সোমবাৰৰ পৰা অৱসান ঘটিব সংসদৰ অচলাৱস্থাৰ

dainik janambhumi July 26, 2025

ডিজিটেল ডেস্ক : অপাৰেশ্যন সেন্দুৰ, বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ দৰে বিষয়ক লৈ বিৰোধী পক্ষই একেৰাহে উভয় সদনৰ কাম-কাজ অচল কৰি ৰখাৰ পাছত অহা সোমবাৰৰ পৰা উভয় সদন বর্ষাকালীন অধিৱেশনৰ কাম-কাজ স্বাভাৱিক ৰূপত সম্পাদন হোৱাৰ আশা কৰা হৈছে। সংসদত একেৰাহে চলি থকা অচলাৱস্থা আঁতৰ কৰাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা শুকুৰবাৰে প্রচেষ্টা আৰম্ভ কৰা হয়। ইয়াৰ অধীনত শুকুৰবাৰে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে লোক সভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী আৰু ৰাজ্য সভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খৰ্গেৰ সৈতে এখন বৈঠকত মিলিত হয়। গান্ধী আৰু খৰ্গেৰ সৈতে কৰা আলোচনাৰ পাছত ৰিজিজুৱে সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী অর্জুন মেঘৱালক লগত লৈ লোক সভাৰ অধ্যক্ষ ওম বিড়লাৰ সৈতে অন্য এখন বৈঠকত মিলিত হয়। ইয়াৰ পাছতে বিড়লাই লোক সভাত বিৰোধী দলসমূহৰ সদনৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত সোমবাৰৰ পৰা সদনৰ কাম-কাজ স্বাভাৱিকভাৱে সম্পাদন কৰাত সকলোৱে সন্মতি জনায়। 

অপাৰেশ্যন সেন্দূৰক লৈ বিতৰ্কৰ বাবে বিৰোধী পক্ষই কৰি অহা দাবী চৰকাৰে মানি লয় আৰু লোক সভাত সোমবাৰে অৰ্থাৎ ২৮ জুলাইত এই বিষয়টোক লৈ বিতর্ক হ'ব। অপাৰেশ্যন সেন্দুৰক লৈ সোমবাৰে হ'বলগীয়া বিতর্ক ১৬ ঘণ্টীয়া হ'ব। বিতৰ্কৰ আৰম্ভণি কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। চৰকাৰৰ হৈ বিতর্কত গৃহমন্ত্রী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ তথা বিজেপিৰ সদস্য নিশিকান্ত ডুবে আৰু অনুৰাগ ঠাকুৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইফালে ৰিজিজুৱে কয় যে অপাৰেশ্যন সেন্দূৰক লৈ বিতৰ্কৰ বাবে চৰকাৰে সন্মতি জনোৱাৰ পাছত এতিয়া সোমবাৰৰ পৰা সংসদৰ কাম-কাজ স্বাভাৱিকভাৱে চলিব বুলি চৰকাৰে আশা কৰিছে। ইয়াৰ আগতে শুকুৰবাৰে সংসদ আৰম্ভ হোৱাৰ পূৰ্বে বিৰোধী দলৰ সদস্যসকলে সংসদৰ চৌহদত বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ (এছ আই আৰ) প্রতিবাদ কৰে। প্ৰতিবাদত ৰাহুল গান্ধী, মল্লিকার্জুন খর্গে, প্রিয়ংকা গান্ধীয়েও অংশগ্ৰহণ কৰে। পাছত সাংসদসকলে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ পৰা মকৰদ্বাৰলৈ (নতুন সংসদ ভৱনৰ প্ৰৱেশদ্বাৰ) প্রতিবাদী শোভাযাত্ৰা কৰে। পাছত বিৰোধী সাংসদসকলে 'স্পিচিয়েল ইনটেনছিভ ৰিভিজন' লিখা থকা প'ষ্টাৰ ডাষ্টবিনত পেলাই দিয়ে। একাংশ সাংসদে এছ আই আৰৰ প্ৰ-পত্ৰও ফালে। 

ইফালে লোক সভা মিলিত হোৱাৰ সময়তে বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিৰোধিতা কৰি প্ৰতিবাদ আৰম্ভ কৰে। বিৰোধী পক্ষৰ সদস্যসকলে সদনত সৃষ্টি কৰা হুলস্থুলীয়া পৰিৱেশৰ বাবে আজি প্রশ্নোত্তৰ কাল আৰু শূন্যকাল নহ'ল। সদনত সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশৰ বাবে সদন প্রথমে স্থগিত ৰখা হয়। পাছত সদন পুনৰ মিলিত হওঁতে একেধৰণৰ পৰিৱেশে বিৰাজ কৰাত দিনটোৰ কাৰণে সদন স্থগিত ৰখা হয়। ৰাজ্য সভাতো একেধৰণৰ পৰিৱেশে বিৰাজ কৰাত সদন সোমবাৰলৈকে স্থগিত ৰখা হয়।

Share This