মৰণোত্তৰভাৱে জুবিন গাৰ্গক ৩টাকৈ ফিল্মফেয়াৰ বঁটা

dainik janambhumi February 28, 2026

ডিজিটেল ডেস্ক: অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ কালি মৰণোত্তৰভাৱে আগবঢ়োৱা হয় তিনিটাকৈ ফিল্মফেয়াৰ বঁটা (অসমীয়া)। বিস্ময়কৰ প্ৰতিভা আৰু যাদুকৰী কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গক জীৱনজোৰা সাধনা বঁটা, 'ৰুদ্ৰ' চিনেমাখনৰ 'আগলি অনুভৱে' গীতটোৰ বাবে শ্রেষ্ঠ কণ্ঠশিল্পী (পুৰুষ) আৰু 'ৰৈ ৰৈ বিনালে' চিনেমাখনৰ কাৰণে ফিল্মফেয়াৰ বিশেষ বঁটা আগবঢ়ায়। 

কালি ফিল্মফেয়াৰ কৰ্তৃপক্ষই জুবিনৰ কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈ জুবিনৰ পত্নী আৰু পিতৃৰ হাতত বঁটাসমূহ অর্পণ কৰে। ফিল্মফেয়াৰৰ দৰে এক সন্মানীয় বঁটা গ্রহণ কৰি জুবিনৰ পত্নী গৰিমা গার্গে কয় যে যিহেতু আজি ফিল্মফেয়াৰৰ বঁটা প্রদান অনুষ্ঠান আছে, সেয়েহে তেওঁক উক্ত অনুষ্ঠানত উপস্থিত থাকি বঁটাকেইটা গ্রহণ কৰিবৰ বাবে ফিল্মফেয়াৰ কৰ্তৃপক্ষই যোগাযোগ কৰিছিল। কিন্তু বর্তমান সময়ত কোনো ৰাজহুৱা অনুষ্ঠানত উপস্থিত থকাৰ বাবে তেওঁৰ মানসিক স্থিতি নথকাৰ বাবে কর্তৃপক্ষই জুবিনৰ ঘৰলৈকে আহি এই বিশেষ সন্মান প্রদান কৰে। গৰিমা গার্গে লগতে এই বুলিও কয় যে এয়া বৰ গৌৰৱৰ বিষয় আৰু জুবিনে এই সন্মান নিজে গ্রহণ কৰিব পৰা হ'লে সকলো অধিক সুখী হ'লহেঁতেন। ঘৰত আজি ফিল্মফেয়াৰ কর্তৃপক্ষই এই সন্মান প্রদান কৰাটো এজন শিল্পীৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মান, স্বীকৃতি বুলি অভিহিত কৰি গৰিমাই কয় যে জুবিন য'তে আছে তাৰ পৰাই হয়তো এই সন্মান আৰু স্বীকৃতি গ্রহণ কৰিছে। 

উল্লেখযোগ্য যে কালি গুৱাহাটীত ফিল্মফেয়াৰ (অসমীয়া) বঁটা ২০২৬ প্রদান অনুষ্ঠান অনুষ্ঠিত হৈছিল।

Share This