বলিউডৰ অনুৰাগী আছিল ওছামা বিন লাডেন ; তেওঁৰ কম্পিউটাৰত পোৱা গ’ল ছলমান-মাধুৰীৰ বহুতো জনপ্ৰিয় গীত 

Kakali Deka March 18, 2025

ডিজিটেল ডেস্কঃ ওছামা বিন লাডেনৰ নাম শুনাৰ লগে লগে আপুনি কল্পনা কৰে অপৰাধ জগতৰ সেই ভয়াৱহ মুখখন, যিয়ে আনৰ প্ৰাণ কাঢ়ি লোৱাৰ আগতে এবাৰো চিন্তা কৰা নাছিল। এজন ভয়ংকৰ সন্ত্ৰাসবাদীয়ে হিন্দী গীত ভাল পাব বুলি জানি আপুনিও হয়তো আচৰিত হৈছে।

কিন্তু এই কথা সঁচা ৷ আল কায়দাৰ মুৰব্বী ওছামা বিন লাডেনে হিন্দী গীতৰ প্ৰতি অতি আকৰ্ষিত আছিল। বলিউডৰ উদিত নাৰায়ণ, কুমাৰ ছানু আৰু আলকা য়াগনীকৰ গীতবোৰৰ তেওঁ অনুৰাগী আছিল। এই কথা পোহৰলৈ আহে যেতিয়া ওছামা বিন লাডেনৰ এবটাবাদৰ নিৰাপদ ঘৰত অভিযান চলাই কম্পিউটাৰত ১০০ৰো অধিক হিন্দী চলচ্চিত্ৰ গীতৰ সংগ্ৰহ উদ্ধাৰ হয়।


এক সাক্ষাৎকাৰত বলিউডৰ ছুপাৰহিট গায়িকা অলকা য়াগনীকক এই বিষয়ে সোধাত তেওঁ কয় যে ‘ওছামা বিন লাডেন হয়তো সন্ত্ৰাসবাদী কিন্তু তেওঁ যদি মোৰ গীতবোৰ ভাল পায় তেন্তে মোৰ দোষ নাই। ডাঙৰ অপৰাধী বা সন্ত্ৰাসবাদী হ’লেও তেওঁৰ ভিতৰত লুকাই আছিল এজন সৰু শিল্পী যাৰ বাবেই তেওঁ শিল্পীক সন্মান কৰে।’

ওছামা বিন লাডেনৰ কম্পিউটাৰত পোৱা গীতসমূহৰ ভিতৰত আছিল অজয় দেৱগণ আৰু কাজলৰ ছবি ‘প্যাৰ তো হোনা হী থা’ৰ ‘আজনবী মুঝ্কো ইতনা বাটা’, ছলমান খান আৰু মাধুৰী দীক্ষিতৰ ছবি ‘দিল তেৰা আছিক’ৰ টাইটেল ট্ৰেক আৰু ১৯৯৪ চনৰ ছবি ‘জানে’ৰ উদিত নাৰায়ণৰ গীত ‘তু চান্দ হে পুনম কা’ ।

 

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This