপ্রসূভাৱে পৰিচালনা কৰাৰ ক্ষমতাক স্বীকৃতি দিয়ে।
আই এছ অ' ২২৩০১:২০১৯ হৈছে ব্যাৱসায়িক ধাৰাবাহিকতা ব্যৱস্থাপনাৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় মানদণ্ড, যিয়ে কার্যতঃ বিঘিনি কম কৰা আৰু সংকটৰ সময়ত দ্রুত আৰোগ্য নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।