৫ জুলাইত বিষ্ণু-জ্যোতি কলা মন্দিৰত হ'ব গাম্ভীর্যপূর্ণ অনুষ্ঠান, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা এইবাৰৰ 'প্রাগ চিনে এৱাৰ্ডছ'

dainik janambhumi June 23, 2026

ডিজিটেল ডেস্ক : অসমীয়া চলচ্চিত্র জগতৰ বিকাশ, স্বীকৃতি আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম সর্ববৃহৎ সন্মান 'প্রাগ চিনে এৱাৰ্ডছ' প্ৰতিবছৰৰ দৰে এইবাৰো অহা ৫ জুলাইত গুৱাহাটীৰ খানাপাৰাত থকা জ্যোতি বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত অনুষ্ঠিত হ'ব। এইবাৰৰ 'প্রাগ চিনে এৱাৰ্ডছ ২০২৬' প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছে। অনুষ্ঠানত সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষ শ্রদ্ধাঞ্জলি জনোৱা হ'ব। 

'প্রাগ চিনে এৱাৰ্ডছ' অনুষ্ঠানত চিৰসেউজ শিল্পী দ্বীপেন বৰুৱা আৰু কাশ্মীৰী শইকীয়া বৰুৱাক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ'ব। বলিউডত প্রতিষ্ঠা লাভ কৰা অসমৰ সুযোগ্য সন্তান অনুৰাগ শইকীয়াক আগবঢ়োৱা হ'ব গ্ল'বেল আইকন বঁটা। আনহাতে অভিনেতা কমল লোচনক ইয়ং এচিভাৰ বঁটাৰে সন্মানিত কৰা হ'ব। ২০২৫ বৰ্ষত মুক্তি লাভ কৰা ২৫খন ছবিক অন্তর্ভুক্ত কৰি এইবাৰ 'প্রাগ চিনে এৱাৰ্ডছ' অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুঠ ৪১টা শিতানত এইবাৰ বঁটাৰ বাবে জুৰীৰ বিশেষ ব'র্ডে বঁটাপ্রাপকসকলক নির্বাচিত কৰিব। প্রতিযোগিতাত অন্তর্ভুক্ত ছবিসমূহৰ ভিতৰত ১৫খন অসমীয়া, এখনকৈ হিন্দী, বাংলা, মটক, তিৱা ভাষাৰ আৰু ৫খন খাছি আৰু ২খন মণিপুৰী ভাষাৰ ছবি আছে। আনহাতে এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছৰ মঞ্চত জুবিন গাৰ্গৰ সংগীত শিল্পীসকলে জন্ম দিয়া 'যন্ত্র' বেণ্ডৰ বিশেষ অনুষ্ঠানৰ লগতে জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনাই বলিউডৰ জনপ্রিয় শিল্পী চান আৰু মহালক্ষ্মীয়ে গীত পৰিৱেশন কৰিব। 

সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা বিশেষ অনুষ্ঠানৰ বাবে আগ্রহীসকলে প্রাগ টাৱাৰ, ৰেডিঅ'গপছপৰ পৰা বিনামূলীয়া প্ৰৱেশ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব। কালি উলুবাৰীৰ প্ৰাগ টাৱাৰত আয়োজন কৰা এখন সংবাদমেল সম্বোধন কৰি প্ৰাগ নিউজৰ অধ্যক্ষ ডাঃ অক্ষতা নাৰায়ণে এই কথা জানিবলৈ দিয়ে। সংবাদমেলতে 'প্রাগ চিনে এৱাৰ্ড-২০২৬ৰ ট্ৰফী আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। সংবাদমেলত ডাঃ অক্ষতা নাৰায়ণে কয়, 'বহু বছৰৰ পৰা আমি 'প্রাগ চিনে এৱাৰ্ডছ' আয়োজন কৰি আহিছোঁ। আমি কৈছিলোঁ যে এনেকুৱা এটা সময় আহিব, যেতিয়া আমি 'প্রাগ চিনে এৱাৰ্ডছ' কৰিম, বাহিৰৰ শিল্পীৰ ওপৰত আমি নিৰ্ভৰ কৰিব নালাগিব। আমাৰ শিল্পীৰেই আমি ষ্টেডিয়াম এটা ভৰ্তি কৰিব পাৰিম। সেই সপোনটোৰ মূল মানুহজনেই আজি আমাৰ মাজত নাই। জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ পাছত সৰ্বত্ৰ এতিয়া শোকৰ ছাঁ। জুবিন গাৰ্গৰ সৈতে প্রাগ পৰিয়ালৰ আছিল অতি ঘনিষ্ঠ সম্পর্ক। প্রাগ পৰিয়ালৰ বাবে জুবিন গাৰ্গ আছিল বন্ধু, অভিভাৱক। প্রাগ পৰিয়ালৰ প্ৰতিটো অনুষ্ঠানতেই জুবিন গাৰ্গৰ উপস্থিতি আৰু উপদেশে আমাক সাহস দিছিল। প্রাগ চিনে এৱাৰ্ডছৰ প্ৰতিটো অনুষ্ঠানেই জুবিন গাৰ্গৰ মায়াবী কণ্ঠত জীপাল হৈ পৰিছিল।' সেয়ে শিল্পীগৰাকীৰ অনুপস্থিতিৰ এই বেদনাদায়ক সময়ত সমাজ-সংস্কৃতি, সকলো ক্ষেত্রলৈকে অনন্য বৰঙনিৰে লুইতৰ দুয়োপাৰ উজলাই তোলা এইগৰাকী মহান শিল্পীৰ নামত এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছৰ অনুষ্ঠান উৎসৰ্গা কৰা বুলি ঘোষণা কৰি তেওঁ সকলোৰে প্রিয় শিল্পী জুবিন গাৰ্গলৈ এইবাৰৰ প্ৰাগ চিনে এৱাৰ্ডছ ২০২৬ৰ মঞ্চত বিশেষ শ্রদ্ধাঞ্জলি জনোৱা হ'ব বুলিও জানিবলৈ দিয়ে। 

অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট পৰিচালক ৰাজেশ ভূঞাই 'প্রাগ চিনে এৱাৰ্ডছ'ৰ লগত জুবিন গাৰ্গৰ সম্পৰ্কৰ কথা সোঁৱৰি কয় 'হয়তো সময় হোৱা নাছিল জুবিন গাৰ্গক ইমান সোনকালে বিদায় দিয়াৰ। সময় হোৱা নাছিল এতিয়াই তেওঁক শ্রদ্ধাঞ্জলি দিয়াৰ। সময়ক জুবিন গার্গে আটাইতকৈ ভয় কৰিছিল। সেই সময়ক আমিও লাহে লাহে ভয় কৰা হৈছোঁ। ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ পৰা আজিলৈকে এনেকুৱা এটা দিন যোৱা নাই, যিদিনা আমি তেওঁক স্মৰণ কৰা নাই। ইয়াৰ মাজতেই এতিয়া ২০২৬ত আকৌ আমি প্রাগ চিনে এৱাৰ্ডছ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। কাৰণ কিছুমান কাম আমি কৰি যাবই লাগিব। জুবিন গাৰ্গৰো অসমীয়া ছবিক লৈ বহুত সপোন আছিল। সেই ছবিসমূহক উৎসাহ দিবলৈকে আয়োজন কৰা হয় 'প্রাগ চিনে এৱাৰ্ডছ'।' আনহাতে জুবিন গার্গে দেখুৱাই যোৱা পথকে অনুসৰণ কৰি আমি আগবাঢ়ি যাবলৈ ওলাইছোঁ বুলি উল্লেখ কৰি 'প্রাগ চিনে এৱাৰ্ডছ' অনুষ্ঠানটো সুন্দৰভাৱে আয়োজন কৰাৰ ক্ষেত্ৰত সকলোৰে পৰা সহায়-সহযোগিতা কামনা কৰে। 

সংবাদমেলত উপস্থিত থাকি বিশিষ্ট শিল্পী মনীষা হাজৰিকাই জুবিন নৱপ্ৰজন্মৰ পথ প্ৰদৰ্শক আছিল বুলি মন্তব্য কৰে। জুবিন গাৰ্গ আমাৰ মাজত আছে, আছিল আৰু সদায় থাকিব বুলি উল্লেখ কৰি তেওঁৰ স্মৃতিত 'প্রাগ চিনে এৱাৰ্ডছ' অনুষ্ঠানটো সুন্দৰকৈ আয়োজন কৰিব পাৰিম বুলি আশা প্রকাশ কৰে। অনুষ্ঠানত উপস্থিত থাকি প্রাগ নিউজৰ পৰিচালন সঞ্চালক মেঘালী নাৰায়ণেও জুবিন গাৰ্গৰ সোঁৱৰণত আয়োজন কৰা 'প্রাগ চিনে এৱাৰ্ডছ ২০২৬'ৰ সফলতাৰ বাবে সকলোৰে সহায়, সহাযোগ কামনা কৰে। 

ইফালে 'প্রাগ চিনে এৱাৰ্ডছ'ৰ আয়োজনৰ লগত জন্মলগ্নৰে পৰা থকা জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈয়ে কয় যে, বছৰ হিচাপে প্রাগ চিনে এৱাৰ্ডছে ২৩ টা বছৰ অতিক্ৰম কৰিলে। এতিয়া ডাঃ অক্ষতা নাৰায়ণৰ নেতৃত্বত এই অনুষ্ঠানটোৱে এক বিশাল আৰু বিস্তৃত দিশত গতি কৰিছে। প্রাগ চিনে এৱাৰ্ডছ উত্তৰ পূব ভাৰতৰ এক বিশাল চলচ্চিত্র মহোৎসৱলৈ পৰিণত হৈছে। এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছ'ত জুবিন গাৰ্গক স্মৰণ কৰা হ'ব। এই অনুষ্ঠানৰ জয়যাত্রা অব্যাহত থাকক। ইফালে অনুষ্ঠানত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুৱে কোনোধৰণৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানেই জুবিন গাৰ্গৰ বাবে যথেষ্ট নহয় বুলি উল্লেখ কৰি কয়, 'জুবিন গাৰ্গৰ ব্যক্তিত্ব, বৰঙনি আৰু তেওঁৰ যি মহান আত্মা, সেই আত্মাৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন জাতিৰ বাবে কেতিয়াও সম্ভৱ নহ'ব। তৎসত্ত্বেও সকলো ঠাইতে, সকলো অন্তৰে তেওঁক প্রতি মুহূৰ্ততে শ্রদ্ধাঞ্জলি জনাই আছে। প্রাগ চিনে এৱাৰ্ডছো এইবাৰ ব্যতিক্ৰম নহ'ল। প্রাগ চিনে এৱাৰ্ডছ আয়োজন কৰিবলৈ গৈ আয়োজকসকলৰ একেবাৰে মন মৰা অৱস্থা হৈছিল। অৱশেষত কিছু সমাধান ওলাল। প্রাগ নিউজৰ অধ্যক্ষ ডাঃ অক্ষতা নাৰায়ণে কিছু ধাৰণা দিলে আৰু তেওঁৰ নেতৃত্বতেই এই অনুষ্ঠানটো অগ্ৰসৰ হ'ল আৰু অৱশেষত পূর্ণতা প্রাপ্তিৰ পথত আগবাঢ়িছে। তেওঁ অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাৰ বাবে সকলোৰে সহাযোগিতা কামনা কৰে। 

উল্লেখযোগ্য যে প্রাগ নিউজৰ কার্যবাহী সম্পাদক দেৱজিত ভূঞাই আঁত ধৰা অনুষ্ঠানটোত 'দৈনিক জনমভূমি' কাকতৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, প্রাগ চিনে এৱাৰ্ডছৰ লগত ওতপ্রোতভাৱে জড়িত ৰাজেশ শর্মা, প্রাগ নিউজৰ মহাপ্ৰৱন্ধক চন্দ্ৰশেখৰ শৰ্মাৰ লগতে কেইবাগৰাকীও অভিনেতা, অভিনেত্রী আৰু প্রাগ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে।

Share This