আজি প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ ভ্ৰমণ 

dainik janambhumi April 11, 2025

ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে উত্তৰ প্রদেশ আৰু মধ্য প্রদেশ ভ্রমণ কৰিব। এই ভ্রমণকালত তেওঁ বাৰানসীলৈ যাত্ৰা কৰাৰ লগতে ৩৪০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰলৈ ৭০ বছৰৰ ঊর্ধ্বৰ বয়সৰ জ্যেষ্ঠ নাগৰিকসকলক আয়ুষ্মান বয়' বন্দনা কার্ডো বিতৰণ কৰিব। বাৰানসীৰ পথ যোগাযোগকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রধানমন্ত্রীয়ে কেইবাটাও পথ তথা আন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাসো কৰিব। 

তেওঁ লগতে দুটা ৪০০ কিল'ভল্ট আৰু এটা ২২০ কিল'ভল্ট শক্তিসম্পন্ন বিদ্যুৎ উপকেন্দ্ৰ আৰু বিদ্যুৎ পৰিবাহী লাইন মুকলি কৰিব। বাৰানসী সংমণ্ডলৰ জোনপুৰ, চন্দৌলি আৰু গাজীপুৰত ১০৪৫ কোটিৰো অধিক ব্যয়েৰে এই প্রকল্পসমূহ সাজু কৰি তোলা হৈছে। 

মধ্য প্রদেশত মোদীয়ে আনন্দপুৰ ধামত এটা ৰাজহুৱা অনুষ্ঠানত অংশ লোৱাৰ লগতে জনসভাক সম্বোধন কৰিব। তেওঁ ইছাগড় গুৰুজী মহাৰাজ মন্দিৰো দৰ্শন কৰিব।

Share This