ভেদাইলতাৰ নানা উপকাৰিতাৰ কথা

Rashmi April 29, 2025

ডিজিটেল ডেস্কঃ উৎকট গোন্ধেই যাৰ পৰিচয় সেয়াই হৈছে ভেদাইলতা। পাছে গোন্ধটো উৎকট হলেও ভেদাইলতাৰ আছে অনেক স্বাস্থ্য উপকাৰিতা। 

ভেদাইলতা আমাৰ সকলোৰে চিনাকি বনশাক৷ ঔষধি  গুণৰ ভড়াল ভেদাইলতা। ভেদাইলতা Rubiaceae গোটৰ অন্তৰ্গত ৷ ইংৰাজী নাম Shunk Vine, বৈজ্ঞানিক নাম Paederia foetida.

ভেদাইলতাৰ গুণাগুণ-

১) গ্ৰহণী, অৰুচি আদি সমস্যাত ভেদাইলতাৰ তৰকাৰী খালে অতি সোনকালে আৰোগ্য হয়৷

২) বাতবিষৰ সমস্যা থাকিলে ভেদাইলতাৰ ৰস খালে সুফল পোৱা যায়৷

৩) অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে৷

৪) ভেদাইলতা শুক্ৰবৰ্ধক, বল শক্তি দায়ক৷ পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খালে শক্তি বাঢ়ে। 

৫) দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে৷

৬) মহিলাৰ জৰায়ুজনিত আৰু প্ৰসৱকালীন সমস্যাত ভেদাইলতা খাব লাগে৷

৭) ভেদাইলতাৰ ৰসৰ প্ৰলেপে জ্বৰৰ উপশম ঘটায়৷

৮) ভেদাইলতাৰ ৰস স্নায়ু ৰোগতো ভাল৷

৯) হাড় ফাটিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ প্ৰলেপ দিব লাগে৷ 

১০) ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়৷ 

১১) ছালৰ ৰোগত ভেদাইলতাৰ প্ৰলেপ দিলে সুফল পোৱা যায়৷ এলাৰ্জীৰ সমস্যা থাকিলে নিয়মিত খালে উপকাৰ পায়৷

১২) লিভাৰৰ সমস্যাত ভেদাইলতা খাব লাগে৷

১৩) প্ৰাৰম্ভিক পৰ্যায়ত মূত্ৰনলীৰ পাথৰ উলিয়াবলৈও পথ্য হিচাপে ইয়াৰ ব্যৱহাৰ কৰিব পাৰি৷

১৪) কীট পতংগই কামুৰিলে ভেদাইলতাৰ ৰস লগালে বিষ, প্ৰদাহ আদি কমে৷

আহক আমাৰ খাদ্য তালিকাত ভেদাইলতাক আগস্থান দি ভেদাইলতাৰ আঞ্জা, চাতনি, বৰা আদিৰ জুতি লওঁ আৰু শৰীৰটোক নিৰোগী কৰি ৰাখোঁ।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This