ডিজিটেল ডেস্ক: একেৰাহে দুদিন ধৰি অসম আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱাৰ পাছতো তদন্ত সম্পূর্ণ নহ'ল এ আই চি চিৰ শীৰ্ষনেতা পৱন খেৰাৰ বিৰুদ্ধে। ২৫ মে'ত পুনৰ ক্রাইম ব্রাঞ্চত হাজিৰ হ'ব লাগিব কংগ্ৰেছৰ নেতাজন।
মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ গোচৰৰ ভিত্তিত বুধবাৰে অসম আৰক্ষীয়ে তেওঁক প্রায় ১১ ঘণ্টা জেৰা কৰাৰ পাছত কালি পুনৰ প্ৰায় ৮ ঘণ্টা জেৰা কৰা হয়। বুধবাৰে নিশা প্রায় চাৰে ন বজালৈকে জেৰা কৰাৰ পাছত কালি পুনৰ পুৱা ৯-৩০ বজাতে ক্রাইম ব্রান্সত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। আৰক্ষীৰ নিৰ্দেশ অনুসৰি, কংগ্ৰেছৰ নেতা পৱন খেৰাই কালি নিৰ্ধাৰিত সময়ত পুনৰ ক্রাইম ব্রান্সৰ থানাত পুনৰ হাজিৰ হয়।
কালিও মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত এটা দলে তেওঁক প্রায় ৮ ঘণ্টা ধৰি মাৰাথন জেৰা কৰে। জেৰাৰ অন্তত পৱন খেৰাক যাবলৈ দিয়া হয়। কিন্তু তেওঁক পুনৰ ২৫ মে'ত ক্রাইম ব্রান্সত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হয়। তেওঁৰ পৰা অসম আৰক্ষীয়ে মুখ্যতঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিদেশত থকা সম্পত্তি আৰু একাধিক দেশৰ পাছপ'ৰ্ট থকা বুলি ক'ৰ পৰা তথ্য লাভ কৰিছিল তাৰ সন্ধান কৰে বুলি জানিব পৰা গৈছে। তেওঁক তথ্যৰ উৎস আৰক্ষীক জমা দিবলৈ নির্দেশ দিয়া বুলিও জানিব পৰা গৈছে।
লক্ষণীয়ভাৱে জেৰাৰ পাছত কংগ্ৰেছৰ নেতা পৱন খেৰাই আৰক্ষীৰ তদন্তত সম্পূর্ণৰূপে সহযোগিতা কৰাটো তেওঁৰ কৰ্তব্য বুলি প্রকাশ কৰে। তেওঁ কয়, 'আমি সকলোৱে আইনক সহযোগিতা কৰিম।' ইফালে, পৱন খেৰাক আৰক্ষীয়ে মাৰাথন জেৰা কৰি থকা সন্দৰ্ভত কালি সাংবাদিকে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক প্রশ্ন কৰাত তেওঁ কয়, 'অসমত পেৰাৰ সোৱাদ ভাল।'
প্রণিধানযোগ্য যে অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৫ এপ্ৰিলত দিল্লী আৰু গুৱাহাটীত একেদিনাই দুখনকৈ সংবাদমেল সম্বোধন কৰি পৱন খেৰাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ তিনিখনকৈ দেশৰ পাছপ'ৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগক ভিত্তিহীন আখ্যা দি ৰিণিকি ভূঞা শর্মাই পৱন খেৰাৰ বিৰুদ্ধে অপৰাধ শাখাত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পাছতে আৰক্ষীয়ে কংগ্ৰেছৰ নেতাজনক বিচাৰি দিল্লীত অভিযান চলাইছিল। কিন্তু তেওঁ দিল্লীৰ পৰা হায়দৰাবাদত থকা পত্নীৰ ঘৰলৈ পলায়ন কৰিছিল।
আনহাতে, গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবৰ বাবে খেৰাই প্রথমে তেলেংগানা উচ্চ ন্যায়ালয়ত অগ্রিম জামিন আৱেদন কৰাত আদালতে তেওঁক ৭ দিনৰ বাবে চর্ত সাপেক্ষ অন্তৰ্ৱর্তীকালীন জামিন প্রদান কৰিছিল। কিন্তু এনে জামিনৰ নিৰ্দেশনাৰ প্রত্যাহ্বান জনাই অসম চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চতম ন্যায়ালয়ে পৱন খেৰাক তেলেংগানা উচ্চ ন্যায়ালয়ৰ প্ৰদান কৰা চৰ্ত সাক্ষেপ জামিনত স্থগিতাদেশ জাৰি কৰে। তাৰ পাছতে পৱন খেৰাই উক্ত স্থগিতাদেশৰ নিৰ্দেশক প্রত্যাহ্বান জনাই পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। কিন্তু উচ্চতম ন্যায়ালয়ে পৱন খেৰাৰ জামিন আৱেদনখন খাৰিজ কৰি তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আৱেদন কৰিবলৈ নিৰ্দেশ দিয়ে। এই নির্দেশৰ পাছতেই খেৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও ন্যায়ালয়ে জামিন আৱেদন নাকচ কৰাত পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চতম ন্যায়ালয়ে এইবাৰ পৱন খেৰাৰ অগ্রিম জামিন মঞ্জুৰ কৰি অসম আৰক্ষীৰ তদন্তত সহযোগ কৰাৰ নিৰ্দেশ দিয়ে।