ডিজিটেল ডেস্ক: গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি বিষুও প্রেক্ষাগৃহত আজি অনুষ্ঠিত হ'ব অসমীয়া চলচ্চিত্র জগতৰ বিকাশ, স্বীকৃতি আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম সর্ববৃহৎ অনুষ্ঠান 'প্রাগ চিনে এৱাৰ্ডছ-২০২৬'। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা এইবাৰৰ 'প্রাগ চিনে এৱাৰ্ডছ'ত সকলোৰে মৰমৰ শিল্পীগৰাকীলৈ বিশেষ শ্রদ্ধাঞ্জলি জনোৱা হ'ব।
'প্রাগ চিনে এৱাৰ্ডছ' অনুষ্ঠানত চিৰসেউজ শিল্পী দ্বীপেন বৰুৱা আৰু কাশ্মীৰী শইকীয়া বৰুৱাক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ'ব। বলিউডত প্রতিষ্ঠা লাভ কৰা অসমৰ সুযোগ্য সন্তান অনুৰাগ শইকীয়াক আগবঢ়োৱা হ'ব গ্ল'বেল আইকন বঁটা। আনহাতে, অভিনেতা কমল লোচনক ইয়ং এচিভাৰ বঁটাৰে সন্মানিত কৰা হ'ব। ২০২৫ বর্ষত মুক্তিলাভ কৰা ২৫খন ছবিক অন্তর্ভুক্ত কৰি আয়োজন কৰা এইবাৰ 'প্রাগ চিনে এৱাৰ্ডছ' অনুষ্ঠানত মুঠ ৪১টা শিতানৰ বঁটাৰ বাবে জুৰিৰ বিশেষ ব'র্ডে নির্বাচন কৰি উলিওৱা বঁটাপ্ৰাপকসকলক বঁটা প্রদান কৰা হ'ব।
প্রতিযোগিতাত অন্তর্ভুক্ত ছবিসমূহৰ ভিতৰত ১৫খন অসমীয়া, এখনকৈ হিন্দী, বাংলা, মটক, তিৱা ভাষাৰ আৰু ৫খন খাচি আৰু ২খন মণিপুৰী ভাষাৰ ছবি আছে। আনহাতে, প্রাগ চিনে এৱাৰ্ডছৰ মঞ্চত জুবিন গাৰ্গৰ সহঃ সংগীত শিল্পীসকলে জন্ম দিয়া 'যন্ত্র' বেণ্ডৰ বিশেষ অনুষ্ঠানৰ লগতে জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনাই বলিউডৰ জনপ্রিয় শিল্পী ছান আৰু মহালক্ষ্মীয়ে গীত পৰিৱেশন কৰিব। সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ'ব এই বিশেষ অনুষ্ঠান।
উল্লেখযোগ্য যে আজি অনুষ্ঠিত হ'বলগীয়া এই বিশেষ অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ কালি গুৱাহাটীত আহি উপস্থিত হয় বলিউডৰ জনপ্রিয় কণ্ঠশিল্পী ছান আৰু মহালক্ষ্মী আয়াৰ। দুয়োগৰাকী বলিউড তাৰকাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ তেওঁলোকৰ গীতেৰে শ্ৰদ্ধাঞ্জলি জনাব। গুৱাহাটীত উপস্থিত হৈয়েই কণ্ঠশিল্পী ছানে জুবিন গাৰ্গৰ 'মায়াবিনী' গীতটি গুণগুণাই শিল্পীগৰাকীক স্মৰণ কৰে।