চন্দ্ৰৰ কক্ষপথৰ পৰা তুলিলে পৃথিৱীৰ ছবি, নাছাৰ মহাকাশচাৰীৰ ৫টা দশকৰ পাছত সফলতা

dainik janambhumi April 06, 2026

ডিজিটেল ডেস্ক : পাঁচটা দশকৰ পাছত জোনবাইৰ কাষৰ পৰা আমাৰ পৃথিৱীৰ ফটো তুলিলে এগৰাকী মহাকাশচাৰীয়ে। চন্দ্র অভিমুখে আগবঢ়া মার্কিন মহাকাশ গবেষণা সংস্থা নাছাৰ আর্টেমিছ-২ মহাকাশযানখনৰ পৰা মহাকাশচাৰীয়ে তুলিলে পৃথিৱীৰ ফটো। ইতিমধ্যে নাছাই এই ফটো সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিছে। 

উল্লেখযোগ্য যে প্রায় ৫০ বছৰৰ পাছত নাছাই চন্দ্রলৈ মহাকাশচাৰী প্রেৰণ কৰিছে। ইতিমধ্যে ২ এপ্রিলত আর্টেমিছ-২ মহাকাশযানখনে বুকুত চাৰিজনকৈ মহাকাশচাৰী লৈ চন্দ্র অভিমুখে উৰা মাৰিছে। পৃথিবীৰ কক্ষপথৰ পৰা বাহিৰ হৈ ক্ৰমাৎ চন্দ্রৰ কাষ চপা মহাকাশ যানখনৰ পৰা মহাকাশচাৰীয়ে নাছাৰ মুখ্য কার্যালয়লৈ প্রেৰণ কৰিছে পৃথিবীৰ আকর্ষণীয় আলোকচিত্র। এইখন হৈছে প্রায় ৫০ বছৰৰ পাছত চন্দ্রৰ কক্ষপথৰ পৰা মহাকাশচাৰীয়ে প্রেৰণ কৰা পৃথিৱীৰ প্রথমখন আলোকচিত্র। 

ৰেইড ৱাইজমেনৰ নেতৃত্বত তিনিজন মার্কিন আৰু এজন কানাডাৰ মহাকাশচাৰী চন্দ্র অভিমুখে গৈ আছে। প্রথমবাৰৰ বাবে মহাকাশচাৰীসকলে লগত ম'বাইল ফোন নিয়াৰ অনুমতি পাইছে। যাৰ জৰিয়তে তেওঁলোকে মহাকাশত ফটো তোলাৰ সুবিধা লাভ কৰিছে।

Share This