দেশৰ যিকোনো বেংকৰ পৰা পেঞ্চনৰ ধন উলিয়াব পাৰিব

Dainik Janambhumi November 11, 2024

ডিজিটেল ডেস্কঃ চৰকাৰে হাতত লোৱা নতুন ব্যবস্থা অনুসৰি দেশৰ যিকোনো বেংকৰ শাখাৰ পৰা জ্যেষ্ঠ নাগৰিকসকলে তেওঁলোকৰ পেঞ্চনৰ ধন উলিয়াব পাৰিব। ইয়াৰ লগতে পেঞ্চনভোগীসকলৰ বেংকত সত্যপণ কৰোৱাৰো প্রয়োজন নহ'ব।

কেন্দ্ৰীয় শ্রম মন্ত্র্যালয়ে এই কথা প্রকাশ কৰিছে। কৰ্মচাৰী পেঞ্চন আঁচনি ১৯৯৫ৰ অধীনত নতুন কেন্দ্রীয় পেঞ্চন পৰিশোধ প্ৰণালীৰ (চি পি পি এছ) ব্যাৱহাৰিক পৰীক্ষা অলপতে সম্পন্ন কৰা হয় বুলি কেন্দ্ৰীয় শ্রম মন্ত্রী মনসুখ মণ্ডাভিয়াই ঘোষণা কৰিছিল।

বৰ্তমানৰ পেঞ্চন বিতৰণ বিকেন্দ্রীকৃত আছিল আৰুই পি এফ অ'ৰ প্রতিটো মাণ্ডলিক তথা আঞ্চলিক কার্যালয়ে ৩-৪টা বেংকৰ সৈতে চুক্তি কৰিছিল। নতুন চি পিপি এছত পেঞ্চনাৰসকলে যিকোনো তথ্যৰ সত্যপণৰ কাৰণে বেংকলৈ যোৱাৰ প্ৰয়োজন নহ'ব

Share This