ডিজিটেল ডেস্ক : অনাগত দিনত অসমলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব। বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু চাহ বাগিচাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিব ইউৰোপৰ পৰ্যটকসকল। কালি দিছপুৰত অনুষ্ঠিত এখন সংবাদমেলত এই আশা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।
ইউৰোপিয়ান ইউনিয়নে অসমলৈ পৰ্যটক অহাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ সন্দৰ্ভত তেওঁ কয়, 'ইউৰোপৰ মানুহৰ অসমৰ কাজিৰঙা আৰু চাহ বাগিচাৰ প্ৰতি বিশেষ আকর্ষণ আছে। অনাগত তিনি বছৰত ইউৰোপৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব।' জাপান আৰু অষ্ট্ৰেলিয়াৰ পাছত ইউৰোপিয়ান ইউনিয়নে নিষেধাজ্ঞা প্রত্যাহাৰ কৰাটো আমাৰ বাবে ভাল খবৰ বুলি মত প্ৰকাশ কৰি তেওঁ লগতে কয়, 'আমেৰিকা আৰু কানাডাৰ সৈতেও কথা পাতিম, যাতে তেওঁলোকেও নিষেধাজ্ঞা প্রত্যাহাৰ কৰে।'
ইফালে, এয়াৰ ইণ্ডিয়া এক্সপ্রেছে গুৱাহাটীৰ পৰা বিদেশলৈ দুখন নতুনকৈ ফ্লাইট আৰম্ভ কৰাৰ বাবে লোৱা সিদ্ধান্তই উত্তৰ-পূবৰ উন্নয়নৰ গতি ক্ষিপ্ৰ কৰিব বুলি জনাই তেওঁ কয় যে ইয়াৰে এখন বিমান গুৱাহাটীৰ পৰা ডুবাইলৈ আৰু এখন গুৱাহাটীৰ পৰা আবু ধাবিলৈ চলিব। ইয়াৰ উপৰি ডুক এয়াৰৱেজে ভূটানৰ পৰা গুৱাহাটী হৈ ছিংগাপুৰ আৰু বেংককলৈ বিমান চলাই আছে।
এতিয়া চৰকাৰে ভিয়েটনামলৈকো এখন বিমান চলোৱাৰ কথা আলোচনা কৰি আছে বুলি উল্লেখ কৰি ড° শৰ্মাই লগতে কয়, 'যাত্রী পালে গুৱাহাটীখনক আমি ইণ্টাৰনেশ্যনেল কানেকটিভি দিব পাৰিম। গুৱাহাটীৰ পৰা ডুবাইলৈ গৈ তাৰ পৰা লণ্ডন বা আমেৰিকালৈ যোৱাৰ সুবিধা যদি আমি দিব পাৰোঁ, তেনেহ'লে যাত্ৰীৰ সংখ্যা বৃদ্ধি পাব।' ইফালে, মধ্য প্রাচ্যৰ যুদ্ধৰ বাবে বিদেশলৈ যোৱাৰ ক্ষেত্ৰত ৰাজ্যৰ চৰকাৰী বিষয়াসকলক যি বাধা আৰোপ কৰা হৈছিল, সেই নিষেধাজ্ঞা দুই-এদিনতে প্ৰত্যাহাৰ কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।