জেৰাই গাঁওবাসীয়েও বিচাৰে মাত আৰু মাটিৰ অধিকাৰ

Kakali Deka January 19, 2024

ডিজিটেল ডেস্কঃ পৰেশ বৰুৱা আৰু জেৰাই গাঁও অসমৰ প্ৰতিগৰাকী সচেতন মানুহৰ পৰিচিত৷ নীতি-আদৰ্শৰ
বিৰোধ থাকিলেও পৰেশ বৰুৱাক লৈ উৎসুকতা নথকা মানুহ কমেই ওলাব৷ পৰেশ বৰুৱা এতিয়া ক’ত?
–এই প্ৰশ্নটো সৰ্বত্ৰ আলোচিত৷ কিন্তু ইয়াৰ সঠিক উত্তৰ কাৰো হাতত নাই৷ কোনোবাই ম্যানমাৰ,
কোনোবাই চীনত থকা বুলি ক’ব বিচাৰে৷ কিন্তু সেয়াও অনুমানহে৷ আলফা [স্বাধীন]ৰ শীৰ্ষ
নেতাগৰাকীৰ সঠিক ঠিকনা কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ৰ ওচৰত থাকিব পাৰে, নাথাকিবও
পাৰে ।
কিন্তু পৰেশ বৰুৱাৰ ওপজা গাঁওখন অসমতে আছে৷ যিখন গাঁও পৰেশ বৰুৱাই ৯০ দশকৰ
আৰম্ভণিতে এৰি থৈ গৈছিল৷ সেই গাঁওখনৰ গছ-বন, ফুল-লতিকা, গোসাঁইঘৰ আৰু কাষৰীয়া লক্ষীপথাৰ-
চৰাইপুঙৰ অৰণ্যই বহন কৰি আহিছে পৰেশ বৰুৱাৰ স্মৃতি৷ বন্দিত আৰু নিন্দিত দুয়ো ধৰণে পৰেশ
বৰুৱা অসমীয়া সমাজত জীয়াই আছে৷

মাঘ সোমোৱাৰ ঠিক আগে আগে ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই
গাঁৱলৈ গৈছিলোঁ৷ পাঁচ জানুৱাৰী, ২০২৪ত হাজিৰ হৈছিলোঁ জেৰাই গাঁৱত থকা পৰেশ বৰুৱাৰ ঘাই ঘৰখনত৷
এখন সম্ভ্ৰান্ত অসমীয়া মানুহেৰে ভৰি থকা গাঁও জেৰাই৷ নামঘৰ, নাটঘৰ, খেলপথাৰেৰে আৱৰি থকা
জেৰাই গাঁৱৰ পৰেশ বৰুৱাৰ ঘৰৰ চোতালতে আমি বহিছিলোঁ৷ গাঁৱৰ বহুকেইগৰাকী বিশিষ্ট লোক
আহিছিল আমাৰ সৈতে কথা পাতিবলৈ৷ আহিছিল বহুকেইজন যুৱকো৷ সুধিছিলোঁ– আপোনালোকে
আলোচনা বিচাৰেনে? অসমৰ মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱাক আৰম্ভণিৰে পৰা আলোচনালৈ নিমন্ত্ৰণ
জনাই আহিছে৷

সাৰ্বভৌমত্ব-আলোচনা এই শব্দটোতে আৰম্ভ হৈ ইয়াতে শেষ হৈছে৷ এনেদৰেই আজি তিনিটা
দশক পাৰ হৈ গ’ল৷ দুই পক্ষ সাৰ্বভৌমত্বৰ বিষয়টোক লৈ সৃষ্টি হোৱা জটিলতাতে ৰৈ থাকিল৷ ‘প্ৰাগ
নিউজ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰেশ বৰুৱাই মন্তব্য কৰিছিল যে সাৰ্বভৌমত্বৰ ওপৰত
চৰকাৰ আৰু আলফা [স্বাধীন]ৰ আলোচনা হ’ব নোৱাৰে বুলি ক’তো উল্লেখ কৰা নাই৷ সংবিধানতো এই
সম্পৰ্কত কোনো ধৰণৰ বাধা-নিষেধৰ কথা নাই বুলি তেওঁ মন্তব্য কৰিছিল৷
পৰেশ বৰুৱাৰ আপোন ককায়েক বিমল বৰুৱাক সুধিছিলোঁ– আপুনি আলোচনা হ’ব লাগে বুলি
ভাবেনেঞ্জ লগতে সুধিছিলোঁ– এই সময়ত ভাতৃ পৰেশ বৰুৱাৰ প্ৰতি আপোনাৰ আহ্বান কি হ’ব?
উত্তৰত বিমল বৰুৱাই কৈছিল– ময়ো আলোচনা বিচাৰোঁ৷ মোৰ প্ৰথম পৰিচয় এগৰাকী অসমীয়া, তাৰ
পাছত ভাৰতীয়৷ এই পৰিচয়কে ড॰ নগেন শইকীয়া ছাৰেও বিভিন্ন সময়ত দিছে৷ অসমীয়া, ভাৰতীয় আৰু
এগৰাকী বিশ্ব নাগৰিক বুলি নিজৰ পৰিচয় দিয়ে শইকীয়া ছাৰে৷


পৰেশ বৰুৱাৰ ককায়েক বিমল বৰুৱাই নিজৰ চোতালখনতে বহি আমাক এটা উদাহৰণ দিছিল৷
উদাহৰণটো সকলোৰে জ্ঞাত, কিন্তু আমাৰ অসমৰ ৰাজনৈতিক নেতাসকলে ইয়াৰ গুৰুত্ব উপলব্ধি
কৰিব নোৱাৰিলে৷ বিমল বৰুৱাই দিয়া উদাহৰণটো আছিল– বিশ্ববিজয়ী আলেকজেণ্ডাৰ আৰু স্বাভিমানী
পুৰুৰ৷ আলেকজেণ্ডাৰৰ দৰে এগৰাকী যোদ্ধাৰ সন্মুখত পুৰুৱে ৰজাৰ দৰে ব্যৱহাৰ বিচাৰিছিল৷
অৰ্থাৎ স্বাভিমান সকলোৰে থাকে৷ ৰজা, প্ৰজা, পুঁজিপতি, দৰিদ্ৰ সকলোৰে৷ ধন-বিত আৰু ক্ষমতাৰ
ফালৰ পৰা ভিন্ন হ’লেও স্বাভিমান কাৰো কম নহয়৷ এই স্বাভিমান অসমীয়া মানুহৰো আছে৷ ইয়াক
সন্মান জনাই পৰেশ বৰুৱাৰ সৈতে চৰকাৰে আলোচনা কৰিব লাগে বুলি বিমল বৰুৱাই দৃঢ়তাৰে ক’লে৷
তেওঁ এইটোও ক’লে– পৰিয়ালটোৱে ইয়াকে বিচাৰে যে মৰ্যাদা ৰক্ষা কৰি দুয়ো পক্ষই এটা মীমাংসালৈ
আহিব লাগে৷

পৰেশ বৰুৱাৰ চাৰিগৰাকী ভাতৃৰ এগৰাকীক গুপ্তঘাতকে হত্যা কৰিছে৷ জেৰাই গাঁৱত এতিয়া
তিনিগৰাকীয়ে বাস কৰে৷ বিমল বৰুৱাৰ দৰে আনগৰাকী ভাতৃ বিকুল বৰুৱায়ো বিচাৰে আলোচনা হওক৷
কিন্তু আলোচনাৰ নামত আত্মসন্মান হেৰুৱাব নালাগে৷ এটা নতুন সুঁতিৰ সৃষ্টি কৰি একাষৰীয়াকৈ ৰৈ
যোৱা মানুহজনে জীৱনৰ এই সময়ত আপোচ কৰিলে অসমীয়া মানুহৰ অভিশাপ লাগিব৷ এই আশংকা
জেৰাই গাঁৱৰ বহু বিশিষ্ট লোকৰ৷ ইয়াৰ অৰ্থ জেৰাই গাঁওবাসী আলোচনাৰ বিৰোধী নহয়৷ তেওঁলোকে
বিচাৰে আলোচনাৰ পাছত পৰেশ বৰুৱাৰ মৰ্যাদা অসমীয়া মানুহৰ মাজত অক্ষুণ্ণ থাকক৷
জেৰাই গাঁৱৰ বিশিষ্ট লোকসকলৰ এইটোৱে কথা– আলোচনা সন্মানজনক হ’ব লাগে৷ জেৰাই
গাঁৱৰ বহু দুখ আছে, অভিমান আছে, নোপোৱাৰ বেদনা আছে৷ প্ৰজন্মৰ পাছত প্ৰজন্মই কঢ়িয়াইছে
এই বেদনা৷ স্বাধীনতাৰ পৰৱৰ্তী সময়ত জেৰাই গাঁৱত নাই এখন মান সম্পন্ন চিকিৎসালয়৷ নাই এটা
ডাকঘৰ৷ নাই আধুনিক পুথিভঁৰাল৷ এই সকলো এতিয়া বিচাৰিছে গাঁওবাসীয়ে৷ পৰেশ বৰুৱাৰে আলোচনাৰ
বিনিময়ত নহয়, এটা বৌদ্ধিক পৰিৱেশ ৰচনাৰ বাবেই জেৰাই গাঁৱক লাগে আধুনিক চিকিৎসালয় আৰু
পুথিভঁৰাল৷ লগতে তেওঁলোকে এইটোও ক’ব বিচাৰে– আলোচনা কৰিবলৈ আহি ডিঙিত পিন্ধা
গামোচাখনৰ মৰ্যাদা ৰক্ষা কৰিব লাগিব৷ 

গামোচাৰ মৰ্যাদা লাঘৱ কৰি আলোচনাত বহিলে হয়তো
নিজৰ লাভ হ’ব, কিন্তু বুৰঞ্জীৰ পাতত এই আলোচনাৰ কোনো উল্লেখ নাথাকিব৷ বহু মানুহ কালৰ
বুকুত চিৰদিনৰ বাবে হেৰাই গৈছে৷ অসমীয়া মানুহৰ ক্ষতি কৰা কামত জড়িতসকলো কালৰ বুকুত
আটাইতকৈ বেগেৰে হেৰাই যাব৷ এই বিশ্বাস জেৰাই গাঁৱৰ অনাক্ষৰীজনৰ পৰা শিক্ষিতজনলৈকে৷
তথাপি সকলোৱে বিচাৰে পৰেশ বৰুৱা আলোচনাত বহক৷ দায়িত্ব চৰকাৰৰ, দায়িত্ব অসমৰ
মুখ্যমন্ত্ৰীৰ৷

গুপ্তহত্যা বন্ধ কৰাৰ বাবে ইয়াৰ বলি হোৱা পৰেশ বৰুৱাৰ পৰিয়ালে তৰুণ গগৈক আজিও
কৃতজ্ঞতাৰে সোঁৱৰে৷ আৰু পৰেশ বৰুৱাৰ সৈতে অসমীয়া মানুহৰ সামূহিক মংগল আৰু সম্পদৰ অধিকাৰ
দিব পৰাকৈ এটা আলোচনাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিলে হিমন্ত বিশ্ব শৰ্মাকো কুৰি বছৰৰ পাছত
অসমৰ মানুহে কৃতজ্ঞতাৰে স্মৰণ কৰিব বুলি জেৰাই গাঁৱৰ ৰাইজৰ বিশ্বাস৷

জেৰাই গাঁৱৰ পৰা উভতি আহোঁতে সোমাইছিলোঁ ‘বৰ্ণমালা’ত৷ লগ ধৰিছিলোঁ বিশিষ্ট অসমীয়া ড॰
নগেন শইকীয়াক৷ অসমীয়া মানুহৰ ইতিহাস লিখা শইকীয়া ছাৰক এটা কথাই সুধিছিলোঁ– অসমীয়া মানুহৰ
ভৱিষ্যৎ কিঞ্জ উত্তৰত কৈছিল– মাত আৰু মাটিৰ অধিকাৰ নিশ্চিত কৰিব লাগিব চৰকাৰে৷ অন্যথা
অসমীয়া মানুহৰ ভৱিষ্যৎ গভীৰ প্ৰত্যাহ৩ানৰ মাজলৈ যাব৷ সম্প্ৰতি চৰকাৰে অতি কৌশলেৰে
অসমীয়া মানুহৰ পৰা মাত আৰু মাটিৰ অধিকাৰ ছিন্ন কৰিব বিচৰাৰ অভিযোগ বিশিষ্ট
সাহিত্যিকগৰাকীৰ৷ মাতৰ অধিকাৰ সম্পৰ্কত ড॰ শইকীয়া ছাৰৰ মন্তব্য হ’ল– মাতৃভাষা মাধ্যমৰ
চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়বোৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে শিক্ষিত যুৱক-যুৱতীক
ইয়াৰ সৈতে জড়িত কৰিব লাগিব৷ এই ক্ষেত্ৰত ড॰ শইকীয়া ছাৰে গুৱাহাটীৰ নুনমাটিত থকা অসম
জাতীয় বিদ্যালয়ক চৰকাৰে আদৰ্শ হিচাপে গ্ৰহণ কৰি ৰাজ্যৰ আটাইবোৰ চৰকাৰী বিদ্যালয়ত এই
আৰ্হিত পাঠদান কৰাব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷

উল্লেখযোগ্য যে অসম জাতীয় বিদ্যালয়ক অসম চৰকাৰে আদৰ্শ হিচাপে গ্ৰহণ কৰি মাতৃভাষা
মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ বিকাশ ঘটাব লাগে বুলি ‘দৈনিক জনমভূমি’তে প্ৰতিপক্ষ শিতানত কিছুদিন
পূৰ্বে এটা প্ৰবন্ধ লিখিছিলোঁ৷ চৰকাৰে বিভিন্ন সময়ত মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ক লৈ
কেতবোৰ সংস্কাৰ সাধন কৰাৰ কথা কয় যদিও আটাইবোৰ পদক্ষেপ এতিয়ালৈকে বিফল হৈছে৷ ইয়াৰ
কাৰণ হৈছে নিষ্ঠা আৰু দায়িত্ববোধৰ অভাৱ৷

মাটিৰ অধিকাৰ মানে সম্পদৰ অধিকাৰ৷ আলোচনাপন্থী আলফাৰ সৈতে নতুন দিল্লীত কেন্দ্ৰ-
ৰাজ্য চৰকাৰৰ বৈঠকৰ অন্তত যিখন চুক্তি স্বাক্ষৰিত হ’ল, সেই চুক্তিখনত যিকেইটা বিষয়ে
অগ্ৰাধিকাৰ পাব লাগে বুলি অসমৰ ৰাইজে দাবী কৰিছিল, তাৰ ভিতৰত অন্যতম আছিল মাটিৰ
অধিকাৰৰ বিষয়টো৷ দুৰ্ভাগ্যজনক কথাটো হ’ল, চুক্তিখনত এই বিষয়টো হয় অৱহেলিত নতুবা
অস্পষ্ট হৈয়ে থাকিল৷ যাৰ বাবে আলোচনাপন্থী আলফা অসমীয়া মানুহৰ সমালোচনাৰ সন্মুখীন হৈছে৷
মাঘৰ বিহুত তেজপুৰলৈ গৈছিলোঁ৷ তেজপুৰৰ গ্ৰামাঞ্চলৰ পথাৰবোৰ অতি দ্ৰুত গতিত হ্ৰাস পাই
আহিছে৷ নিশাৰ ভিতৰতে কৃষিভূমি সলনি হৈছে অনাকৃষি কাৰ্যৰ বাবে৷ অতি ভিতৰুৱা অঞ্চলৰ ২০০ৰ
পৰা ৮০০ বিঘাপৰ্যন্ত খেতি মাটি নিৰ্দিষ্ট তিনি-চাৰিজন ব্যৱসায়ীয়ে কিনি পেলাইছে৷ কৃষিভূমি যিহেতু
অনাকৃষি কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰে বুলি চৰকাৰী নিয়ম আছে, গতিকে এই সমস্ত কৃষিভূমি
শিক্ষানুষ্ঠান খুলিবৰ বাবে ক্ৰয় কৰা বুলি বণিক গোষ্ঠীয়ে কাগজে-পত্ৰই দেখুৱাইছে৷ দুই-একে
মালিকীস্বত্ব নিজৰ হাতলৈ নি কৃষিভূমি দুবছৰমান এনেয়ে পেলাই থৈছে৷ পৰৱৰ্তী সময়ত লাহে লাহে
এই পথাৰত সেউজীয়া ধানৰ থোকৰ সলনি ট্ৰাক, ট্ৰেক্টৰ আদিৰ পাৰ্কিং গঢ়ি উঠিছে৷
মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাইছে৷ কিন্তু তেজপুৰৰ দৰে চহৰ-নগৰবোৰত
ডজনে ডজনে মাটিৰ দালালে দিন-দুপৰত পিয়াপি দি ফুৰিছে৷ ইয়াৰ সৈতে দুই-এক আৰক্ষী, ৰাজহ
বিভাগৰ কৰ্মচাৰী, লাটমণ্ডল আদি প্ৰত্যক্ষভাৱে জড়িতৰ অভিযোগ আছে৷ অসমীয়া মানুহৰ হাতৰ
পৰা মাটি-সম্পত্তি কিদৰে গুচি গৈছে, ইয়াক লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সচেতন খিলঞ্জীয়া
চিন্তিত৷ জেৰাই গাঁৱতো এই চিন্তাৰ প্ৰতিফলন দেখা পালোঁ৷ আলোচনাপন্থী আলফা আৰু চৰকাৰৰ


চুক্তিখনক লৈ জেৰাই গাঁৱতো অসন্তুষ্টি আছে৷ সম্পদৰ ওপৰত অধিকাৰ এতিয়া প্ৰতিজন
খিলঞ্জীয়াৰ দাবী৷ একাংশ খিলঞ্জীয়া দালালক হাত কৰি মাটিবোৰ পানীৰ দৰত ক্ৰয় কৰা নাঙঠ সত্য
এতিয়া গোপন হৈ থকা নাই৷ জেৰাই গাঁৱৰ ৰাইজেও বিচাৰিছে, সম্পদৰ অধিকাৰ অসমীয়া মানুহৰ হাতত
থাকিব লাগিব বুলি এখন কঠোৰ আইন চৰকাৰে প্ৰণয়ন কৰক৷ এই আইনখন প্ৰণয়নত চৰকাৰে অযথা
পলম কৰাৰ অভিযোগো প্ৰতিটো জাতি-জনগোষ্ঠীৰ অসম হিতৈষী লোকৰ৷
চৰকাৰে অসমীয়াৰ সংজ্ঞা তেনেকৈ দিলে নহ’ব, যি সংজ্ঞা অনুসৰি অসমত বাস কৰা প্ৰতিজন
লোক অসমীয়া৷ এই সংজ্ঞাৰ বাবে অসমীয়া আৰু খিলঞ্জীয়াৰ মাজত সংঘাত আহি পৰিছে৷ এজন ৰাভা,
দেউৰী, চুতীয়া সম্প্ৰদায়ৰ লোকৰ অধিকাৰ আৰু কোনোবা প্ৰব্ৰজনকাৰীৰ অধিকাৰ একাকাৰ কৰিবলৈ
যেতিয়াই বিচৰা হৈছে, তেতিয়াই সমন্বয়ৰ সলনি সংঘাতৰ সৃষ্টি হৈছে৷ অসমীয়া হ’লেও খিলঞ্জীয়া
নহ’ব পাৰে বুলি দাবী কৰা ভূমিপুত্ৰৰ সংখ্যা লাহে লাহে বৃদ্ধি পাইছে৷ চৰকাৰে কেইখনমান সত্ৰৰ
আশে-পাশে মাটি-সম্পত্তিৰ ক্ৰয়-বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰিছে৷ কিন্তু গ্ৰামাঞ্চলৰ শ শ বিঘা
কৃষিভূমি কেতবোৰ নিৰ্দিষ্ট মানুহে ক্ৰয় কৰাক লৈ চৰকাৰ মৌন৷ সমস্যা ইয়াতে৷

পৰেশ বৰুৱাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰিলে সম্পদৰ অধিকাৰৰ বিষয়টো অধিক
স্পষ্ট আৰু গুৰুত্বসহকাৰে সন্নিৱিষ্ট হ’ব লাগে বুলি জেৰাই গাঁৱৰ ৰাইজৰ মত৷ পৰেশ বৰুৱাই অৱশ্যে
আলোচনাত ভাগ লোৱাৰ পূৰ্বে অনুপ চেতিয়াক তিনিটা বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনাইছিল বুলি
ৰাজহুৱা কৰিছে– সুকীয়া সংবিধান, সুকীয়া পতাকা আৰু সম্পদৰ অধিকাৰ৷ সুকীয়া পতাকা আৰু সুকীয়া
সংবিধানৰ বিষয়টো এই মুহূৰ্তত আলোচনালৈ আনিব বিচৰা নাই৷ কিন্তু সম্পদৰ অধিকাৰ এখন
ৰাজ্যই সংবিধানৰ গণ্ডীতে পাব পাৰে৷ সংবিধানেই অসমৰ চুবুৰীয়া নগালেণ্ড, মিজোৰামক এই অধিকাৰ
দিছে৷

পৰেশ বৰুৱাৰে আলোচনা কৰা মানে অসমৰ সমস্যা শেষ হোৱা নুবুজাব নিশ্চয়৷ আলোচনা অসমীয়া
মানুহৰ বিশেষকৈ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে হ’ব লাগিব৷ যি আলোচনাই অসমৰ খিলঞ্জীয়া
মানুহৰ হাতত সম্পদৰ অধিকাৰ তুলি দিব, তেনে আলোচনাই বিচাৰিছে পৰেশ বৰুৱাৰ ওপজা গাঁও
জেৰাইৰ প্ৰতিজন নাগৰিকে৷ এনেকুৱা আলোচনাৰ পোষকতা কৰিছে ড॰ নগেন শইকীয়াৰ দৰে কৃতবিদ্য
অসমীয়ায়ো৷

জেৰাই গাঁৱৰ স্বাভিমান আছে৷ তেওঁলোকে গাঁওখনৰ কথাকে ভবা নাই, তেওঁলোকে এই পৰিধিৰ
পৰা ওলাই আহি অসমৰ কথাও ভাবিছে৷ ইয়াত বাস কৰা খিলঞ্জীয়া মানুহখিনিৰ ৰাজনৈতিক অধিকাৰক
লৈ তেওঁলোক সচেতন৷ যি অধিকাৰে সাতামপুৰুষলৈ অসমীয়াক মূৰ তুলি থাকিবলৈ দিব, যি অধিকাৰে
নিজৰ ৰাজনৈতিক সিদ্ধান্ত লোৱাত সহায় কৰিব, সেই সিদ্ধান্তৰ হকে ঐক্যবদ্ধ জেৰাই গাঁৱৰ
বাসিন্দা৷ পৰেশ বৰুৱাকো এনে এক আলোচনাৰ পাতনি মেলিবলৈ আহ্বান গাঁওবাসীৰ৷ ড॰ নগেন
শইকীয়াই যিদৰে মাত আৰু মাটিৰ অধিকাৰৰ হকে মাতি আহিছে, সেই অধিকাৰেই যদি নাপায়, তেনেহ’লে
অসমীয়াৰ হাতত থাকিল কি? ইয়াৰ বাবে চিন্তা কৰিব লাগে চৰকাৰেহে৷

Share This