বহুবিবাহ কৰিলেই যাব চাকৰি

dainik janambhumi July 11, 2026

ডিজিটেল ডেস্ক : সকলো শ্ৰেণীৰ লোকৰ কল্যাণ সাধনৰ অর্থে অসম চৰকাৰে গ্ৰহণ কৰিছে এলানি পদক্ষেপ। সেই অনুসৰি আধাৰভিত্তিক প্রমাণীকৰণকে ধৰি 'ডিজিটেল ইনফ্রাষ্ট্ৰাকচাৰ ফৰ ডি বি টি কিমছে অধীনত হিতাধিকাৰী গাঁথনিৰ দ্বাৰা সকলো হিতাধিকাৰীমুখী আঁচনি প্রদান কৰা হ'ব। 

মহিলা সবলীকৰণ, লিংগ সমতা সুদৃঢ় কৰাৰ অর্থে বহুবিবাহ কৰোৱা কোনো পুৰুষে চৰকাৰী কল্যাণমূলক আঁচনিৰ লাভ উঠাব নোৱাৰিব। মহিলা সবলীকৰণ, লিংগ বৈষম্য দূৰ আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ় দিয়াৰ লক্ষ্যৰে চৰকাৰে 'অসম সেৱা' অনুশাসন আৰু আৱেদন নিয়মাৱলী, ১৯৬৪'ৰ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে। ফলত কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্রমাণ হ'লে তেওঁক আইন মতে, চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। ইফালে অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে আপোন ঘৰ আৰু আপোন বাহন আঁচনি দুখনৰ ম্যাদ পাঁচ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে বাজেটত।

বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজ সাহায্য ৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে। ইফালে চৰকাৰী কৰ্মচাৰীয়ে পিতৃত্বকালীন ছুটী লাভ কৰিব। দুসপ্তাহৰ বাবে পিতৃত্বকালীন ছুটী প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে বাজেটত। ২০১৭ চনৰ ১ এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীৰ পৰিয়ালৰ বাবে ৫০ শতাংশ পেঞ্চনৰ সুবিধা প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে। ইফালে আগষ্ট মাহৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ মাহেকীয়া ধনৰাশি। যোগ্য পৰিয়ালেহে যাতে এই আঁচনিৰ লাভ উঠাব পাৰে তাৰ বাবে চৰকাৰে যোগ্য হিতাধিকাৰীক অন্তর্ভুক্ত কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিব। 'অৰুণোদয় প্লাছ' আঁচনিৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন আৰু বিধৱা পেঞ্চন আঁচনি প্রদান প্রক্রিয়া অব্যাহত ৰখাৰ প্ৰতিশ্রুতি দিয়ে চৰকাৰে। ইফালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেছনকার্ডধাৰীসকলে আগষ্ট মাহৰ পৰা লাভ কৰিব ৰেহাই মূল্যৰ মচুৰ দাইল আৰু চেনি। নিৰ্বাচনৰ আগত সুলভ মূল্যত মিঠাতেল প্ৰদানৰ যি প্রতিশ্রুতি চৰকাৰে দিছিল, সেই ক্ষেত্রত সম্ভাৱনীয়তা পৰীক্ষা কৰা হ'ব বুলি উল্লেখ কৰি বিত্ত মন্ত্ৰীয়ে কয় যে স্থানীয়ভাৱে উৎপাদিত সৰিয়হৰ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাৰ লক্ষ্য লোৱা গৈছে। 

প্রণিধানযোগ্য যে আগষ্ট মাহৰ পৰা আমি অসমৰ নৱ-বৈষ্ণৱ ধৰ্মীয় পৰম্পৰাৰ আধ্যাত্মিক গুৰু তথা সত্ৰ প্ৰতিষ্ঠানৰ এক অবিচ্ছেদ্য অংগস্বৰূপ ৬২১গৰাকী উদাসীন ভকতক মাহিলী ১,৫০০ টকাৰ আৰ্থিক সাহায্য প্রদান ব্যৱস্থা পুনৰ আৰম্ভ কৰা হ'ব। 'মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনা'ৰ জৰিয়তে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদানৰ ব্যৱস্থা অব্যাহত ৰাখি এই আঁচনিৰ অধীনত পি এম-কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকক বছৰি ১১,০০০ টকাৰ আৰ্থিক সাহায্য প্রদান কৰা হ'ব। একেদৰে ধান আৰু মাকৈ ক্ৰয়ৰ ক্ষেত্ৰত প্রতি কুইণ্টলত ২০০ টকা আৰু সৰিয়হৰ ক্ষেত্ৰত প্রতি কুইণ্টলত ৩০০ টকাকৈ অতিৰিক্ত ৰাজ সাহায্য অব্যাহত ৰখা হ'ব। 

আমাৰ চৰকাৰে 'গেপ ছাপ'র্ট স্কীম'ৰ জৰিয়তে প্রতি লিটাৰ গাখীৰত ৫ টকাকৈ সাহায্য প্রদান কৰি দুগ্ধপালকসকললৈ সহায় আগবঢ়োৱাটো অব্যাহত ৰাখিব ৰাজ্য চৰকাৰখনে। ইয়াৰ ফলত প্রতি মাহে প্রায় ২৫,০০০ দুগ্ধপালক উপকৃত হ'ব। এই আঁচনি ৰূপায়ণৰ ফলস্বৰূপে সংগঠিত খণ্ডৰ দ্বাৰা দুগ্ধ ক্ৰয়ৰ পৰিমাণ প্রতিদিনে ৯৭,৫৫৪ লিটাৰৰ পৰা ১,৪৩,০৩৫ লিটাৰলৈ বৃদ্ধি পাইছে।

Share This