দুবছৰৰ পৰাই কৰিছিল আক্ৰমণৰ পৰিকল্পনা, দিল্লী বিস্ফোৰণৰ সন্দৰ্ভত সন্ত্রাসবাদী ডাক্তৰৰ স্বীকাৰোক্তি

dainik janambhumi November 23, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ বিভিন্ন চহৰত আক্ৰমণৰ পৰিকল্পনা ২০২৩ চনৰে পৰা কৰি আছিল সন্ত্রাসবাদী ডাক্তৰৰ গোটটোৱে। দিল্লীত বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ সময়ত এই বিস্ফোৰক স্বীকাৰোক্তি দিছে সন্ত্রাসবাদী ডাক্তৰ মুজাম্মিল ছাকিলে। দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত ডাঃ মুজাম্মিল ছাকিলে জৈছ চালিত সন্ত্রাসবাদী ডাক্তৰৰ গোটটোৱে পৰিকল্পনাৰ বিষয়ত মুখ খুলিছে। ২০২৩ চনতে দেশৰ বহুকেইখন চহৰত আক্ৰমণৰ ব্লুপ্রিন্ট ৰচা হৈছিল। 

দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণটোৰ প্ৰকৃত উদ্দেশ্য আছিল দেশৰ বিভিন্ন চহৰত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰাটো। আত্মঘাতী বোমাৰু ওমৰ মহম্মদৰ সহযোগী ডাঃ মুজাম্মিল ছাকিলক নিয়াই জেৰা কৰা সময়ত স্বীকাৰ কৰে যে দুবছৰ পূৰ্বৰ পৰাই দেশত ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰা হৈছিল। 

এই উদ্দেশ্যৰে মুজাম্মিলে বিস্ফোৰক, ৰিমোট আৰু বোমা প্রস্তুতৰ সঁজুলি সংগ্ৰহ কৰিছিল। মুজাম্মিলক এম 'নিয়াম নাইট্রেট সংগ্ৰহৰ দায়িত্বও দিয়া হৈছিল। মুজাম্মিলে হাৰিয়ানাৰ গুৰুগ্ৰাম আৰু নুহৰ পৰা ৩ লাখ টকাৰ ২৬ কুইণ্টল এন পি কে সাৰ ক্ৰয় কৰিছিল বোমা প্রস্তুতৰ বাবে। আনহাতে, ফৰিদাবাদৰ পৰা বিস্ফোৰক সামগ্রী সংগ্ৰহ কৰিছিল বুলি মুজাম্মিলে নিয়াৰ জেৰাত স্বীকাৰোক্তি দিয়ে।

Share This