এগৰাকী শিক্ষয়িত্ৰীয়ে পঢ়ুৱাইছে ৭২ ছাত্র-ছাত্রীক

dainik janambhumi June 19, 2026

ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৩০ জনতকৈ কম শিক্ষার্থী থকা প্রাথমিক বিদ্যালয়সমূহ একত্ৰীকৰণৰ নামত বন্ধ কৰিবলৈ একপ্ৰকাৰ সিদ্ধান্ত গ্রহণ কৰিছে। ইতিমধ্যে জাৰি হোৱা তেনে অধিকাংশ বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ অনুপাত দেখিলে আপোনাৰো চকু কপালত উঠিব। 

যোৰহাট জিলাতেই এনে বিদ্যালয়ো আছে য'ত ছাত্র-ছাত্রীতকৈ শিক্ষক- শিক্ষয়িত্ৰীৰ সংখ্যাহে অধিক। কিন্তু মৰিয়নিত এতিয়াও এজনীয়া শিক্ষক থকা একাধিক বিদ্যালয়ো আছে য'ত শিক্ষকে যথেষ্ট কষ্ট কৰি ছাত্র-ছাত্রীক শিক্ষাদান কৰিবলগীয়া হৈছে। মৰিয়নিৰ সমীপৱৰ্তী পুখুৰীয়াৰ এৰাবাৰী প্ৰাথমিক বিদ্যালয়ো এজনীয়া শিক্ষকেৰে চলি আহিছে। পূৰ্বৰ মৰিয়নি সমষ্টিৰ আৰু বৰ্তমানৰ তিতাবৰ সমষ্টিৰ অন্তৰ্গত যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ এই বিদ্যালয়খনো অত্যন্ত ভিতৰুৱা অঞ্চলত অৱস্থিত। এৰাবাৰী নামটোৱেই যেন ঠাইডোখৰৰ পৰিচয় দাঙি ধৰিছে। ৰাস্তা-ঘাটৰ অৱস্থাও শোচনীয় হোৱাৰ পৰিপ্ৰেক্ষিতত এজাক বৰষুণ দিলেই ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ অহা-যোৱা কৰিবলৈ সমস্যাৰ সৃষ্টি হয়। ফলত বৰষুণৰ বতৰত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা কমি যায় বুলিও স্থানীয় ৰাইজে জানিবলৈ দিছে। 

বিদ্যালয়খনৰ পাঁচটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭২জন। কিন্তু বিদ্যালয়খনত আছে মাত্র এগৰাকী শিক্ষয়িত্ৰী। এই এগৰাকী শিক্ষয়িত্রীয়েই বিগত কেবামাহো ধৰি বিদ্যালয়খন চলাই যাব লগীয়া হৈছে। সেই এগৰাকী শিক্ষয়িত্ৰীয়েই এতিয়া প্রধান শিক্ষয়িত্ৰীৰ লগতে সহকাৰী শিক্ষয়িত্ৰীৰ ভূমিকাও পালন কৰিবলগীয়া হৈছে। মন কৰিবলগীয়া যে আজি কালি বিদ্যালয়ত প্রধান শিক্ষক বা শিক্ষয়িত্রীয়ে পাঠদানৰ লগতে আন আন বহু কাম কৰিবলগীয়া হয়। কিন্তু এজনীয়া শিক্ষয়িত্রী থকাৰ বাবে বিভিন্ন সময়ত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আহিছে। আনকি বিভাগীয় কিছু কাম-কাজ থাকিলে প্রধান শিক্ষক কেতিয়াবা বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা হয়। তেনেস্থলত এজনীয়া শিক্ষক থকা বিদ্যালয়খনৰ পাঠদানত ব্যাঘাত জন্মাটো স্বাভাৱিক। এই বিষয়ে বিদ্যালয় পৰিচালনা সমিতি, স্থানীয় ৰাইজ আদিয়ে খণ্ড প্রাথমিক শিক্ষা বিষয়াক শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে যদিও এতিয়ালৈকে একো ফলৱতী হোৱা নাই। 

কালি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এটা সঁজাতী দলে বিদ্যালয়খন পৰিদৰ্শন কৰি প্রধান শিক্ষয়িত্ৰীৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। ইতিমধ্যে আছাই যোৰহাট সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাক এক স্মাৰক-পত্ৰ প্ৰদান কৰি অতি শীঘ্ৰেই বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবলৈ দাবী জনাইছে। আছাৰ মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি ৰোছন তাঁতী, সম্পাদক ভৰত কুৰ্মি আৰু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক অজয় বৰাইকে এই সন্দৰ্ভত নিজৰ প্ৰতিক্রিয়া ব্যক্ত কৰি কয় যে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুযায়ী মাত্ৰ এগৰাকী শিক্ষয়িত্রী থকাত পাঠদানত ব্যাঘাত হৈ আহিছে। মৰিয়নিৰে বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা অধিক হোৱাৰ পাছতো তেনে বিদ্যালয় তেনেদৰেই চলি আহিছে। ইয়াৰ বিপৰীতে এৰাবাৰী প্রাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি হোৱাৰ পাছতো মাত্ৰ এগৰাকী শিক্ষয়িত্রীয়েই দায়িত্ব চম্ভালিব লগীয়া হোৱাত স্বাভাৱিকতে বহু সমস্যাৰ উদ্ভৱ হৈ আহিছে। এই ক্ষেত্ৰত শীঘ্রেই ব্যৱস্থা গ্রহণ কৰি বিদ্যালয়খনত শিক্ষকৰ সংখ্যা বৃদ্ধি কৰিবলৈ আছাই দাবী জনাইছে।

Share This