এক দেশ এক নিৰ্বাচন

Dainik janambhumi September 21, 2024

ডিজিটেল ডেস্কঃ আজিৰ ভাৰতবৰ্ষৰ দৰে ‘এক দেশ’ ইতিহাসৰ পৃষ্ঠাত কোনো কালতে নাছিল৷ এছিয়া মহাদেশৰ দক্ষিণ-পূবত বৰ্তমানে থকা ৰাষ্ট্ৰসমূহ আচলতে এতিয়াৰ অৱস্থাত নাছিল৷ বৈদিক যুগৰ ভাৰতবৰ্ষখন সিন্ধু অৱবাহিকাতহে আছিল৷ গংগা উপত্যকালৈ বহু পাছতহে সম্প্ৰসাৰিত হৈছিল৷ আজিৰ ভাৰতৰ উত্তৰ-পূবক এসময়ত ম্লেছৰ ৰাজ্য বোলা হৈছিল৷

ইয়াক উল্লেখ কৰা হৈছিল নিষিদ্ধ এলেকা ৰূপে৷ মনু স্মৃতি এই মতৰ সমৰ্থক৷ দক্ষিণ ভাৰত আকৌ আৰ্যৱৰ্তৰ পৰা সম্পূৰ্ণ বাহিৰত৷ সেইবাবেই দক্ষিণ ভাৰতো আৰ্যসকলৰ পচন্দৰ ঠাই নাছিল৷ আনহাতে মধ্যভাৰত উত্তৰ ভাৰতৰ মূল বাসিন্দা আছিল আদিবাসী জনজাতীয়সকল যাৰ নিজস্ব এটা সাংস্কৃতিক আৰু নৃগোষ্ঠীয় পৰিচয় আছিল৷ এইসকলক সিন্ধু উপত্যকাৰ সভ্যতা সৃষ্টিকাৰী জনগোষ্ঠীসমূহৰ বংশধৰ বুলিও বহুতে ক’ব খোজে৷ ঠিক তেনেদৰে ভৌগোলিক পৰিসীমাৰ ক্ষেত্ৰতো আজিৰ ভাৰত আৰু অতীত ভাৰতৰ মাজত বহুত পাৰ্থক্য আছে৷ এককেন্দ্ৰীয় শাসনৰ অধীনত এখন ভাৰতবৰ্ষ ৰূপত নহয়, প্ৰকৃত ভাৰতবৰ্ষ আছিল বৃহৎসংখ্যক সৰু-বৰ স্বতন্ত্ৰ ৰাজ্যৰ এটা সমষ্টি৷ সেই বাবেই ‘এক ভাৰত’ ধাৰণাটো ঐতিহাসিক ধাৰণা নহয়৷ আজিৰ তথাকঠিত এক ভাৰত বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ভাবাদৰ্শৰ ভিত্তিত, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মাজেৰেহে বিকশিত হৈ আহি বৰ্তমান অৱস্থা পাইছেহি৷

সেইবাবেই আমাৰ সংবিধানৰ প্ৰণেতাসকলে ভাৰতবৰ্ষৰ ইংৰাজী নাম দিছে Union of India. অৰ্থাৎ এই ভাৰতবৰ্ষ এক দেশ এক জাতি নহয়– বৰঞ্চ এটা বUQবাদী আৰ্থ-সামাজিক আৰু ঐতিহাসিক পৰিস্থিতিৰ মাজেৰে আহি গঠিত হোৱা এখন আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰ৷ আনহাতে, অতীত ভাৰত হ’ল পাৰস্পৰিক দ্বন্দ্ব-সংঘাতত লিপ্ত কিছুমান ৰাজ্যৰ সমষ্টি৷

ভাৰতবৰ্ষৰ প্ৰকৃত ঐতিহ্য যে ৰাজনৈতিক-সাংস্কৃতিক-সামাজিক বUQবাদৰ ভিত্তিতহে গঢ় লৈ উঠিছে, সেই কথা কোনোপধ্যেই মানি ল’ব নোখোজে হিন্দুত্ববাদৰ একাংশ প্ৰবক্তাই৷ তেওঁলোকে কেতবোৰ পুৰণি গাঁথাৰ ভিত্তিত এখন ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সপোন দেখি আহিছে৷ তেওঁলোক এখন গণতান্ত্ৰিক আৰু বUQবাদী ভাৰতৰ দুৰ্ঘোৰ বিৰোধী৷ স্বাধীনতা আন্দোলনৰ সময়তো এই হিন্দুত্ববাদৰ প্ৰবক্তাসকল ঔপনিৱেশিক শাসকৰ পক্ষতহে আছিল৷

বহু ভাষিক-ধৰ্মীয় আৰু নৃগোষ্ঠীৰ সমন্বয় আৰু সংমিশ্ৰণৰ ভিত্তিত গঢ়ি উঠা ভাৰতৰ বিপৰীতে তেওঁলোকে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ শ্ল’গান দিয়ে৷ দ্বিতীয় পৰ্যায়ত আগবঢ়াইছে এক ভাৰত এক নিৰ্বাচনৰ৷ বৰ্তমানৰ শাসক দল হিন্দুত্ববাদ বা হিন্দু জাতীয়তাবাদৰ ভাবাদৰ্শৰ দ্বাৰা পৰিচালিত৷

২০১৪ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱা আৰু পৰৱৰ্তী দহ বছৰ ক্ষমতাত অধিষ্ঠিত থকাৰ পাছত ভাৰতৰ গণতান্ত্ৰিক আৰু সাংবিধানিক সংস্কৃতিলৈ যে এটা বাৰ্তা আহিছে সেই কথাৰ দেশে-বিদেশে চৰ্চা হৈছে৷ প্ৰশাসন যন্ত্ৰ, চৰকাৰী সংস্থাৰ ৰাজনীতিকৰণ হৈছে৷ নিৰ্বাচন আয়োগ, চি বি আই, ই ডিকে ধৰি সংস্থাসমূহক ৰাজনৈতিক প্ৰতিপক্ষৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে৷ নিৰ্বাচনী বণ্ড ব্যৱস্থাৰ যোগেদি বণিক শ্ৰেণীৰ পৰা দলীয় পুঁজিলৈ বিপুল পৰিমাণৰ ধন আহৰণ কৰা হৈছে৷ সেই ধন নিৰ্বাচনী উদ্দেশ্যত ব্যয় কৰা হৈছে৷ প্ৰশাসন যন্ত্ৰ আনকি ন্যায়ালয়কো বহুক্ষেত্ৰত প্ৰভাৱিত কৰা হৈছে৷ এনে আৰু বহু গুৰুতৰ অভিযোগ বৰ্তমানৰ চৰকাৰ আৰু চৰকাৰ চলোৱা ৰাজনৈতিক দলৰ বিৰুদ্ধে আছে৷ যিহেতু এক দেশ এক নিৰ্বাচনৰ ধবনি এই দল আৰু এই চৰকাৰৰ তৰফৰ পৰা জনোৱা এটা আহ্বান– সেইবাবেই বহুতেই ইয়াৰ অন্তৰালতো কিবা বিশেষ উদ্দেশ্য থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে৷

সাংবিধানিকভাৱে দেশত একে ধৰণৰ নিৰ্বাচন ব্যৱস্থাই প্ৰচলিত৷ কিন্তু কোনো ৰাজনৈতিক-আৰ্থ-সামাজিক কাৰণত যদি এখন চৰকাৰে সংখ্যাগৰিষ্ঠৰ সমৰ্থন হেৰুৱাই পেলায় বা কাৰ্যকাল সম্পূৰ্ণ নহওঁতেই চৰকাৰৰ পতন হয় তেন্তে নতুনকৈ নিৰ্বাচন পাতি চৰকাৰ গঠন কৰিব লগা হয়৷ সেই চৰকাৰো পাঁচ বছৰীয়া কাৰ্যকালৰ বাবেই৷ আকৌ কেন্দ্ৰতো কোনো চৰকাৰ সংখ্যাগৰিষ্ঠতাৰ অভাৱৰ বাবে পতনমুখী হ’ব পাৰে৷ কেন্দ্ৰত জনতা চৰকাৰৰ পতন, বিশ্বানাথ প্ৰতাপ সিঙৰ চৰকাৰৰ পতন, ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰৰ পতন আদি তাৰ উদাহৰণ৷

কেতিয়াবা কোনো ৰাজনৈতিক দলে আন দলৰ বিধায়ক-সাংসদ আদি ক্ৰয় কৰি আগৰ দলৰ পৰা পদত্যাগ কৰাই ক্ষমতাত থকা দলত যোগদান কৰাই, এখন চৰকাৰ পতন ঘটাই আন দলৰ চৰকাৰ গঠন কৰাব পাৰে৷ বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰে এই কাম বহুবাৰ কৰিছে৷ এতিয়া প্ৰশ্ন হ’ল এক দেশ এক চৰকাৰে এনে সমস্যা সমাধান কৰিব পাৰিবনে? বৰ্তমান দেশৰ নিৰ্বাচন যে মুক্ত আৰু নিকা নহয় সেই কথা অলপতে লোক সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়তে স্পষ্ট হৈ পৰিছিল৷

নিৰ্বাচনবিলাকত জনসাধাৰণৰ মুক্ত মনেৰে, মুক্ত পৰিৱেশত ৰায় প্ৰদানৰ ব্যৱস্থা তথা পৰিৱেশ থাকিব লাগে যদিও জনসাধাৰণক, বিশেষকৈ শাসকীয় দলৰ পক্ষে প্ৰভাৱিত কৰিবলৈ কেনেকৈ সমস্ত চৰকাৰী যন্ত্ৰটোক প্ৰয়োগ কৰা হয়, সেয়া বিগত নিৰ্বাচনবোৰে দেখুৱাই আছে৷ তেনেস্থলত ‘এক দেশ এক নিৰ্বাচন’ৰ জৰিয়তে সমগ্ৰ দেশৰ নিয়ন্ত্ৰণ কোনোবা এটা বিশেষ পক্ষৰ মুঠিলৈ নিয়াৰ অভিপ্ৰায় থাকিব পাৰে নেকি তাৰ সন্দেহ কাৰোবাৰ মনত উদয় হোৱাটো অস্বাভাৱিক নহয়৷ ‘এক দেশ এক নিৰ্বাচন’ৰ ধাৰণাটো বেয়া বুলি কোৱাৰ থল নি(য় নাই, কিন্তু জনসাধাৰণৰ মনত উদয় হোৱা বহু সংশয় নিঃসৰণৰ কথা আছে৷ গতিকে, বিষয়টো কাৰ্যকৰী কৰিবলৈ আগবঢ়াৰ পূৰ্বে এটা মুকলি বিতৰ্ক হোৱা উচিত আছিল৷ এই বিষয়ত সংসদৰ বিশেষ অধিৱেশন এখন অনুষ্ঠিত কৰি সকলো দলৰ মতামত গ্ৰহণ কৰাৰো প্ৰয়োজন আছিল৷ প্ৰধানমন্ত্ৰীয়ে কৈছে যে ‘এক দেশ এক নিৰ্বাচন’ৰ অন্তৰালত কোনো ৰাজনৈতিক উদ্দেশ্য নাই৷ যদি চৰকাৰৰ উদ্দেশ্য কেৱল দেশৰ প্ৰগতিয়ে হয়, তেনেহ’লে ‘এক দেশ এক নিৰ্বাচন’ৰ ব্যৱস্থাটো কাৰ্যকৰী কৰাৰ পথৰ স্বচ্ছতা থকা উচিত৷

Share This