ডিজিটেল ডেস্ক : ডিজিটেল এই বছৰ দিল্লী আৰু বেংগালুৰুত নিৰ্মাণৰত অৱস্থাত থকা অসম ভৱন মুকলি কৰা হ'ব। বর্তমান কলকাতাত পুৰণা অসম ভৱন ভাঙি নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। আনহাতে, মুম্বাইত দুটা অসম ভৱন নতুনকৈ নিৰ্মাণ কৰা হ'ব। ইয়াৰে এটা হ'ব মুম্বাইলৈ চিকিৎসাৰ বাবে অসমৰ পৰা যোৱা ৰোগীসকলৰ বাবে আৰু আনটো হ'ব চৰকাৰী কাম-কাজৰ বাবে।
কালি দিল্লীত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ কয় যে দিল্লীত অসম ভৱনত ৰেচিডেন্স কমিছনাৰৰ অফিচ, কেবিনেট বৈঠক বা যিকোনো চৰকাৰী কাম-কাজ হ'ব আৰু ৰেচিডেন্স কমিছনাৰ অফিচে যিখিনি স্থান অসম হাউছত ৰাখিছিল, সেইখিনি সৰ্বসাধাৰণৰ কাৰণে মুকলি কৰি দিয়া হ'ব। আনহাতে, দ্বাৰকাত তৃতীয়টো অসম ভৱনৰ নিৰ্মাণ চলি আছে।
উল্লেখযোগ্য যে দিল্লীত অসম ভৱনৰ উপৰি দিল্লীৰে দ্বাৰকাত অসম ভৱন, কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰ নিৰ্মাণ চলি আছে আৰু এই কামৰ পৰিদৰ্শন কৰিবৰ বাবেই মুখ্যমন্ত্রীজন দিল্লীলৈ যাত্ৰা কৰিছিল। কালি দ্বাৰকাত নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি মুখ্যমন্ত্রীজনে কয় যে এই বছৰৰ শেষৰফালে দিল্লীৰ অসম ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব আৰু ইয়াক চৰকাৰী কাম-কাজৰ বাবে ব্যৱহাৰ কৰা হ'ব। মুখ্যমন্ত্ৰীজনে লগতে এই বুলিও কয়- দ্বাৰকাত নতুনকৈ এক বৃহৎ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। এই প্ৰকল্পত ১০০টা ৰূমৰ এক ভৱন নিৰ্মাণ কৰা হ'ব। লগতে দিল্লীত থকা অসমীয়াসকলৰ বিয়া-বাৰুকে ধৰি বিভিন্ন অনুষ্ঠানৰ বাবে ৩০০ লোক গোট খাব পৰাকৈ এটা হল আৰু ওপৰত এটা নামঘৰো নিৰ্মাণ কৰা হ'ব।
আন এখন সংবাদমেলত মুখ্যমন্ত্রীজনে কয় যে ছেমিকণ্ডাক্টৰৰ দৰে ডাঙৰ উদ্যোগত প্রয়োজনীয় সৰু সৰু সামগ্রীসমূহো যাতে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগীসকলে উৎপাদন কৰিব পাৰে, তাৰ কাৰণে জাইকাৰ লগত যৌথভাৱে ১২০০ কোটি টকা বিনিয়োগৰ এটা ইক'ছিষ্টেম নিৰ্মাণৰ ডাঙৰ আঁচনি হাতত লৈছে।