ডিজিটেল ডেস্কঃ অসমৰ ৰাজনীতিত একালত বহু বাগ্মী-অধ্যয়নশীল আৰু ব্যক্তিত্বসম্পন্ন লোকৰ পয়োভৰ ঘটিছিল। শাসক দলতো আৰু বিৰোধী দল তথা বাঁওপন্থী দলতো। অসমৰ ৰাজনীতিৰ সেয়া আছিল এক গৌৰৱোজ্জ্বল অধ্যায়। গোপীনাথ বৰদলৈৰ কথা ক'বই নালাগে- পৰৱৰ্তী কালতো দেৱকান্ত বৰুৱাৰ দৰে কবি-সাংবাদিক, বিপিন পাল দাস, খগেন বৰবৰুৱা, গোলাপ বৰবৰা, গৌৰীশকংৰ ভট্টাচাৰ্য, হেম বৰুৱা, বিমলা প্রসাদ চলিহা, মহেন্দ্র মোহন চৌধুৰী, শৰৎ চন্দ্ৰ সিংহ, ৰূপনাথ ব্রহ্ম, বেণুকা দেৱী বৰকটকী, দুলাল বৰুৱা, হেমেন দাস প্রমুখ্যে আৰু বহুজন।
বিষ্ণু ৰাভা, ভূপেন হাজৰিকায়ো অসম বিধানসভাত এভুমুকি মাৰিছিল। দেবেশ্বৰ শৰ্মাৰ দৰে লোকে অসম বিধানসভা আৰু লোক সভা উভয়তে নিজৰ ব্যক্তিত্ব আৰু কৃতিত্বৰ স্বাক্ষৰ ৰাখি গৈছে। এনেসকল ব্যক্তিয়ে যেতিয়া কোনো ৰাজনৈতিক-অর্থনৈতিক-সামাজিক বিষয়ত নিজৰ মতামত দাঙি ধৰিছিল, বিতৰ্কত অংশ লৈছিল, নানা ৰাজহুৱা সভাত ভাষণ দিছিল- সেয়া হৈ পৰিছিল সহস্ৰজনৰ বাবে শিক্ষণীয়-চিন্তনীয় বিষয়। এইসকলৰ বক্তব্য শুনিবলৈ মানুহে আগ্রহ প্রকাশ কৰিছিল। উল্লিখিতসকল কোন, কিমান দিন মন্ত্রী-বিধায়ক হৈ আছিল বা থাকিব পাৰিছিল সেয়া ডাঙৰ কথা নাছিল। ব্যক্তিগতভাৱে কাৰ সম্পদ কিমান বা অর্থনৈতিক অৱস্থা কেনে- তাৰদ্বাৰাই তেওঁলোকৰ কৰ্মতৎপৰতা, নিষ্ঠাৰ মূল্যায়ন হোৱা নাছিল। তেওঁলোকৰ শিষ্টাচাৰ, বক্তব্য, আচাৰ-আচৰণত প্ৰতিফলিত হোৱা ৰুচিবোধ, আত্মমর্যাদা আৰু দেশপ্রেম আছিল অননুকৰণীয়।
নিজৰ পাৰ্টিৰ উন্নতি-আত্মপ্রতিষ্ঠা আদিক লৈ তেওঁলোকৰ কোনো উদ্বেগ বা দুঃচিন্তা নাছিল। পিছে এতিয়া সেই ৰামো নাই আৰু অযোধ্যাও নাই। কিন্তু পৰৱৰ্তী প্ৰজন্মৰ ৰাজনীতিকসকল, বিশেষকৈ যোৱা শতিকাৰ নব্বৈৰ দশকৰ পৰা বৰ্তমানলৈ ৰাজনীতিলৈ যিসকল আহিছে সেইসকলৰ মাজত আমি পূৰ্বৰ দৰে বৰেণ্য পণ্ডিত, উচ্চ ব্যক্তিত্বশীল লোক পোৱা নাই। মূল্যবোধ আৰু আদৰ্শক অগ্রাধিকাৰ দিয়া ৰাজনীতিৰ যুগ যেন শেষ হৈ গ'ল।
শেহতীয়া ধাৰাৰ ৰাজনীতিত প্ৰৱেশ কৰাসকলৰ আনুষ্ঠানিক শিক্ষা আছে। এইসকলৰ মাজত 'ডক্টৰেট' উপাধিধাৰী-গৱেষণাকাৰীও আছে। কিন্তু যিটো বস্তুৰ বৰকৈ অভাৱ সেয়া হ'ল ব্যক্তিত্ব, ৰুচিবোধ, শিষ্টাচাৰ আৰু সৌজন্যবোধ। বচন আৰু আচৰণৰ সৌজন্যবোধকে আমি ভদ্রতা তথা ভদ্রজনোচিত আচৰণ বোলো। এতিয়াৰ ক্ষমতাকেন্দ্রিক ৰাজনীতিত সামুহিক সৌজন্যতাৰ পৰিৱৰ্তে ব্যক্তি প্রাধান্যৰ অহং ভাব বা ইগ'হে চকুত পৰা ধৰণে বৃদ্ধি পাইছে। একোজন নেতা এটা গোটৰ 'বছ' হৈ উঠে। সেই গোটে তথাকথিত 'বছ'জনৰ প্ৰতিষ্ঠাৰ বাবে কাম কৰে আৰু সেই 'বছ'জনৰ প্ৰতিপক্ষত থকাসকলক নানাভাবে ব্যতিব্যস্ত কৰি ৰাখে। তর্ক-বিতর্ক এতিয়া দ্বন্দ্ব-খৰিয়ালৰ পৰ্যায়লৈ অৱনমিত হ'ল।
গালি-শপনি, অবাঞ্ছিত-অনাকাংক্ষিত মুখৰ বচনে এতিয়াৰ নেতাসকলৰ নিম্ন কচিৰ পৰিচয় দাঙি ধৰে। আগতে ক্ষমতাৰ প্রয়োজন আছিল দেশ-জাতিক সমৃদ্ধ কৰাৰ বাবে, নিজস্ব ধৰণে কাম কৰাৰ সুযোগ-সুবিধাৰ বাবে। এতিয়া ক্ষমতাৰ প্ৰয়োজন ৰাজনৈতিক নেতাৰ ন্যস্তস্বার্থ চৰিতাৰ্থ কৰিবৰ বাবে, নিজে পৰিয়ালসহ অধিক সম্পদশালী হৈ উঠিবৰ বাবে। ধন-সম্পদৰ পৰিমাণ যিমানেই বৃদ্ধি পায়, ক্ষমতাৰ ৰাজনীতিত একোজন নেতাৰ খোপনিও সিমানেই দৃঢ় হয়। গতিকে এতিয়া আদর্শ বা মূল্যবোধ ৰাজনীতিৰ চালিকাশক্তি হৈ থকা নাই। বর্তমান ধন-সম্পদ, প্রাচুর্য আদিহে ক্ষমতাৰ ৰাজনীতিৰ মূল কাৰক। দেশৰ নিৰ্বাচনী ব্যৱস্থাত বৃহৎসংখ্যক ভোটাৰক প্ৰভাৱিত কৰিব পৰা কোনো কৌশল বিচাৰি উলিয়াই তাক প্রয়োগ কৰিলেই হ'ল। ভাৰতবৰ্ষ হ'ল দুখ-দৰিদ্ৰ তথা আন নানা ধৰণৰ সমস্যাৰে পীড়িত এখন দেশ। সমস্যাজৰ্জৰ মানুহক সকাহ দিব পৰা কৌশলেৰে ৰংচঙীয়া আঁচনি কৰি বজাৰত চমক সৃষ্টি কৰিব পাৰিলেই হ'ল। তাকে উন্নয়নৰ চাব-মোহৰ মাৰি চলাই দিব পাৰি। বৰ্তমান তাকে কৰি থকা হৈছে। এফালে অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত এক শোকাকুল উপত্যকাত পৰিণত হৈছে। আনফালে দায়িত্বশীল মন্ত্রী-বিধায়কে ভোটাৰ ৰাইজক আকৃষ্ট কৰিব পৰা কেতবোৰ আঁচনি ঘোষণা কৰি কেতবোৰ লঘু কথা কৈ আছে। চৰকাৰী হিতাধিকাৰী আঁচনিৰ প্ৰচাৰ চলাই আছে। এফালে শোকৰ লহৰ, আনফালে ভোগৰ প্ৰৰোচনা। এটা অতি অস্বস্তিকৰ বাতাৱৰণ।
দেশত ন ন ৰূপত নতুন নতুন আঁচনি ঘোষণা হৈ আছে। উন্নয়ন আঁচনিৰ একেবাৰে সহজবোধ্য অর্থ হ'ল- যিসকল লোক কোনো কাৰণত উন্নয়ন প্ৰক্ৰিয়াৰ বাহিৰত ৰৈ গৈছে, যিসকলে চৰকাৰী সাহায্য অবিহনে নিজৰ বুনিয়াদী প্রয়োজন পূৰাবলৈ অক্ষম, সেইসকললৈ সাহায্য প্রদান। তেনে লোকৰ সংখ্যা বৃদ্ধিৰ প্ৰত্যক্ষ ইংগিত হ'ল দেশৰ জনতাৰ জনমূৰি আয় হ্রাস পোৱা। জনমূৰি আয় হ্রাস পোৱা মানে ৰাজ্যৰ স্থান উন্নয়নৰ ক্ষেত্ৰত পিছপৰা ৰাজ্যৰ তালিকাৰ শীৰ্ষলৈ গতি কৰা। লাখপতি বাইদেউ, কোটিপতি বাইদেউ উৎপাদনমূলক কার্যত জড়িত কৰি তাৰ আয়ৰে কৰিব খোজা হোৱা নাই। বৰঞ্চ চৰকাৰী আঁচনিৰ সহায়েৰে কোনোবা যদি লাখপতি হয়, তেন্তে তেনে ব্যক্তি চৰকাৰী সাহায্যপ্রাপ্ত লাখপতিহে হয়। যদি জনতাৰ অধিকাংশৰে প্ৰয়োজনীয় মিঠাতেলটুপি নিজে কিনি লৈ খাঁব পৰা অৱস্থা হোৱা নাই, তেন্তে বছৰি হাজাৰ হাজাৰ কোটি আঁচনিৰ নামত ব্যয় কৰাৰ সুফল আমি কি পালোঁ? আমি নিজকে প্রশ্ন কৰা উচিত। মিঠাতেল মাতৃ-পুত্ৰৰ মমতাৰ প্ৰতীক কেনেকৈ হ'ল।
এনে ধৰণৰ কথাবোৰ অত্যন্ত নিম্নৰুচিৰ। এগৰাকী মহিলাই (হিন্দু) কেইটা সন্তান জন্ম দিব, এয়া কি চৰকাৰী ৰাজহুৱা সভাৰ বক্তব্য হ'ব পৰা বিষয়? এয়া নাৰী সবলীকৰণ নে নাৰী মৰ্যাদাৰ ৰাজহুৱা অবমাননা। আমি আৰু কিমান তললৈ নামিম- ক্ষমতাৰ বাবে?