ডিজিটেল ডেস্ক : ১৩ জুলাইৰ পৰা সম্পূৰ্ণ দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। ৰে'ল বিভাগে দলংখনৰ মেৰামতিৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্তলৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে। সেই অনুসৰি মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতহে অর্থাৎ অহা ১৫ ছেপ্টেম্বৰৰ পাছতহে পুনৰ পুৰণি শৰাইঘাট দলঙেৰে যাতায়াত আৰম্ভ হ'ব। পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনৰুদ্ধাৰ কাৰ্যৰ সন্দৰ্ভত কালি কামৰূপ (মহানগৰ) ৰ জিলা আয়ুক্ত স্বপ্নীল পালে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেল আয়োজন কৰি এই কথা জানিবলৈ দিয়ে। সংবাদমেলত কামৰূপৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভাশিস বৰুৱা আৰু যান-বাহন আৰক্ষীৰ ডি চি পি জয়ন্ত সাৰথি বৰাও উপস্থিত থাকে। জিলা আয়ুক্ত স্বপ্নীল পালে সংবাদমেলত কয় যে শৰাইঘাটৰ পুৰণি দলঙৰ যাতায়াত দুমাহৰ বাবে বন্ধ থাকিব। অহা ১৩ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰলৈকে দলংখনৰ মেৰামতিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। ৰে'লৱে বিভাগৰ সৈতে হোৱা বৈঠকত পুৰণি দলঙত যথেষ্ট সমস্যা হোৱাৰ বাবে দলংখন শীঘ্ৰে মেৰামতিৰ প্ৰয়োজন আছে বুলি জনোৱা হৈছে। পুৰণি শৰাইঘাটৰ দলং বন্ধ থকাৰ সময়ছোৱাত নতুন দলঙেৰে যাতায়াত ব্যৱস্থা অব্যাহত থাকিব।
অৱশ্যে, শৰাইঘাটৰ পুৰণি দলংখনেৰে যাতায়াত বন্ধ থাকিলে ৰাইজৰ কিছু সমস্যা হ'ব বুলি উল্লেখ কৰি তেওঁ সকলোৰে সহযোগিতা কামনা কৰে। সংবাদমেলত জয়ন্ত সাৰথি বৰাই দলংখনেৰে যাতায়াত বন্ধ থকাৰ সময়ছোৱাত আমাৰ ফালৰ পৰা যি কৰিব লগা আছে সকলো কৰা হ'ব বুলি উল্লেখ কৰি কয়, 'দলংখন মেৰামতিৰ সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে কোনেও অভাৰটেক কৰিবলৈ চেষ্টা নকৰিব। নতুন দলংখনৰ মাজত ডিভাইডাৰৰ ব্যৱস্থা কৰা হ'ব। ৰাজপথৰ দুয়োফালৰ পার্কিংসমূহ সম্পূর্ণরূপে বন্ধ কৰা হ'ব।' তদুপৰি, বৰাগাঁৱৰ পৰা চাংসাৰিলৈকে যান-বাহন আৰক্ষীয়ে প্রতিদিনে ৰাষ্ট্ৰীয় ঘাইপথছোৱা তদাৰক কৰি থাকিব বুলি সদৰী কৰি তেওঁ কামৰূপৰ দিশৰ পৰা অহা লঘু বাহনসমূহ কুমাৰ ভাস্কৰ বৰ্মা সেতু হৈ গুৱাহাটীলৈ আহিব লাগিব বুলি জানিবলৈ দিয়ে। ইফালে, সংবাদমেলত কামৰূপৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভাশিস বৰুৱাই পুৰণি দলঙেৰে যান-বাহনৰ চলাচল বন্ধ থকাৰ সময়ছোৱাত নামনি অসমৰ পৰা আহিব লগা গধুৰ বাহনসমূহ বাইহাটা চাৰিআলিতে ৰখোৱা হ'ব আৰু সৰু বাহনসমূহ নতুন দলঙৰে আহিব লাগিব বুলি উল্লেখ কৰাৰ লগতে বিমান বন্দৰলৈ অহা যাত্রীসকলক সময়তকৈ আগতেই আহিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা শৰাইঘাটৰ এই পুৰণি দলংখনে উজনি আৰু নামনি অসমৰ যোগাযোগ ব্যৱস্থাৰ গতিশীলতাত ব্যাপক প্রভাৱ পেলাই আহিছে। নতুন দলংখন মুকলি কৰাৰ পূৰ্বে এইখন দলঙেই উজনি আৰু নামনি অসমৰ যোগাযোগ ব্যৱস্থাৰ একমাত্ৰ সম্বল আছিল। প্রতিদিনে উজনি অসমৰ পৰা নামনি অসমলৈ বা নামনি অসমৰ পৰা গুৱাহাটী আৰু উজনি অসমলৈ লাখ-লাখ যান-বাহনৰ ভৰ মাত্ৰ এখন দলঙেই দীর্ঘদিন ধৰি বহন কৰি আহিছিল। নতুন দলংখন মুকলি কৰাৰ পাছত এই সমস্যা হ্রাস পালে যদিও এতিয়াও দৈনিক লাখ-লাখ যান-বাহন এই পুৰণি দলংখনৰ ওপৰেদিয়েই অহা-যোৱা কৰি আছে। গতিকে, আগন্তুক দিনত দলংখনৰ গতিশীলতাৰ প্ৰতি লক্ষ্য ৰাখি সঠিকভাৱে মেৰামতি কৰাটো অতি প্রয়োজনীয় হৈ পৰিছে।