ডিজিটেল ডেস্কঃ ফে'চবুকত ভুৱা পৰিচয়েৰে একাউন্ট খুলি সমালোচনামূলক সাহিত্য ক্ষেত্রখনত কম সময়ৰ ভিতৰতে চাঞ্চল্যৰ সৃষ্টি কৰা ড° পৰিধি শৰ্মাৰ পৰিচয় উদ্ধাৰ হৈছে।
অসমৰ সাহিত্য জগতত যোৱা ৬ টা বছৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বুলি ভুৱা পৰিচয়েৰে লিখি অহা ড° পৰিধি শৰ্মাৰ পৰিচয় ফাদিল ৷ সকলো ফাদিল কৰিলে অভিযোগকাৰী পলাশ ৰঞ্জন বৰুৱাই ৷
ড৹ পৰিধি শৰ্মাই একে সময়তে ড° ৰঞ্জিতা সামানাতেৰা আৰু ড° পৰিস্মিতা ভৰদ্বাজ বুলিও ভূৱা পৰিচয় দিছিল ৷ ড৹ পৰিধি শৰ্মা নামৰ প্ৰকৃততে কোনো মহিলা নাছিল ৷
ধ্ৰুৱজ্যোতি শইকীয়া নামৰ এজন প্ৰৱঞ্চকেহে পৰিধি শৰ্মাৰ নাম লৈ বিভিন্ন বাতৰিকাকতত প্ৰবন্ধ লিখিছিল ৷ পলাশ ৰঞ্জন বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে কিছুদিন পূৰ্বে বিষয়টোত সন্দেহ ওপজাত চি আই ডিত এক গোচৰ ৰুজু কৰে ৷ কিন্তু চি আই ডিৰ তদন্তই পোহৰলৈ আনিলে সমস্ত প্ৰৱঞ্চনাৰ ঘটনা ৷ ধ্ৰুৱজ্যোতি শইকীয়া শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানা এলেকাৰ ভৰলুৱা গাঁৱত ঘৰ ৷
বাতৰিকাকতলৈ পৰিধি শৰ্মাৰ পঠিওৱা ফটো আছিল কৰ্ণাটকৰ IAS বিষয়া ৰুহিনী সিন্দূৰীৰ ফটো ৷ দুটা ফ'ন নম্বৰত মহিলাৰ কণ্ঠস্বৰেৰে সম্পাদকৰ পৰা ভিন্ন লেখকলৈ কৰিছিল ফ'ন৷ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে প্ৰৱঞ্চক ধ্ৰুৱজ্যোতিৰ প্ৰৱঞ্চনাৰ আন ন ন কাহিনী ৷
উৎস: প্ৰাগ নিউজ ডিজিটেল