ডিজিটেল ডেস্কঃ পাকিস্তানৰ সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে দেশখনৰ সামৰিক সষ্টমতাৰ বিষয়ে দৃঢ় বক্তব্যৰে পুনৰ, বিতৰ্কৰ সৃষ্টি কৰিছে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে।
ভাৰত আৰু আফগানিস্তান সীমান্ত সমস্যাত গভীৰ উদ্বেগৰ ইংগিত দি টেলিভিছনৰ শেহতীয়া এটা সাক্ষাৎকাৰত আছিফে ঘোষণা কৰে যে সম্ভাব্য দুই যুদ্ধক্ষেত্ৰৰ (টু ফ্রণ্ট সীমান্তত উত্তেজনা বৃদ্ধিৰ সন্দৰ্ভত ৱাৰ) বাবে পাকিস্তান প্রস্তুত। ভাৰত সোধা প্রশ্নত তেওঁ কয়, 'পাকিস্তান দুই যুদ্ধক্ষেত্ৰৰ বাবে প্রস্তুত।' তেওঁ সকীয়াই দিয়ে যে ভাৰতে সীমান্তত 'বেয়া খেল' খেলাৰ চেষ্টা কৰাৰ 'প্রবল সম্ভাৱনা' আছে।
তেওঁ আৰু কয় যে পাকিস্তানে ইতিমধ্যে ৰণকৌশলগত প্রতিক্ৰিয়াৰ পৰিকল্পনা কৰিছে। ভাৰতে উচটনি দিব পাৰে নোৱাৰি। যথেষ্ট সম্ভাৱনা আছে।' তেওঁলোকে প্ৰস্তুত কৰা প্ৰত্যুত্তৰ পৰিকল্পনা প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে নেকি বুলি প্রশ্ন কৰাত আছিফে কয়, হয়, ৰণকৌশল ঠিক কৰি থোৱা আছে। মই সেয়া ৰাজহুৱাভাৱে প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু আমি যিকোনো সম্ভাৱনাৰ বাবে প্রস্তুত।'