ৰঙা ৰসাল গুটিৰে ভৰি থকা ডালিমৰ নানা স্বাস্থ্য উপকাৰিতা

Nikimoni Kachari February 27, 2026

ডিজিটেল ডেস্ক: ডালিম(Pomegranate) এক পুষ্টিকৰ আৰু ঔষধি গুণসমৃদ্ধ ফল। ই ৰসাল ফল। ডালিমৰ বহু স্বাস্থ্য উপকাৰিতা আছে। ডালিম এনে এবিধ ফল যিয়ে শৰীৰক সুস্থ কৰি ৰাখে ৷ ৰঙা ৰসাল গুটিৰে ভৰি থকা ডালিমে আমাক সুস্থ জীৱন প্ৰদান কৰাত সহায় কৰে। মানুহৰ দাঁত ধুনীয়া হলে ‘ডালিমগুটীয়া দাঁত’ বুলি কোৱা হয়। 

ডালিমৰ উপকাৰিতাৰ বিষয়ে জানো আহক

১) ডালিমে শৰীৰত ৰক্ত বৃদ্ধিকাৰক, হিম'গ্লোবিন বঢ়োৱা, আৰু হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে। 

২) ইয়াৰ ৰস স্মৃতিশক্তি বৃদ্ধি কৰা আৰু গৰমত দেহ শীতল ৰখাৰ লগতে, পাচন ক্ৰিয়া মজবুত কৰিবলৈ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৩) ডালিমে তেজৰ উৎপাদন বৃদ্ধি কৰে, যাৰ বাবে ৰক্তহীনতাত (Anaemia) ভোগা লোকৰ বাবে ই উত্তম ।

৪) ডালিমে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, কলেষ্টৰেল কমায় আৰু ৰক্ত সঞ্চালন উন্নত কৰে।

৫) পেটৰ বিভিন্ন সমস্যা যেনে অৰুচি, অজীৰ্ণ, আৰু আমাশয় আদি ৰোগত ডালিমৰ ৰস উপকাৰী।

৬) শাৰীৰিক দুৰ্বলতা দূৰ কৰি স্মৃতিশক্তি বৃদ্ধি কৰাত ডালিমে সহায় কৰে।

৭) ডালিমৰ ৰসত থকা 'উৰোলিথিন' (Urolithin) উপাদানে পেশী শক্তিশালী কৰে আৰু যৌৱন ধৰি ৰখাত সহায় কৰে।

৮) মধুমেহ বা ডায়েবেটিছ ৰোগীৰ বাবেও ডালিম উপকাৰী।  

৯) ছাল আৰু দাঁতৰ স্বাস্থ্যৰ বাবে ডালিম অতি ফলপ্ৰসূ বুলি কোৱা হৈছে ৷ ইয়াত থকা ভিটামিন চিয়ে ছালক সুস্থ কৰি তোলাই নহয়, উজ্জ্বল কৰি তোলে 

১০) ডালিম খালে অকালতে দেখা দিয়া বলিৰেখাও দূৰ কৰে ৷ 

১১) ডালিম খালে দাঁতৰ গুৰিত হোৱা সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লগতে দাঁত মজবুত হয়।

১২) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত ডালিমে অগ্ৰণী ভূমিকা পালন কৰে ৷ ইয়াত থকা এণ্টি অক্সিডেণ্ট ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বাহ্যিক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে ৷

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This