শুক্ৰ গ্ৰহত প্ৰাণী থকাৰ সম্ভাৱনাঃনাছাৰ বিজ্ঞানীৰ দাবী

Jyoti Borah August 29, 2023

ডিজিটেল ডেস্কঃ আমাৰ সৌৰজগতৰ দ্বিতীয়টো গ্ৰহ হ’ল শুক্ৰ৷ সূৰ্যৰ পৰা নিচেই ওচৰত থকাৰ কাৰণে এই গ্ৰহটোৰ উপৰিভাগৰ তাপমাত্ৰা ৪৭৫০ চেলছিয়াছ৷ ইমান বেছি তাপমাত্ৰাত প্ৰাণী থাকিব পাৰে বুলি নিশ্চয় আশা কৰিব নোৱাৰি, কিন্তু আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ এজন বিজ্ঞানীয়ে এই সম্পৰ্কত ভিন্ন মত পোষণ কৰিছে৷ তেওঁৰ মতে, আমাৰ সৌৰজগততে পৃথিৱীৰ উপৰি আন গ্ৰহত প্ৰাণী আছে৷ তেওঁৰ মতে শুক্ৰ গ্ৰহত প্ৰাণী লুকাই থকাৰ সম্ভাৱনা আটাইতকৈ বেছি৷ 

ডেইলী মেইলৰ মতে এই আশ্বৰ্যকৰ দাবী কৰিছে নাছাৰ বিজ্ঞানী মিচেল থেলৰে৷ তেওঁ আমেৰিকাৰ গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰৰ এজন গৱেষক বিজ্ঞানী৷ তেওঁৰ মতে কাৰ্বন-ডাই-অক্সাইডেৰে পৰিপূৰ্ণ শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত জীৱৰ সম্ভাব্য ইংগিতৰ বিষয়ে পূৰ্বতেই প্ৰকাশ কৰা হৈছে৷ তেওঁ লগতে কয় যে ক’ৰবাত যে প্ৰাণী লুকাই আছে, সেই কথাত তেওঁ নিশ্চিত৷  তেওঁ এটা সাক্ষাৎকাৰত কয় যে শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত জীৱৰ সম্ভাব্য ইংগিত দেখা পোৱা গৈছে৷  থেলৰে লগতে কয় যে তেৱোঁ শুক্ৰ গ্ৰহত জীৱ থকাৰ আশা কৰা নাছিল, কিন্তু গ্ৰহটোৰ বায়ুমণ্ডলে এতিয়া তাৰ সম্ভাৱনা থকা বুলিহে ইংগিত দিয়ে৷ এই জীৱ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হ’ব পাৰে বুলিও তেওঁ লগতে প্ৰকাশ কৰে৷ 

শুক্ৰৰ আকাৰ আৰু ভাৰ পৃথিৱীৰ সৈতে প্ৰায় সমান৷ সেয়েহে গ্ৰহটোক পৃথিৱীৰ যমজ গ্ৰহ বুলিও বহুতে কয়৷ কিন্তু গ্ৰহটোৰ বায়ুমণ্ডলৰ পৃথিৱীৰ সৈতে সাদৃশ্য নাই৷ গ্ৰহটোৰ বায়ুমণ্ডলত ৯৬ণ কাৰ্বন-ডাই-অক্সাইড আছে৷ উপৰিভাগৰ তাপমাত্ৰা ৪৭৫ ডিগ্ৰী চেলছিয়াছ আৰু চাপ পৃথিৱীৰ ৯২ গুণ অধিক৷ গ্ৰহটো ছালফিউৰিক এচিডৰ ডাৱৰেৰে আৱৰি আছে৷ ইয়াৰ ফলত গ্ৰহটোৰ পৃষ্ঠভাগৰ প্ৰতি চকু ৰখাটো প্ৰায় অসম্ভৱ৷ সেয়েহে শুক্ৰ গ্ৰহত মানুহৰ জীৱৰ অস্তিত্ব অসম্ভৱ বুলি কোৱা হয়৷ গ্ৰহটো ইমানেই গৰম যে ইয়াত সহজে চিচাও গলি যাব পাৰে৷ ইয়াৰ পাছতো গ্ৰহটোৰ ডাৱৰৰ কাৰণে তাত থকা ছালফাৰ, মিথেইন আৰু লোহাৰে সূক্ষ্মজীৱী জীয়াই থাকিব পাৰে বুলি কোৱা হৈছে৷ অৱশ্যে লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজৰ জ্যোতিৰ্বিজ্ঞানী অধ্যাপক ডমিনিক পাপিনিউৰ মতে থেলাৰৰ দাবী মানি ল’বলৈ কঠিন৷ কিন্তু আমাৰ সৌৰজগতৰ বৰফেৰে আবৃত্ত উপগ্ৰহত সূক্ষ্ম জীৱ থাকিব পাৰে বুলি দুয়ো দাবী কৰিছে৷

Share This