ৰাজ্যত বৰষুণ কম হৈছে, হোৱা নাই খৰাং : পীয়ূষ হাজৰিকা, ২৪-৫০% কৃষিভূমিত পানীৰ ব্যৱস্থা কৰিব চৰকাৰে

dainik janambhumi July 09, 2026

ডিজিটেল ডেস্ক: অসমত খৰাংসদৃশ পৰিৱেশৰ সৃষ্টি হোৱা নাই। অঞ্চল বিশেষে কিছুমান ঠাইত অলপ অলপ বৰষুণ কম হৈছে। এই সময়ছোৱাত যোৱা বছৰ ৫৫ শতাংশ বৰষুণ হৈছিল আৰু এইবাৰ ৬০ শতাংশ বৰষুণ হৈছে-কালি অসম বিধানসভাত এই তথ্য প্ৰকাশ কৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই। 

কংগ্ৰেছৰ বিধায়ক ডাঃ জয়প্রকাশ দাসে অসমৰ পথাৰত পানী নাই, খৰাঙৰ বাবে খেতিয়কৰ হাহাকাৰ অৱস্থা হৈছে আৰু কৃষিপ্রধান ৰাজ্য বুলি গৌৰৱ কৰি থাকিলে নহ'ব বুলি উল্লেখ কৰি এইক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই এইদৰে কয়। মন্ত্ৰী হাজৰিকাই জলসম্পদ বিভাগৰ তথ্য দাঙি ধৰি লগতে কয় যে কিছু কিছু অঞ্চলত খৰাং হোৱাটো অস্বীকাৰ নকৰোঁ। গোলাঘাট, মৰিগাঁও, পশ্চিম কার্বি আংলঙৰ কিছু অঞ্চলত খৰাং হোৱাৰ তথ্য আমাৰ হাতত আছে। কিয়নো এইবাৰ খেতিৰ আগতেই বেছি বৰষুণ হৈছে। অসমত প্ৰতিবছৰে ৩০০০ মিলিমিটাৰ বৰষুণ প্ৰতিখন জিলাতে হয়। ডিব্ৰুগড়ত যোৱা বছৰ ৭জুলাইলৈকে ১০৯০.৪২ মিলিমিটাৰ বৰষুণ হৈছিল। এইবাৰ এতিয়ালৈকে ৯৭৭.১০ মিলিমিটাৰ বৰষুণ হৈছে। 

পাণ্ডুত যোৱা বছৰ এই সময়ছোৱাত ১২৫৫ মিলিমিটাৰ বৰষুণ হৈছিল আৰু এইবছৰ এতিয়ালৈকে ১১০০ মিলিমিটাৰ বৰষুণ হৈছে। অর্থাৎ অলপ অলপ বৰষুণ কিছুমান ঠাইত বেছি হৈছে আৰু কিছুমান ঠাইত কম হৈছে। একেবাৰে খৰাং হোৱা নাই। আনহাতে, কম পানীত যিসমূহ খেতি কৰিব পাৰি তাৰ বাবে চৰকাৰ সাজু হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে মুখমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশ অনুসৰি ৰাজ্যৰ ২৪ৰ পৰা ৫০ শতাংশ কৃষিভূমিত যাতে পানীৰ ব্যৱস্থা কৰিব পাৰোঁ তাৰ বাবে বিভাগৰ কাম আৰম্ভ কৰাৰ কথা সদনত জানিবলৈ দিয়ে।

Share This