আজিৰ সম্পাদকীয়, কাৰ বাবে উন্নয়ন?

dainik janambhumi June 24, 2026

ডিজিটেল ডেস্ক : আমাৰ ৰাজনৈতিক নেতা তথা ক্ষমতাত থকা চৰকাৰৰ মন্ত্ৰী-বিষয়াৰ মুখত সবাতোকৈ বেছি যিটো শব্দ উচ্চাৰণ হয়, সেইটো হ'ল 'বিকাশ' তথা 'উন্নয়ন'। জীৱন ধাৰণৰ বাবে ন্যূনতম প্রয়োজনীয় উপাদানসমূহ প্রতিজন নাগৰিকৰ বাবে সহজলভ্য কৰি তোলাই আচলতে উন্নয়নৰ প্ৰথম চৰ্ত। খাদ্য-বস্ত্র-বাসস্থান আৰু ইয়াৰ লগত অৱধাৰিতভাবে জড়িত আন দুটা বিষয় জনস্বাস্থ্য আৰু শিক্ষা-ইয়াৰ সু-ব্যৱস্থা হ'লে এখন দেশৰ জনতাই এটা মানসম্পন্ন জীৱন যাপন কৰিব পাৰে। সেয়ে উন্নয়ন। 

জীৱনৰ ন্যূনতম প্রয়োজনীয়খিনি এজন নাগৰিক বা এটা পৰিয়ালে নিজেই জোৰা মাৰিব পাৰে, যদিহে জীৱন নিৰ্বাহৰ এটা সংস্থাপন লাভকৰে। এজন কৃষকৰ বাবে কৃষি কাৰ্য, শ্ৰমিকৰ বাবে উপযুক্ত মজুৰিসহ শ্রমদানৰ কোনো ব্যৱস্থা, ব্যৱসায়ীৰ ব্যৱসায়ৰ ক্ষেত্ৰত আৰু আন সকলো লোকৰে বিভিন্ন ক্ষেত্ৰত বিভিন্ন জীৱিকাৰ উপায় থাকে। জীৱিকাৰ উপায় বা সংস্থাপনহীনতাই দৰিদ্ৰতাৰ কাৰণ। অর্থাৎ সংস্থাপন নথকা মানে উপার্জন নথকা। যদিহে উপার্জন নাথাকে, জীৱিকাৰ উপায় নাথাকে, তেন্তে তেনে এজনে জীৱন ধাৰণৰ বাবে মৌলিক প্রয়োজনীয়খিনিৰ জোৰা মাৰিব নোৱাৰে। সেয়েহে অতি সহজ ভাষাত ক'বলৈ গ'লে জনতাক বৃত্তি তথা জীৱিকাৰ পথৰ সন্ধান দি উপার্জনক্ষম কৰি তোলাই হ'ল উন্নয়ন। এই উন্নয়ন জনসাধাৰণৰ উন্নয়ন আৰু জনসাধাৰণৰ উন্নয়ন হ'ল দেশৰ উন্নয়ন।

ৰাষ্ট্ৰ বা চৰকাৰৰ দায়িত্ব যিহেতু জনতাক কর্মসংস্থাপনৰ সন্ধান দিয়া, তাকে কৰিব নোৱৰা বাবেই চৰকাৰসমূহে ৰাইজৰ আঁচনিৰ মাৰফৎ খাদ্য-বস্ত্র-বাসস্থানৰ ব্যৱস্থা কৰিবলগা হয়। আঁচনি বা আঁচনিনিৰ্ভৰ মানুহৰ সংখ্যা বৃদ্ধি হোৱাটো দেশ এখনৰ বাবে ভাল কথা নহয়, ই দেশৰ পৰ্যাপ্ত বিকাশৰ অভাৱকহে সূচিত কৰে। গতিকে, অসমত আঁচনিনিৰ্ভৰ লোক (হিতাধিকাৰী)ৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাটোও ভাল লক্ষণ বুলি ক'ব পৰা নাযায়। ই আচলতে স্বৰাজোত্তৰ ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ
প্রতীক। এতিয়া চৰকাৰে সেই লোকসকলক বিভিন্ন আঁচনিৰে সকাহ দিব লগা হৈছে। কিন্তু দীর্ঘদিনলৈ এনেধৰণৰ আঁচনিনিৰ্ভৰ ব্যৱস্থা এটা চলাই থকা উচিত নহয়। মানুহক উপাৰ্জনক্ষম হোৱাৰ পৰিৱেশ এটা ৰচনা কৰা উচিত। নহ'লে পৰজীৱী শ্ৰেণী এটাৰ সৃষ্টি হৈ জনজীৱনলৈ নামি অহা বিপর্যয়ক অধিক গভীৰ কৰি তুলিব। এই আঁচনিনিৰ্ভৰ ব্যৱস্থাটোৰ মাজতে বিকাশৰ এটা ধাৰা সৃষ্টিৰ প্ৰচেষ্টাও অৱশ্যে অব্যাহত আছে। 

'মহিলা উদ্যমিতা', 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম', 'স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ', 'সাৰথি ষ্টার্ট আপ অসম', 'বনীজ'ৰ দৰে আঁচনিবোৰ এই দিশত উল্লেখযোগ্য। অৱশ্যে জাতিৰ বিকাশ ঘটাবলৈ হ'লে যুৱপ্ৰজন্মটোৰ নিজস্ব উদ্যমী চৰিত্ৰ এটাও লাগিব, কেৱল চৰকাৰমুখী হৈ থাকিলেই নহ'ব। চৰকাৰৰ আঁচনিবিলাক ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত বুলি চর্চা শুনিবলৈ পোৱা যায়। ই মিছাও নহয়। কিন্তু দেশ বা ৰাজ্য এখনৰ প্ৰকৃত বিকাশ হ'বলৈ হ'লে চৰকাৰী কাম-কাজৰ স্বচ্ছতাৰ যেনেকৈ প্রয়োজন, তেনেদৰে নাগৰিকৰ আত্মমর্যাদাবোধৰো প্ৰয়োজন। 'হিতাধিকাৰী' হ'বলৈ উদ্বাউল হৈ থকাটোও ভাল লক্ষণ নহয়। গতিকে, চৰকাৰে 'অৰুণোদয়'ৰ দৰে আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা লাহে লাহে কমাই আনি স্ব-নিৰ্ভৰশীলতাৰ ব্যৱস্থাসমূহক অধিক গুৰুত্ব দিয়া উচিত। 

ইফালে বিভিন্নধৰণৰ উন্নয়নমূলক কাম, ৰাজ্যত ছেমিকণ্ডাক্টৰ উদ্যোগকে ধৰি বিভিন্ন উদ্যোগ স্থাপন, কৰ্প'ৰেট গোষ্ঠীৰ বিনিয়োগেৰে ৰাজ্যত উদ্যোগ-ব্যৱসায়ৰ প্ৰসাৰৰ ব্যাপক তৎপৰতা বৰ্তমানৰ চৰকাৰে অৱলম্বন কৰা দেখা গৈছে। অলপতে অনুষ্ঠিত 'মিডিয়া কনক্লেভ'ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কৈছে যে আমাৰ ৰাজ্যৰ যিবিলাক প্রাকৃতিক সম্পদ আছিল, সেইবিলাকৰ পৰা হ'ব পৰা আয় সীমিত হৈ পৰিছে। গতিকে, ৰাজ্যৰ বিকাশ হ'বলৈ হ'লে বিকল্প উৎসৰ সন্ধান কৰিবই লাগিব। তেনে ক্ষেত্ৰত এই ভূখণ্ডৰ ভৌগোলিক গুৰুত্বৰ আধাৰত কিছুমান বিকল্প উদ্যোগৰ চিন্তা-চৰ্চা চলোৱাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰিছিল। 

গতিকে, আমি ধৰি ল'ব পাৰোঁ যে নতুন নতুন কৰ্প'ৰেট গোষ্ঠীৰ ঔদ্যোগিক, বাণিজ্যিক বিস্তাৰ অহা দিনবোৰত ৰাজ্যখনত চিনাকি ছবি হৈ পৰিব। এনে এটা পৰিৱেশ গঢ় লোৱাৰ লগে লগে সংঘাত কিছুমানো আহিছে। খিলঞ্জীয়াই মাটি হেৰুওৱাৰ, প্ৰকৃতি ধ্বংস হোৱাৰ আশংকাত ৰাজ্যখনৰ কিছু লোক উদ্বিগ্ন হৈ পৰা দেখা গৈছে। তদুপৰি বহুতৰ মনত প্রশ্ন উঠিছে যে, এনে 'উন্নয়ন' বা 'আলংকাৰিক উন্নয়ন'ৰ পৰা ইয়াৰ খিলঞ্জীয়া মানুহখিনিৰ কি লাভ হ'ব? কিমান খিলঞ্জীয়াই এই উদ্যোগবোৰত সংস্থাপন লাভ কৰিব? আমাৰ প্ৰাকৃতিক সম্পদ ধ্বংস হ'লে তাৰ পৰা হ'ব পৰা ক্ষতিৰ মূল্য কোনে ভৰিব? এই প্রশ্নবোৰৰ উত্তৰ চৰকাৰে ৰাইজক দিয়া উচিত।

অসমৰ পৰিৱেশ-পৰিস্থিতি, জনগোষ্ঠীয় বৈচিত্র্য আৰু আন সংবেদনশীল দিশসমূহত ভৱিষ্যতে পৰিব পৰা কু-প্ৰভাৱ সম্পৰ্কত আমি সচেতন থাকি সময়োচিত তৎপৰতা গ্ৰহণ কৰিব লাগিব। চৰকাৰো সতৰ্ক হ'ব লাগিব।

Share This