দীৰ্ঘদিন ধৰি বন্ধ ভিতৰদুৱাৰ পানী যোগান আঁচনি, বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ৰাইজ

dainik janambhumi March 22, 2026

ডিজিটেল ডেস্ক: কামৰূপ জিলাৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ ভিতৰদুৱাৰ পানী যোগান আঁচনিখন দীর্ঘদিন ধৰি বন্ধ হৈ আছে। উল্লেখযোগ্য যে বকো উপ-সংমণ্ডলৰ অধীনস্থ অঞ্চলবোৰত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে যিকেইটা পানী যোগান কেন্দ্র স্থাপন কৰিছে তাৰে অধিক সংখ্যক সম্প্রতি পৰিত্যক্ত হৈ থকাত অঞ্চলবাসীয়ে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। অৱশ্যে, ইয়াৰে দুই-এটা কেন্দ্রত পানী যোগানৰ ব্যৱস্থা চলি আছে যদিও ৰাইজে গেদযুক্ত নতুবা আইৰন থকা পানীকে ব্যৱহাৰ কৰিব লগা হৈছে। 

জানিব পৰা মতে জনস্বাস্থ্য কাৰিকৰী বিভাগে ২০১২ চনত ভিতৰদুৱাৰ গাঁৱত বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ উদ্দেশ্য এই আঁচনিৰ শিলান্যাস কৰে। আঁচনিখনৰ যথা সময়ত নিৰ্মাণকাৰ্য সম্পন্ন কৰা হয়। ইপিনে আঁচনিখন নিৰ্মাণ কৰি সেই সময়ত অঞ্চলটোত কিছুদিন বিশুদ্ধ খোৱাপানী যোগান ধৰিছিল। দিন বাগৰাৰ লগে লগে আঁচনিখনৰ পৰা পানী যোগান নধৰাৰ ফলত পানীৰ টেপসমূহ নষ্টৰ লগতে চিন-চাব নোহোৱা হয়। জানিব পৰা মতে, দীর্ঘদিন ধৰি পৰিত্যক্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত ভিতৰদুৱাৰ পানী যোগান আঁচনিখন বিগত প্রায় দুবছৰ পূৰ্বে জলজীৱন মিছনৰ অধীনত ভিতৰদুৱাৰ পানী যোগান কেন্দ্ৰখন বিভাগীয় ঠিকাদাৰে ব্যাপক অনিয়মীয়াভাৱে মেৰামতিৰ কৰিলে যদিও আঁচনিৰ পৰা ৰাইজে মুঠেই উপকৃত নহ'ল। ফলত মানুহৰ ঘৰে ঘৰে স্থাপন পানীৰ 'টেপ' জংগলে আগুৰি ধৰিছে। অনিয়মীয়াভাৱে পানীৰ টেপবোৰ স্থাপন কৰাত টেপবোৰ অ'ত-ত'ত পৰি থকা দেখা গৈছে। 

উল্লেখযোগ্য যে ভিতৰদুৱাৰ বিশুদ্ধ খোৱাপানী যোগান কেন্দ্রখন দীর্ঘদিন ধৰি বন্ধ হৈ থকাত অঞ্চলটোৰ জনসাধাৰণে আইৰনযুক্ত দমকল, পুখুৰীৰ পানীকে ব্যৱহাৰ কৰিবলগীয়া হৈছে। সম্প্রতি আঁচনিখন চায়ে ৰাইজে সান্ত্বনা ল'বলগীয়া হৈছে। ইপিনে, পানীৰ টেপবোৰ কাৰ্যক্ষম কৰি গৰৈমাৰীৰ ভিতৰদুৱাৰ পানী যোগান কেন্দ্ৰখনৰ জৰিয়তে অতি শীঘ্ৰে পানী যোগানৰ ব্যৱস্থা কৰিবলৈ ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে বিভাগীয় কর্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে।

Share This