পেট্রলিয়াম মন্ত্ৰ্যালয়ে ক'লে, পেট্রল-ডিজেলৰ দাম বৃদ্ধিৰ সম্ভাৱনা নাই

dainik janambhumi April 24, 2026

ডিজিটেল ডেস্ক: বিধানসভাৰ নিৰ্বাচনৰ পাছতে দেশত পেট্রল-ডিজেলৰ দাম প্রতি লিটাৰত ২৫-২৮ টকা বৃদ্ধি পাব বুলি প্ৰকাশ পোৱা বাতৰি নাকচ কৰি বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে কয় যে বর্তমান তেনে কোনো প্রস্তাৱ বিবেচনাধীন হৈ থকা নাই। 

পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে সামাজিক মাধ্যম এক্সত কয়, 'পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধি পাব বুলি কিছু বাতৰিত কোৱা হৈছে। ইয়াৰ দ্বাৰা স্পষ্ট কৰা হয় যে তেনে কোনো প্রস্তাৱ বৰ্তমান বিবেচনাধীন হৈ থকা নাই। 

উল্লেখযোগ্য যে ২৯ এপ্রিলত পশ্চিম বংগ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অন্ত পৰাৰ পাছত পেট্রল-ডিজেলৰ দাম বৃদ্ধি পাব বুলি কোটাক ইনষ্টিটিউশ্যনেল ইকুইটীজে ইংগিত দিছিল। কোটাকে প্রতি লিটাৰ পেট্রল-ডিজেলত ২৫-২৮ টকা দাম বৃদ্ধি পোৱাৰ অনুমান কৰিছিল। ইয়াৰ পিছতে এখন সংবাদমেলত পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সুজাতা শর্মাই কয় যে ২০২২ চনৰ ৬ এপ্ৰিলৰ পৰা পেট্রল-ডিজেলৰ দাম বৃদ্ধি পোৱা নাই। বর্তমান মধ্যপ্রাচ্যত চলি থকা যুদ্ধৰ বাবে যোগান ব্যাহত হ'ব বুলি সৃষ্টি হোৱা উদ্বেগৰ মাজত জনসাধাৰণক দাম বৃদ্ধিৰ উৰাবাতৰিত বিশ্বাস নকৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ আগতে কয় যে বিশ্বৰ এই অনিশ্চয়তাৰ পৰিস্থিতিৰ মাজত দেশত ইন্ধনৰ যোগান পর্যাপ্ত হৈ আছে। ইফালে এল পি জি যোগান বিষয়ত শর্মাই কয় যে দেশীয়ভাৱে এল পি জিৰ উপলব্ধতা স্বাভাৱিক। 


বুধবাৰে ৫.২ নিযুততকৈ অধিক ঘৰলৈ এল পি জি যোগান ধৰা হৈছে। দৈনিক বুকিঙো প্রতি দিনে ৪৪-৪৫ লাখলৈ হ্রাস পাইছে। তেওঁ আৰু কয় যে পাবলগীয়াজনৰ সলনি আনে যাতে নাপায় তাৰ বাবে ৯৪ শতাংশ ডেলিভাৰী অথেন্টিকেশ্যন ক'ড (ডি এ চি) ব্যৱহাৰ কৰি যোগান ধৰা হৈছে। সুজাতা শৰ্মাই আৰু কয় যে বাণিজ্যি এল পি জি যোগানো ৭০ শতাংশলৈ বৃদ্ধি পাইছে আৰু এপ্রিল মাহত ১,৪০,০০০ টন বাণিজ্যিক এল পি জি বিক্রী হৈছে। এই যোগান ধৰা হৈছে মূলত ৰেস্তোঁৰা, ধাবা, হোটেল আৰু তীখা, অটম'বাইল, বস্ত্ৰ, ৰসায়ন, প্লাষ্টিক, পেকেজিং আৰু কৃষিৰ দৰে শ্রমনিবিড় (লেবাৰ ইনটেনছিভ) খণ্ডত। ৫ কিল'গ্রাম চিলিণ্ডাৰৰ বিক্ৰীও বৃদ্ধি পাইছে। ১ এপ্ৰিলৰ পৰা ২২ এপ্রিললৈকে ১.৭ নিযুত ৫ কিল'গ্ৰামৰ চিলিণ্ডাৰ বিক্ৰী হৈছে। 

ইফালে চৰকাৰে পাইপড নেছাৰেল গেছৰ (পি এন জি) সম্প্ৰসাৰণতো জোৰ দিছে। মাৰ্চৰ পৰা ৫,১৮,০০০ পি এন জি সংযোগ সক্রিয় কৰা হৈছে। আনহাতে, ২,৫৮,০০০টা নতুন সংযোগৰ বাবে আন্তঃগাঁথনি উন্নত কৰা হৈছে। এই দুয়োটাকে ধৰি পি এন জিৰ মুঠ ৭,৭৬,০০০ সংযোগ হৈছে।

Share This